ৰাজ্যৰ ৰাজনীতিত পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু কাৰ্বি আংলঙৰ আমৰি সমষ্টিৰ বিজেপি বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণ। বিধায়কগৰাকীৰ বিৰুদ্ধে এগৰাকী জনজাতীয় মহিলাই উত্থাপন কৰিছে একাধিক গুৰুতৰ অভিযোগ। বিৱাহৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ লগতে এটি সন্তান জন্ম দিয়াৰ পিছত তেওঁক এৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিও এতিয়ালৈকে কোনো ধৰণৰ ন্যায় লাভ নকৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে। কান্দি কান্দি নিজৰ আৰু সন্তানৰ অধিকাৰৰ বাবে ন্যায় বিচৰা মহিলাগৰাকীৰ এই অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।
সন্তান জন্মৰ পিছত এৰি যোৱাৰ অভিযোগ
ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, বিজেপি বিধায়ক ডাঃ হাবে টেৰণে তেওঁক বিৱাহৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সম্পৰ্ক স্থাপন কৰিছিল। এই সম্পৰ্কৰ ফলত এটি সন্তানৰ জন্ম হয়। কিন্তু সন্তান জন্মৰ পিছতে বিধায়কগৰাকীয়ে মহিলাগৰাকীক এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
মহিলাগৰাকীয়ে এতিয়া সন্তানটোৰ পিতৃত্ব নিশ্চিত কৰাৰ বাবে ডি এন এ (DNA) পৰীক্ষা সম্পন্ন কৰাৰ দাবী জনাইছে। তেওঁৰ মতে, ডি এন এ পৰীক্ষাৰ জৰিয়তে সন্তানটোৰ পিতৃত্ব সম্পৰ্কে প্ৰকৃত সত্য পোহৰলৈ আহিব পাৰে। সেয়ে এই বিষয়ত নিৰপেক্ষ তদন্তৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে তেওঁ।
আৰক্ষীৰ কাষ চাপিও ন্যায় নোপোৱাৰ অভিযোগ
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ভুক্তভোগী মহিলাগৰাকীয়ে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছিল বুলি জানিবলৈ দিছে। আনকি পাৰ্বত্য জিলাৰ দুগৰাকী জ্যেষ্ঠ আৰক্ষী অধীক্ষককো অভিযোগ দাখিল কৰাৰ পিছতো কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে।
কেৱল আৰক্ষীয়েই নহয়, আঙুৰলতা ডেকাৰ নেতৃত্বাধীন অসম ৰাজ্যিক মহিলা আয়োগলৈও ন্যায় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল মহিলাগৰাকীয়ে। কিন্তু ইমানবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো এতিয়ালৈকে তেওঁ ন্যায় লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।
থানাত অভিযোগ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কোনো গোচৰ ৰুজু নোহোৱাৰ অভিযোগে সমগ্ৰ বিষয়টোক অধিক স্পৰ্শকাতৰ কৰি তুলিছে। এগৰাকী অসহায় মহিলাই নিজৰ সন্তানৰ পিতৃত্ব আৰু ন্যায়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হোৱাটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
মীৰা বৰঠাকুৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ, নিৰপেক্ষ তদন্তৰ দাবী
ইপিনে, বিজেপি বিধায়ক ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
কেৱল মুখ্যমন্ত্ৰীলৈয়ে নহয়, অসম ৰাজ্যিক মহিলা আয়োগলৈও পত্ৰ প্ৰেৰণ কৰিছে মীৰা বৰঠাকুৰে। অভিযোগৰ তদন্ত যাতে কোনো ৰাজনৈতিক প্ৰভাৱ বা হস্তক্ষেপৰ দ্বাৰা প্ৰভাৱিত নহয়, তাৰ বাবে তেওঁ আহ্বান জনাইছে। লগতে অসম ৰাজ্যিক মহিলা আয়োগে বিষয়টোত নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰি ভুক্তভোগী মহিলাগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে বুলিও দাবী জনাইছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
বিজেপি বিধায়ক হোৱাৰ বাবেই নৰম স্থিতি নেকি?
এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ গৃহ বিভাগলৈ উত্থাপন হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। পূৰ্বতে সামাজিক মাধ্যমত কবিতা লিখা বা চৰকাৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ অভিযোগত বিভিন্ন লোকৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা অসম আৰক্ষী এইবাৰ ক’ত গ’ল? এগৰাকী মহিলাই এগৰাকী শাসকীয় দলৰ বিধায়কৰ বিৰুদ্ধে ইমান গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতো আৰক্ষীৰ নীৰৱতা কিয়? বিধায়কগৰাকী বিজেপিৰ আৰু শাসক পক্ষৰ হোৱাৰ বাবেই আৰক্ষীয়ে নৰম স্থিতি গ্ৰহণ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। আনহাতে, ‘বেটি বচাও, বেটি পঢ়াও’ৰ দৰে শ্লোগান দিয়া চৰকাৰৰ শীৰ্ষ নেতৃত্ব এই বিষয়ত নিমাত কিয় বুলিও প্ৰশ্ন কৰিছে বিভিন্ন মহলে।
বিশেষকৈ এগৰাকী জনজাতীয় মহিলাই সন্তানসহ ন্যায় বিচাৰি কন্দা দৃশ্যই বিষয়টোক অধিক মানৱীয় আৰু স্পৰ্শকাতৰ কৰি তুলিছে। সেয়ে অভিযোগৰ সত্যতা নিৰূপণৰ বাবে শীঘ্ৰে নিৰপেক্ষ তদন্ত, প্ৰয়োজন সাপেক্ষে ডি এন এ পৰীক্ষা আৰু আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।
এতিয়া সকলোৰে দৃষ্টি ৰাজ্য চৰকাৰ, গৃহ বিভাগ, অসম আৰক্ষী আৰু ৰাজ্যিক মহিলা আয়োগৰ ওপৰত। ভুক্তভোগী মহিলাগৰাকীয়ে সঁচাকৈয়ে ন্যায় লাভ কৰিবনে? অভিযোগৰ নিৰপেক্ষ তদন্ত হ’বনে? নে ৰাজনৈতিক ক্ষমতাৰ প্ৰভাৱত সমগ্ৰ বিষয়টো এনেদৰেই পৰি ৰ’ব? এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়া ৰাজ্যবাসীয়ে বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















