ৰাজস্থানৰ বিখ্যাত পুষ্কৰ মেলাত এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ‘পিংকি’ নামৰ এটা ম’হ। মাত্ৰ ২ ফুট উচ্চতাৰ এই বিশেষ ম’হটোক চাবলৈ মেলাত ভিৰ কৰিছে অসংখ্য লোকে। সাধাৰণতে পুষ্কৰ মেলাত ডাঙৰ ডাঙৰ ঘোঁৰা, উট আৰু বিশাল আকৃতিৰ ম’হৰ সমাগম দেখা যায়। কিন্তু এইবাৰ সকলোকে আচৰিত কৰি তুলিছে ক্ষুদ্ৰ আকৃতিৰ পিংকিয়ে। আটাইতকৈ আচৰিত কথাটো হ’ল, পিংকিৰ মালিকে ম’হটোৰ মূল্য ১ কোটি টকা বুলি নিৰ্ধাৰণ কৰিছে। অৱশ্যে এই মূল্য মালিকৰ নিজৰ দাবীহে। এতিয়ালৈকে কোনো ক্ৰেতাই এই মূল্যত পিংকিক ক্ৰয় কৰিবলৈ আগবাঢ়ি অহা নাই।
কিয় ইমান দাম পিংকিৰ?
তথ্য অনুসৰি, পিংকিৰ মালিকৰ মতে এই ম’হটো যথেষ্ট বিৰল। মাত্ৰ ২ ফুট উচ্চতাৰ পিংকিৰ সৰু আকৃতি, শান্ত স্বভাৱ আৰু ব্যতিক্ৰমী চেহেৰাই তাইক আন জীৱ-জন্তুৰ পৰা পৃথক কৰি তুলিছে। এই বিশেষ বৈশিষ্ট্যসমূহৰ বাবেই মালিকে পিংকিৰ মূল্য ১ কোটি টকা নিৰ্ধাৰণ কৰিছে। পিংকিৰ বিষয়ে জানিব পাৰি মেলালৈ অহা বহু লোকেই ম’হটিক ওচৰৰ পৰা চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
পিংকিক চাবলৈ মানুহৰ ভিৰ
মহাৰাষ্ট্ৰৰ থানেৰ পৰা অহা ৫ বছৰীয়া পিংকিক দেখি আচৰিত হৈছে মেলালৈ অহা দৰ্শকসকল। বহুতৰে মতে, তেওঁলোকে জীৱনত ইমান সৰু আকৃতিৰ ম’হ কেতিয়াও দেখা নাই। কেৱল মেলাতেই নহয়, ছ’চিয়েল মিডিয়াতো পিংকিৰ ভিডিঅ’ই যথেষ্ট চৰ্চা লাভ কৰিছে। কোনো কোনোৱে পিংকিক ‘সৰু দেৱদূত’ বুলি অভিহিত কৰিছে, আনহাতে বহুতেই পিংকিক এইবাৰৰ পুষ্কৰ মেলাৰ তাৰকা বুলি কৈছে।
পুষ্কৰ মেলাত কি কি জীৱ-জন্তুৰ সমাগম?
ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত হোৱা পুষ্কৰ মেলা বিশ্বৰ অন্যতম বৃহৎ পশু মেলা হিচাপে পৰিচিত। প্ৰতি বছৰে দেশ-বিদেশৰ পৰা বহু লোক এই মেলালৈ আহে। এইবাৰো মেলাত ৭ হাজাৰৰো অধিক জীৱ-জন্তুৰ সমাগম ঘটিছে। পিংকিৰ উপৰি আন কেইবাটাও ব্যতিক্ৰমী জীৱ-জন্তুৱেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল—
– গোল্ডেন কিং নামৰ ঘোঁৰা: ৫ বছৰীয়া মাৰোৱাৰী জাতৰ এই ঘোঁৰাটোৰ মূল্য প্ৰায় ৩০ কোটি টকা বুলি চৰ্চা হৈছে। চেম্পিয়ন ৰঙৰ এই ঘোঁৰাটোৱেও মেলাত বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে।
– দেৱা নামৰ ম’হ: প্ৰায় ৭৫০ কেজি ওজনৰ এই মূৰা জাতৰ ম’হটোৰ মূল্য ১১ৰ পৰা ১৫ লাখ টকা বুলি জানিব পৰা গৈছে।
– ৰুদ্ৰ নামৰ ম’হ: বটলৰ পৰা ৰস খোৱাৰ বিশেষ অভ্যাসৰ বাবে ৰুদ্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ মূল্য প্ৰায় ৬৫ লাখ টকা বুলি জানিব পৰা গৈছে।
– পুংগানুৰ গৰু: এই বিশেষ জাতৰ গৰুৰ উচ্চতা মাত্ৰ ২.৫ ফুট। আনকি ইয়াৰ পোৱালিবোৰৰ উচ্চতাও প্ৰায় ১৫ ইঞ্চিহে।
পিংকিয়েই নেকি আটাইতকৈ সৰু ম’হ?
পিংকিৰ আগতেও মহাৰাষ্ট্ৰৰ ৰাধা নামৰ এটা ম’হে যথেষ্ট চৰ্চা লাভ কৰিছিল। ৰাধাৰ উচ্চতা আছিল ২ ফুট ৮ ইঞ্চি আৰু এই ম’হজনীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছতো স্থান লাভ কৰিছিল বুলি জানিব পৰা যায়। কিন্তু পিংকিৰ উচ্চতা ৰাধাতকৈও কম বুলি দাবী কৰা হৈছে। সেইবাবেই পিংকিক লৈ এতিয়া নতুনকৈ চৰ্চা আৰম্ভ হৈছে। মাত্ৰ ২ ফুট উচ্চতাৰ পিংকিয়ে এইবাৰ পুষ্কৰ মেলাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এনেদৰেই বিশাল আকৃতিৰ জীৱ-জন্তুৰ মাজত নিজৰ ক্ষুদ্ৰ আকৃতিৰে বিশেষ পৰিচয় লাভ কৰিছে পিংকিয়ে। ১ কোটি টকাৰ মূল্যৰ এই ম’হজনীক লৈ এতিয়া পুষ্কৰ মেলাৰ লগতে ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















