নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ অহাৰ পাছত সমর্থক আৰু অনুৰাগীসকলে নৰেন্দ্ৰ মোদীক ভগৱান হিচাপে গণ্য কৰা প্ৰয়াসৰ এক জোৱাৰ বিগত সময়ত দেখিবলৈ পোৱা গৈছে। কোনোৱে মোদীক ভগৱান বুলিছে, কোনোৱে মোদীৰ মাজত নিজৰ ঈশ্বৰক দেখা পাইছে, আনহাতে কোনোৱে মোদীক বিষ্ণুৰ ১১সংখ্যক অৱতাৰ বুলিয়েই ঘোষণা কৰিছে। এই সকলোবোৰ নেওচি এটা সাক্ষাৎকাৰত স্বয়ং নৰেন্দ্ৰ মোদীয়ে নিজকে ‘নন বায়’লজিকেল’ বুলি বিবেচনা কৰি কৈছে যে পৰমাত্মাই তেওঁক এই ধৰালৈ পঠিয়াইছে। এই সকলোবোৰ চেৰ পেলাই এগৰাকী কিন্নৰ অনুগামীয়ে বিহাৰত নৰেন্দ্ৰ মোদীৰ নামত আটাইতকৈ ডাঙৰ মন্দিৰ সাজিব বুলি ঘোষণা কৰা দেখা গৈছে। তাতকৈ এখোপ চৰি প্ৰেছ ক্লাব অব ইণ্ডিয়াত যোৱা ২০ আগষ্টত ধনু-কাঁড়, শিৰত মৌৰা পাখিধাৰী ভগৱানৰূপী নৰেন্দ্ৰ মোদীৰ প্রতিচ্ছবিৰ আগত মোদী চালিছা পৰিৱেশনে ইণ্টাৰনেটত আকৰ্ষণৰ সৃষ্টি কৰিছে।
শাসক আৰু ঈশ্বৰৰ মাজৰ যোগসূত্ৰৰ বৰ্ণনা এয়াই প্রথম নহয়। প্রাচীন কালৰ পৰাই শাসক বা ৰজাই নিজৰ সৈতে দৈৱিক সূত্ৰৰ অৱতাৰণা কৰা দেখা যায়। সেয়া প্রাচীন মিচৰ, ভাৰত, ৰোমৰ দৰে বহুদেৱতাবাদী ধৰ্মতেই হওক বা খ্ৰীষ্টান ইউৰোপৰ দৰে একেশ্বৰবাদী ধৰ্মতেই হওক, বহু শাসকে ঈশ্বৰৰ সমৰ্থন আৰু অনুমোদন লাভ কৰা বুলি দাবী কৰি আহিছে।
ইউৰোপত এই divine right theory মধ্যযুগৰ পৰা আৰম্ভ হৈছিল। ইংলেণ্ডৰ ৰজা জেমছ-১ (১৬০৩-২৫) ইয়াৰ আগশাৰীৰ প্ৰতিষ্ঠাপক। ১৭ আৰু ১৮ শতিকাৰ শেষৰপিনে ফ্ৰাঞ্চৰ চতুৰ্দশ লুইচৰ (১৬৪৩-১৭১৫) দৰে ৰজাৰ প্ৰকৃত ধর্মীয় বিশ্বাস নাথাকিলেও ঈশ্বৰীয় তত্ত্বৰ পৰা লাভৱান হৈছিল।
যদি অলপ ওচৰলৈ আহোঁ, অসম ভূমিতেই এনে উদাহৰণ অনেক। আহোমসকলেও ব্রহ্মপুত্র উপত্যকালৈ আহি নিজকে ঈশ্বৰৰ লগত সংযোগ কৰিছিল। এই তত্ত্বৰ মতে স্বৰ্গৰ ৰজা লেংদনৰ নাতি খুনলুঙৰ বংশৰ এজন ৰাজকোঁৱৰৰ নাতি হ’ল চুকাফা। “… এসময়ত স্বৰ্গৰ ৰজা লেংদনে আন আন দেৱতাসকলৰ সন্তান পৃথিৱীত ৰজা হোৱা দেখি তেওঁৰ নিজ পুত্র খেনখামক পৃথিৱীলৈ গৈ এখন ৰাজ্য স্থাপন কৰিবলৈ নিৰ্দেশ দিলে। কিন্তু খেনখাম পৃথিৱীলৈ আহিবলৈ মান্তি নোহোৱাত লেংদনে তেওঁৰ নাতি খুলুং আৰু খুনলাইক (খেনখামৰ পুত্ৰদ্বয়) পৃথিৱীলৈ প্ৰেৰণ কৰিলে। আহিবৰ সময়ত স্বৰ্গৰাজ লেংদনে নাতিনীয়েকক আশীৰ্বাদ কৰাৰ লগতে চোমদেৱ নামৰ এটি প্রতিমা, দৈৱিক শক্তিসম্পন্ন এখন তৰোৱাল বা হেংদান, এটা ৰণডংকা আৰু ভৱিষ্যতৰ ইংগিত দিব পৰা চাৰিটা কুকুৰা (কাইচেংমুং) উপহাৰ দিলে। তদুপৰি খুন্লুং বয়সত ডাঙৰ বাবে