• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

1 minute ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

29 minutes ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

1 hour ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

2 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

3 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

15 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

16 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

16 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

17 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

18 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

18 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

19 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

স্বাস্থ্যৰ অৱস্থা অনুসৰিহে ক্ৰয় কৰিব পাৰিব সুৰা!

editor by editor
November 25, 2026
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুৰা সেৱনৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যা আৰু বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। এতিয়াৰে পৰা ৰাজ্যখনৰ সাগৰ জিলাত সুৰা ক্ৰয় কৰিবলৈ যোৱা লোকসকলে সুৰা কিনাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰাব লাগিব। এই উদ্দেশ্যে সুৰাৰ বিপণিৰ বাহিৰতে স্বাস্থ্য বিভাগৰ চিকিৎসকৰ এটা দল নিয়োজিত কৰা হৈছে। দেশত প্ৰথমবাৰৰ বাবে সুৰা ক্ৰয়ৰ সৈতে এনেদৰে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা সংযোগ কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, সাগৰ জিলাৰ সুৰাৰ বিপণিৰ বাহিৰত চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত থাকিব। সুৰা ক্ৰয় কৰিবলৈ অহা প্ৰতিজন ব্যক্তিৰ স্বাস্থ্যৰ প্ৰাথমিক পৰীক্ষা কৰা হ’ব। কেৱল সেয়াই নহয়, ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি প্ৰয়োজনীয় পৰীক্ষাৰ ব্যৱস্থাও কৰা হ’ব। বিশেষকৈ লিভাৰ আৰু কিডনীৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে সুৰা সেৱনৰ ফলত সৃষ্টি হোৱা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা চিনাক্ত কৰা আৰু বিষাক্ত সুৰাৰ ব্যৱহাৰৰ ফলত হ’ব পৰা বিপদ ৰোধ কৰা। উল্লেখ্য যে, বিষাক্ত সুৰা সেৱনৰ ফলত সাগৰ জিলাত পূৰ্বে ২০জন লোকৰ মৃত্যু হৈছিল। এই শোকাৱহ ঘটনাৰ পিছতে প্ৰশাসনে সুৰা সেৱন আৰু ইয়াৰ সৈতে জড়িত বিপদৰ বিষয়টো অধিক গুৰুত্বসহকাৰে বিবেচনা কৰিছে।

সুৰা ক্ৰয় কৰা লোকৰ নামো থাকিব তালিকাত

এই নতুন ব্যৱস্থাৰ অধীনত সুৰা ক্ৰয় কৰিবলৈ অহা লোকসকলৰ নামৰ তালিকাও প্ৰস্তুত কৰা হ’ব। কোনে কিমান নিয়মীয়াকৈ সুৰা ক্ৰয় কৰে, সেই বিষয়টোও নজৰত ৰখা হ’ব। বিশেষকৈ নিয়মীয়াকৈ সুৰা ক্ৰয় কৰা লোকসকলৰ এখন পৃথক তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে নজৰ ৰখাৰ পৰিকল্পনা কৰা হৈছে।

নিয়মীয়া গ্ৰাহকসকলৰ ক্ষেত্ৰত পৃথকভাৱে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে কোনো ব্যক্তি দীৰ্ঘদিন ধৰি অত্যধিক সুৰা সেৱনৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভুগিছে নেকি, সেই বিষয়ে জানিব পৰা যাব। বিশেষকৈ লিভাৰ আৰু কিডনীৰ ক্ষতিৰ আশংকা থকা লোকসকলক চিনাক্ত কৰি প্ৰয়োজনীয় চিকিৎসা আৰু পৰামৰ্শ প্ৰদান কৰাত গুৰুত্ব দিয়া হ’ব।

বিষাক্ত সুৰাৰ ঘটনা ৰোধ কৰাই মূল লক্ষ্য

উল্লেখ্য যে, বিষাক্ত সুৰা সেৱনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে বহু লোকৰ মৃত্যু হোৱা দেখা যায়। সাগৰ জিলাতো এনে ঘটনাত ২০জন লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰশাসনৰ সন্মুখত এই সমস্যা ৰোধ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। সুৰা সেৱনৰ ফলত কেৱল মৃত্যুৰ আশংকাই নহয়, দীৰ্ঘদিন ধৰি সুৰা সেৱন কৰিলে যকৃত, বৃক্ক, হৃদযন্ত্ৰকে ধৰি শৰীৰৰ বিভিন্ন অংগৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে সুৰা ক্ৰয় কৰিবলৈ অহা লোকসকলক স্বাস্থ্য পৰীক্ষাৰ আওতালৈ অনাৰ লগতে তেওঁলোকৰ মাজত সুৰা সেৱনৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। মধ্যপ্ৰদেশৰ সাগৰ জিলাত গ্ৰহণ কৰা এই পদক্ষেপে সুৰা বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত এক নতুন চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে এই ব্যৱস্থাই কিমানদূৰ সফলতা লাভ কৰে, সেয়া সময়েহে ক’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা
বিবিধ

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

November 25, 2026
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!
জীৱনশৈলী

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

November 25, 2026
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী
ৰাজনীতি

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

November 25, 2026
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

November 24, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.