• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

3 minutes ago
কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

1 hour ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

1 hour ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

3 hours ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

3 hours ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

3 hours ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

3 hours ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

4 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

5 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

6 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

18 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

19 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

নিয়ম সলনিৰ কি সুবিধা লাভ কৰিলে জেনিফাৰে?

editor by editor
November 25, 2026
in জীৱনশৈলী, ফেশ্বন, বিশ্ব
0
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী বিৱাহিত মহিলাই মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিব পাৰেনে? পূৰ্বতে এই প্ৰশ্নৰ উত্তৰ হয়তো হ’লহেঁতেন ‘নোৱাৰে’। কাৰণ, মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হ’লে প্ৰতিযোগীগৰাকী অবিৱাহিত হোৱাৰ লগতে সন্তান নথকাটোও বাধ্যতামূলক আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই নিয়মৰো পৰিৱৰ্তন ঘটিছে। এতিয়া বিৱাহিত মহিলা, আনকি সন্তানৰ মাতৃয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।

২০২৬ চনৰ ২৪ নৱেম্বৰত প’ৰ্ট’ ৰিকোৰ ছান জুয়ানত অনুষ্ঠিত হোৱা ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত জয়লাভ কৰি প’ৰ্ট’ ৰিকোৰ জেনিফাৰ বাৰেটোৱে এক নতুন ইতিহাস ৰচনা কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছৰ মুকুট লাভ কৰা প্ৰথমগৰাকী বিৱাহিত মহিলা আৰু মাতৃ হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই সফলতাই পুনৰ এবাৰ চৰ্চালৈ আনিছে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ সলনি হোৱা নিয়মসমূহ।

মিছ ইউনিভাৰ্ছৰ পুৰণি নিয়ম কি আছিল?

১৯৫২ চনত আমেৰিকাৰ লং বীচত আৰম্ভ হৈছিল মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ প্ৰথমগৰাকী বিজয়ী আছিল ফিনলেণ্ডৰ আৰ্মি কুউচেলা। সেই সময়ৰ পৰা বহু দশক ধৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ ক্ষেত্ৰত কিছুমান কঠোৰ নিয়ম মানি চলিবলগীয়া হৈছিল। নিয়ম অনুসৰি, প্ৰতিযোগীসকল অবিৱাহিত হ’ব লাগিছিল। কেৱল সেয়াই নহয়, মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰাৰ পিছতো বিজয়ীগৰাকীয়ে নিজৰ কাৰ্যকালত বিৱাহপাশত আবদ্ধ হ’ব নোৱাৰিছিল। গৰ্ভৱতী মহিলাসকলকো প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়া হোৱা নাছিল। ইয়াৰ উপৰি ১৮ৰ পৰা ২৮ বছৰ বয়সৰ মহিলাসকলেহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিছিল। অৰ্থাৎ বিৱাহিত মহিলা, মাতৃ আৰু ২৮ বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলৰ বাবে এই প্ৰতিযোগিতাৰ দুৱাৰ বন্ধ আছিল।

২০২২ত সলনি হ’ল মিছ ইউনিভাৰ্ছৰ নিয়ম

প্ৰায় সাত দশক ধৰি চলি অহা এই পৰম্পৰাৰ অৱসান ঘটিল ২০২২ চনত। সেই বছৰৰ আগষ্টত মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে প্ৰতিযোগিতাৰ নিয়মত বৃহৎ পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰে। নতুন নিয়ম অনুসৰি, বিৱাহিত মহিলা, সন্তানৰ মাতৃ আৰু গৰ্ভৱতী মহিলাসকলেও মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ২০২৩ চনৰ ৭২সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ পৰাই এই নতুন নিয়ম কাৰ্যকৰী কৰা হয়। আয়োজকসকলৰ মতে, এগৰাকী মহিলাৰ ব্যক্তিগত জীৱন, বিৱাহ বা মাতৃত্বই তেওঁৰ প্ৰতিভা আৰু সফলতাৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব নালাগে। মহিলাসকলে নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই লোৱাৰ অধিকাৰ থকা উচিত। সেই চিন্তাধাৰাৰ আধাৰতে এই পৰিৱৰ্তন কৰা হৈছিল।

এই সিদ্ধান্তক আদৰণি জনাইছিল ২০২০ চনৰ মিছ ইউনিভাৰ্ছ বিজয়ী মেক্সিকোৰ আন্দ্ৰেয়া মেজাই। তেওঁৰ মতে, পুৰণি নিয়মসমূহ মহিলাৰ বাবে বৈষম্যমূলক আছিল। বিৱাহ বা সন্তান থকাৰ বাবে বহু প্ৰতিভাশালী মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ হেৰুৱাবলগীয়া হৈছিল। কেৱল বিৱাহ আৰু মাতৃত্বৰ ক্ষেত্ৰতেই নহয়, প্ৰতিযোগিতাৰ বয়সৰ নিয়মতো পৰিৱৰ্তন অনা হয়। ২০২৩ চনৰ ছেপ্টেম্বৰত মিছ ইউনিভাৰ্ছ কৰ্তৃপক্ষই প্ৰতিযোগিতাৰ সৰ্বোচ্চ বয়সৰ সীমা আঁতৰাই দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত ২০২৪ চনৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। অৰ্থাৎ পূৰ্বৰ ২৮ বছৰৰ বয়সৰ সীমা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হয়। এতিয়া এগৰাকী মহিলাৰ বয়স ২৮ বছৰৰ অধিক হ’লেও তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। বৰ্তমান প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰাৰ্থীগৰাকীৰ বয়স কমেও ১৮ বছৰ হ’ব লাগিব আৰু তেওঁ নিজৰ দেশৰ মিছ ইউনিভাৰ্ছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ী হ’ব লাগিব। বৈৱাহিক অৱস্থা বা সন্তান থকাটো এতিয়া বাধা নহয়।