তেওঁক ৰজা হ’বলৈ আৰু বয়সত সৰু খুল্লাইক যুৱৰাজ হৈ ককায়েকক ৰাজকার্য পৰিচালনাত সহায় কৰিবলৈ লেংদনে উপদেশ দিলে। মুংৰিমুংৰামত কিছুদিন ভালেৰে ৰাজত্ব কৰাৰ পাছত খুলুং আৰু খুন্নাইৰ মাজত বিবাদ আৰম্ভ হ’ল। সৰু ভায়েক খুনলায়ে ষড়যন্ত্ৰ কৰি ৰাজপাট অধিকাৰ কৰাত অসন্তুষ্ট হৈ খুলুঙে চোমদেৱৰ মূৰ্তি লগত লৈ পশ্চিম দিশলৈ যায় আৰু মুংখুংজাও নামে এক বিস্তীর্ণ এলেকাত এখন ৰাজ্য স্থাপন কৰে। ইয়াত খুনলুঙে চল্লিশ বছৰ ৰাজত্ব কৰাৰ পাছত সোঁশৰীৰে স্বৰ্গাৰোহণ কৰিলে। সৰু কোঁৱৰ খুনলায়ে মুংৰিমুংৰামত সত্তৰ বছৰ ৰাজত্ব কৰাৰ পাছত মৃত্যুবৰণ কৰে। খুনলাইৰ পুত্ৰ তাও আইজেপত্যাওফাই প্রায় চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ কোনো পুত্র সন্তান নথকাত মুংখুমুংজাওৰ খুনলুং আৰু খুনচু বংশৰ ৰজা ত্যাও খুঞ্জনে নিজ পুত্র খাম্পংফাক প্ৰেৰণ কৰি মুংৰিমুংৰামৰ ৰাজপাট অধিকাৰ কৰে। প্ৰায় পঁচিশ বছৰ ৰাজত্ব কৰাৰ পাছত খাম্পংফা স্বর্গী হয় আৰু তেওঁৰ দুই পুত্ৰৰ মাজত ৰাজ্যখন ভাগ হয়। অৱশেষত এই ৰাজবংশৰ কোনো উত্তৰাধিকাৰী নোহোৱা হ’লত খুনলুং-খুনচু বংশৰ ৰাজকোঁৱৰ এজন মাওলুঙৰ ৰজা হ’ল। এইজনা ৰজাৰেই নাতিয়েক হ’ল চুকাফা, যিজনে ত্রয়োদশ শতিকাৰ আগভাগত ব্রহ্মপুত্র উপত্যকাত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।…”
(অসম বুৰঞ্জী)
ভূঞাসকলৰো যোগসূত্ৰ সূৰ্য দেৱতাৰ লগত জড়িত। এই বিৱৰণী মতে, ”… মন্ত্ৰী সমুদ্ৰৰ নাতিনী লক্ষ্মীৰ সূৰ্য দেৱতাৰ ফালৰ পৰা শান্তনু আৰু স্যমন্ত নামৰ দুটা পুত্র সন্তানৰ জন্ম হৈছিল। শান্তনু আছিল বৈষ্ণৱ আৰু স্যমন্ত আছিল শাক্ত। তেওঁলোকৰ প্ৰত্যেকৰে বাৰজনকৈ পুত্ৰ আছিল। শান্তনু ডাঙৰ আছিল বাবে তেওঁৰ পুত্ৰসকলক ‘বৰ বাৰভূঞা’ আৰু স্যমন্ত সৰু আছিল হেতু তেওঁৰ পুত্ৰসকলক ‘সৰু বাৰভূঞা’ বোলা হৈছিল। মাতৃ লক্ষ্মী জীৱিত থকালৈকে এই দুয়োটা ফৈদ মিলাপ্ৰীতিৰ মাজতে আছিল যদিও মাতৃৰ মৃত্যুৰ পাছতে শান্তনু আৰু স্যমন্তৰ মাজত বিবাদ লাগিল। স্যমন্তই এই বিবাদৰ পৰিপ্ৰেক্ষিতত পুত্ৰ-পৰিয়ালসহ নগাঁও অঞ্চললৈ গ’ল আৰু তাতে শাসন কৰিবলৈ ল’লে। শান্তনু তেওঁৰ পূৰ্বৰ স্থানতে থাকিল আৰু মাকৰ নামতেই ঠাখনৰ নাম লক্ষ্মীপুৰ বা লক্ষীমপুৰ ৰাখিলে।…” (অসম বুৰঞ্জী)
