জ্যোতিষশাস্ত্ৰত ৰাহু আৰু কেতুক ছায়া গ্ৰহ হিচাপে গণ্য কৰা হয়। এই দুয়োটা গ্ৰহৰ অৱস্থান আৰু ৰাশিৰ পৰিৱৰ্তনক জ্যোতিষৰ দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। বিশ্বাস অনুসৰি, ৰাহু আৰু কেতুৱে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন, প্ৰত্যাহ্বান আৰু নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে, ৰাহু উচ্চাকাংক্ষা, ইচ্ছা, ধন-সম্পত্তি, বস্তুগত সুখ-সুবিধা আৰু হঠাৎ হোৱা পৰিৱৰ্তনৰ প্ৰতীক। আনহাতে, কেতুক আধ্যাত্মিকতা, আত্মনিৰীক্ষণ আৰু পূৰ্বজন্মৰ কৰ্মফলৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। ৰাহু আৰু কেতু সদায় ইটোৱে সিটোৰ পৰা সপ্তম স্থানত অৱস্থান কৰে।
আজি বিয়লি ৪ বাজি ৩৪ মিনিটত হ’বলগীয়া ৰাহু-কেতুৰ এই বিশেষ ট্ৰেনজিটক লৈ জ্যোতিষশাস্ত্ৰত বিশেষ চৰ্চা চলিছে। জ্যোতিষীৰ মতে, এই পৰিৱৰ্তনৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰত বেলেগ বেলেগ হ’ব পাৰে। কিছুমান ৰাশিৰ বাবে এই সময়ছোৱা নতুন সুযোগ আৰু সফলতাৰ বতৰা কঢ়িয়াই আনিব পাৰে। আনহাতে, কেইটামান ৰাশিৰ লোকে নিজৰ কৰ্ম, ধন-সম্পত্তি আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব।
তেন্তে ৰাহু-কেতুৰ এই ট্ৰেনজিটে কোনবোৰ ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে আৰু কোনবোৰ ৰাশিৰ লোকে সাৱধান হ’ব লাগিব? জানো আহক।
এই ৪টা ৰাশিৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে ৰাহু-কেতুৰ ট্ৰেনজিট
১. মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ছোৱা কিছু প্ৰত্যাহ্বানমূলক হ’ব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত অধিক সাৱধান হোৱাৰ প্ৰয়োজন হ’ব। নিজৰ কাম-কাজ আৰু দায়িত্বৰ প্ৰতি অৱহেলা নকৰিব। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা-চৰ্চা কৰাটো আপোনাৰ বাবে লাভজনক হ’ব।
২. কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে। সৰু সৰু কথাক লৈ অধিক চিন্তা কৰাৰ ফলত মনত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা হ’ব পাৰে। সেয়েহে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ধৈৰ্য ধৰাৰ লগতে আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল’ব।
৩. ধনু ৰাশি
ধনু ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ছোৱাত নিজৰ আৰ্থিক বিষয়বোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত মাহিলি বাজেটত প্ৰভাৱ পৰিব পাৰে। সেয়েহে উপাৰ্জন আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। লগতে কোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিবেচনা কৰক।
৪. তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ লগতে কামৰ চাপো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত মানসিক ভাগৰ আৰু অস্থিৰতা অনুভৱ কৰিব পাৰে। এই সময়ছোৱাত অপ্ৰয়োজনীয় আৰ্থিক বিপদ লোৱাৰ পৰা আঁতৰি থাকক। ধৈৰ্য আৰু পৰিকল্পনাৰে কাম কৰিলে সমস্যাৰ পৰা হাত সাৰিব পাৰিব।
ৰাহু-কেতুৰ ট্ৰেনজিটে ভাগ্য সলনি কৰিব পাৰে এই ৪টা ৰাশিৰ
১. মেষ ৰাশি
মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই ট্ৰেনজিটে ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে। বিশেষকৈ কৰ্মজীৱনত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি কৰি অহা কোনো কামত সফলতা লাভ কৰিব পাৰে। নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতো সময়ছোৱা সহায়ক হ’ব পাৰে।
২. বৃষ ৰাশি
বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা কিছু পৰিমাণে শুভ হ’ব পাৰে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকাসকলে এই দিশত ইতিবাচক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা উন্নত কৰাৰ লগতে ভৱিষ্যতৰ বাবেও নতুন পৰিকল্পনা কৰিব পাৰিব।
৩. বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ৰাহু-কেতুৰ ট্ৰেনজিটে নতুন আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব পাৰিব। বিশেষকৈ চাকৰি বিচাৰি থকা লোকসকলে কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।
৪. মীন ৰাশি
মীন ৰাশিৰ লোকসকলৰ বাবেও এই ট্ৰেনজিট ইতিবাচক হ’ব পাৰে। দীৰ্ঘদিন ধৰি থমকি ৰোৱা কামবোৰ পুনৰ আগবাঢ়িব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিনৰ পৰা এটা ভাল সুযোগৰ অপেক্ষাত থকা লোকসকলৰ অপেক্ষাৰ অন্ত পৰিব পাৰে। নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে সফলতাৰ দিশে আগবাঢ়িব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