বৃদ্ধি পাইছে মাতৃ, বিৱাহিত মহিলাৰ অংশগ্ৰহণ

নিয়মৰ এই পৰিৱৰ্তনৰ পিছৰে পৰা মিছ ইউনিভাৰ্ছৰ মঞ্চত বিৱাহিত মহিলা আৰু সন্তানৰ মাতৃসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। কলম্বিয়াৰ কেমিলা এভেলাই বিৱাহিত আৰু সন্তানৰ মাতৃ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শীৰ্ষ পাঁচগৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল। আনহাতে, ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প’ৰ্ট’ ৰিকোৰ জেনিফাৰ কলনে বিশেষ চৰ্চা লাভ কৰিছিল। ৩৬ বছৰীয়া জেনিফাৰ আছিল তিনিটা সন্তানৰ মাতৃ। তেওঁ ২৮ বছৰৰ ঊৰ্ধ্বৰ প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰতিযোগিতাৰ শীৰ্ষ ১২গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল। এই সফলতাসমূহে প্ৰমাণ কৰিছে যে মিছ ইউনিভাৰ্ছৰ মঞ্চত এতিয়া কেৱল অবিৱাহিত যুৱতীয়েই নহয়, জীৱনৰ বিভিন্ন দায়িত্ব পালন কৰা মহিলাসকলেও নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে।

এইবাৰৰ মিছ ইউনিভাৰ্ছ জেনিফাৰ বাৰেটো

প’ৰ্ট’ ৰিকোৰ মায়াগুৱেজত ১৯৯৮ চনৰ ১৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল জেনিফাৰ বাৰেটোৱে। ২৭ বছৰীয়া জেনিফাৰে ২০২৬ চনৰ ২৫ জুনত ছান চেবাষ্টিয়ানক প্ৰতিনিধিত্ব কৰি মিছ ইউনিভাৰ্ছ প’ৰ্ট’ ৰিকোৰ খিতাপ অৰ্জন কৰিছিল। এগৰাকী মডেল আৰু সমাজকৰ্মী হিচাপে পৰিচিত জেনিফাৰৰ স্বামী হৈছে আমেৰিকান সেনাৰ চাৰ্জেণ্ট য়ান কাৰ্লোছ বাৰেটো কেলডেৰন। ২০১৯ চনত তেওঁলোকৰ কন্যা সন্তান পেনেলোপৰ জন্ম হৈছিল। ২০২৬ চনৰ ২৪ নৱেম্বৰত ছান জুয়ানত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছৰ ৭৫সংখ্যক প্ৰতিযোগিতাত ১১৬গৰাকী প্ৰতিযোগীক পিছ পেলাই তেওঁ বিজয়ীৰ মুকুট অৰ্জন কৰে। ২০২৫ চনৰ বিজয়ী মেক্সিকোৰ ফাতিমাৰ পিছত তেওঁ এই খিতাপ লাভ কৰে।

উল্লেখযোগ্য যে এয়া প’ৰ্ট’ ৰিকোৰ ষষ্ঠটো মিছ ইউনিভাৰ্ছ খিতাপ। ইয়াৰ পূৰ্বে ২০০৬ চনত জুলেকা ৰিভেৰাই প’ৰ্ট’ ৰিকোৰ হৈ এই খিতাপ অৰ্জন কৰিছিল। প্ৰায় ২০ বছৰৰ পিছত পুনৰ নিজৰ দেশৰ মাটিত এই সাফল্য লাভ কৰাটো প’ৰ্ট’ ৰিকোৰ বাবে বিশেষ গৌৰৱৰ বিষয়।

মিছ ইউনিভাৰ্ছৰ নিয়মৰ এই পৰিৱৰ্তনে কি বুজায়?

মিছ ইউনিভাৰ্ছৰ নিয়মৰ এই পৰিৱৰ্তনে সৌন্দৰ্য প্ৰতিযোগিতাখনৰ পুৰণি ধাৰণাত এক নতুন চিন্তাৰ সংযোজন ঘটাইছে। পূৰ্বতে এগৰাকী মহিলাৰ বৈৱাহিক অৱস্থা আৰু মাতৃত্বক প্ৰতিযোগিতাত অংশগ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চৰ্ত হিচাপে বিবেচনা কৰা হৈছিল। কিন্তু এতিয়া সেই ধাৰণা সলনি হৈছে। এগৰাকী মহিলা বিৱাহিত হ’লেও, সন্তানৰ মাতৃ হ’লেও বা ২৮ বছৰৰ ঊৰ্ধ্বৰ হ’লেও নিজৰ প্ৰতিভা, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ জৰিয়তে বিশ্বৰ সন্মুখত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।

জেনিফাৰ বাৰেটোৰ এই জয়ে সেই চিন্তাধাৰাকেই পুনৰ প্ৰতিফলিত কৰিছে। মিছ ইউনিভাৰ্ছৰ মুকুট এতিয়া কেৱল সৌন্দৰ্যৰ প্ৰতীক হৈ থকা নাই, বৰং মহিলাৰ আত্মবিশ্বাস, স্বাধীনতা আৰু নিজৰ সপোন পূৰণৰ অধিকাৰৰো এক প্ৰতীক হিচাপে চৰ্চিত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Miss Universe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী
জীৱনশৈলী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

November 25, 2026
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

November 25, 2026
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!
জীৱনশৈলী

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

November 25, 2026
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ
বিনোদন

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

November 24, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.