কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ পুনৰ বৃদ্ধি পাব পাৰে আইনী সমস্যা। আয়ৰ তুলনাত অধিক সম্পত্তি আহৰণ কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা গোচৰটোক লৈ পুনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI আৰু এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটৰ তদন্তৰ বিষয়টোৱে বিশেষভাৱে গুৰুত্ব লাভ কৰিছে।
উল্লেখ্য যে, কৰ্ণাটকৰ বিজেপি কৰ্মী এছ বিঘ্নেশ শিশিৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছিল। অভিযোগকাৰীৰ দাবী অনুসৰি, ৰাহুল গান্ধীয়ে তেওঁৰ জ্ঞাত আয়ৰ উৎসৰ তুলনাত বহু বেছি সম্পত্তি আহৰণ কৰিছে। এই অভিযোগৰ ভিত্তিত চিবিআই আৰু ইডিৰ দ্বাৰা তদন্তৰ দাবী জনোৱা হৈছিল। অৱশ্যে, এই অভিযোগসমূহ এতিয়ালৈকে আদালতত প্ৰমাণিত হোৱা নাই।
কৰ্ণাটকৰ বিজেপি কৰ্মী এছ বিঘ্নেশ শিশিৰে দাখিল কৰা অভিযোগৰ পৰাই এই গোচৰৰ আৰম্ভণি হৈছিল। অভিযোগকাৰীৰ মতে, ৰাহুল গান্ধীৰ ঘোষিত আয় আৰু তেওঁৰ সম্পত্তিৰ মাজত সামঞ্জস্য নাই। অভিযোগত আনকি ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালে বিদেশ ভ্ৰমণৰ বাবদ প্ৰায় ৬০ কোটি টকা ব্যয় কৰাৰ কথাও উল্লেখ কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁলোকে মুঠ ৫৪বাৰ বিদেশ ভ্ৰমণ কৰিছিল আৰু এই ব্যয়ৰ পৰিমাণ তেওঁলোকৰ জ্ঞাত আয়ৰ উৎসৰ তুলনাত অধিক। ইয়াৰ উপৰি ৰাহুল গান্ধীৰ নামত থকা কিছুমান ব্যৱসায়িক বিনিয়োগ আৰু সম্পত্তিৰ উৎসক লৈও প্ৰশ্ন উত্থাপন কৰিছে অভিযোগকাৰীয়ে। অৱশ্যে, এই সকলোবোৰ অভিযোগহে আৰু এই সন্দৰ্ভত আদালতৰ চূড়ান্ত সিদ্ধান্ত এতিয়াও অহা নাই।
এলাহাবাদ উচ্চ ন্যায়ালয়ে কি নিৰ্দেশ দিছিল?
এই গোচৰটোৱে গুৰুত্ব লাভ কৰে যেতিয়া ১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে অভিযোগসমূহৰ আইনী প্ৰক্ৰিয়া অনুসৰি তদন্ত কৰাৰ বিষয়টো বিবেচনা কৰে। আদালতে এই সন্দৰ্ভত চিবিআই আৰু ইডিৰ পৰা তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তথ্য বিচাৰিছিল। পৰৱৰ্তী সময়ত ২০ জুলাইত চিবিআইয়ে দাখিল কৰা উত্তৰত সন্তুষ্ট নহৈ উচ্চ ন্যায়ালয়ে তদন্তৰ অগ্ৰগতিৰ বিষয়ে নতুনকৈ শপতনামা দাখিল কৰিবলৈ সংস্থাটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াক নিৰ্দেশ দিছিল।
উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধী
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধী। তেওঁৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে আদালতত যুক্তি দৰ্শাইছিল। ৰাহুল গান্ধীৰ পক্ষৰ যুক্তি আছিল যে, তেওঁৰ বক্তব্য শুনাৰ সুযোগ নিদিয়াকৈয়ে উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছিল। ইয়াৰ লগতে অভিযোগকাৰীয়ে এই গোচৰ দাখিল কৰাৰ অধিকাৰ আৰু উচ্চ ন্যায়ালয়ৰ গ্ৰহণ কৰা প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছিল।
১৭ আগষ্টত উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ দিছিল?
বিগত ১৭ আগষ্টত মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাহুল গান্ধীৰ আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিছিল। এই বিচাৰপীঠত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাও আছিল। সেই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে অভিযোগকাৰী এছ. বিঘ্নেশ শিশিৰকে ধৰি সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছিল। লগতে এক অন্তৱৰ্তীকালীন নিৰ্দেশৰ জৰিয়তে চিবিআই, ইডি অথবা আন কোনো তদন্তকাৰী সংস্থাক এলাহাবাদ উচ্চ ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল নকৰিবলৈ নিৰ্দেশ দিছিল। ফলত উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে তদন্তকাৰী সংস্থাসমূহে উচ্চ ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব পৰা নাছিল। একেদৰে উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী কাৰ্যক্ৰমৰ ক্ষেত্ৰতো স্থগিতাদেশ বাহাল আছিল।
কি হ’ব ৰাহুল গান্ধীৰ ভৱিষ্যৎ?
এই গোচৰত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন নিৰ্দেশে ৰাহুল গান্ধীক সাময়িক সকাহ প্ৰদান কৰিছিল। ২১ ছেপ্টেম্বৰত অনুষ্ঠিত শুনানিতো সংশ্লিষ্ট পক্ষসমূহক নিজৰ উত্তৰ দাখিল কৰিবলৈ তিনি সপ্তাহৰ সময় দিয়া হৈছিল। কিন্তু এতিয়া গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। সেয়ে আগন্তুক শুনানি ৰাহুল গান্ধীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