আনহাতে চুতীয়াসকলে নিজক ভীষ্মক ৰজা আৰু কুবেৰ দেৱতাৰ গোত্ৰৰ বুলি পৰিচয় দিছিল। চুতীয়াসকলৰ প্রতীকী সামগ্রী ঢাল, তৰোৱাল আৰু মেকুৰী কুবেৰৰেই দান। চুতীয়া ৰজা বীৰপালে এওঁ নিজকে প্রাচীন কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ (শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী দেৱীৰ পিতাক) বংশধৰ আৰু হিন্দু দেৱতা কুবেৰৰ গোত্ৰৰ বুলি পৰিচয় দিছিল। বীৰপালৰ ক্ষুদ্ৰ ৰাজ্যখনৰ ৰাজধানী আছিল সোৱণশিৰী নদীৰ উৎসৰ কাষৰ সোণাগিৰি পাহাৰত। উল্লেখনীয় যে চুতীয়াসকলৰ মাজত প্রচলিত এক উপাখ্যান মতে কুবেৰ দেৱতাই বীৰপালক এখন ঢাল, তৰোৱাল আৰু এটা সোণৰ মেকুৰী দিছিল আৰু এইবোৰক চুতীয়া ৰাজপৰিয়ালত অত্যন্ত যত্নৰে ৰখা হৈছিল। চুতীয়া জনশ্রুতিৰ মতে এই কুবেৰদত্ত সম্পত্তি লাভ কৰাৰ পাছৰ পৰাই বীৰপালৰ ভাগ্য উদয় হৈছিল আৰু ৰাজপাট লাভ কৰিবলৈ সক্ষম হৈছিল।
হোজা প্ৰজাক প্রশাসনৰ বশ মনোৱাৰ সুবিধার্থেই যুগে যুগে এই দৈৱ সূত্ৰসমূহৰ অৱতাৰণা হৈ আহিছে। সাধাৰণ প্ৰজাই ভগৱানৰ প্ৰতীক হিচাপে মূর্তি, ছবি আদিতেই নিজকে সঁপি দিয়ে। ভগৱানৰ যোগসূত্র থকা বুলি পূজাৰী, সন্ন্যাসী, ফাদাৰ, মৌলৱী আদিক পূজে। তেনেস্থলত যদি স্বয়ং ভগৱানৰেই বংশ বা জীবন্ত প্রতিনিধি সম্মুখত হাজিৰ হয়, তেনেহ’লে নিজকে সমর্পিতই কৰি দিয়া যাব। তাৰেই সুযোগ প্রশাসকে লৈ আহিছে।
শাসক আৰু দৈৱৰ মাজত এই সম্পর্কটো প্রত্যক্ষভাৱে সাধাৰণ যেন লাগিলেও ইয়াৰ আঁৰৰ উদ্দেশ্য আৰু ইয়াৰ ফল অসাধাৰণ। ই এক সাংঘাতিক মনোজগতৰ খেল। সময় আৰু প্ৰকাৰৰ ভিন্ন হ’লেও দৈৱ তত্ত্ব অৱতাৰণৰ উদ্দেশ্য হ’ল প্রশাসনীয় সূচলতা সৃষ্টি। ইয়াৰ আঁৰৰ উদ্দেশ্যসমূহ এনেধৰণৰ হ’ব পাৰে-
প্রথমতে, দৈৱৰ যোগসূত্ৰৰ দ্বাৰা শাসকে প্ৰজাৰ মাজত নিজৰ প্ৰতি শ্রদ্ধা আৰু আনুগত্য সৃষ্টি কৰিবলৈ চেষ্টা কৰে। নিজৰ ৰাজনৈতিক ক্ষমতাক শক্তিশালী আৰু নির্বিবাদ কৰিবলৈ শাসকে নিজকে ভগৱানৰ অৱতাৰ বা মনোনীত প্রতিনিধি হিচাপে উপস্থাপন কৰে। ঐশ্বৰিক অধিকাৰৰ ধাৰণাক প্ৰতিষ্ঠা কৰি নিজৰ শাসনৰ ন্যায্যতা প্রতিপন্ন কৰাৰ উদ্দেশ্যে শাসকে দৈৱ যোগসূত্ৰৰ অৱতাৰণা ঘটায়।
দ্বিতীয়তে, ধর্মীয় বিশ্বাসক ৰাজনৈতিক অস্ত্র হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক বৈধতা আৰু সামাজিক স্বীকৃতি লাভৰ বাবে শাসকে নিজকে ভগৱানৰ আশীর্বাদপুষ্ট হিচাপে উপস্থাপন কৰিব পাৰে।
তৃতীয়তে, নিজৰ ব্যক্তিত্বক পবিত্র আৰু অলৌকিকৰূপে প্রতিষ্ঠা কৰি শাসকে প্ৰজাৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰা ইয়াৰ অন্যতম উদ্দেশ্য। ৰাজ্যৰ ঐক্য আৰু শাসন ব্যৱস্থাৰ স্থিৰতা বজাই ৰাখিবলৈ শাসকে ধৰ্ম আৰু ৰাজনীতিক একেলগে ব্যৱহাৰ কৰিব পাৰে।
চতুৰ্থতে, ঐশ্বৰিক অধিকাৰৰ ধাৰণাৰ জৰিয়তে শাসকে নিজৰ ৰাজনৈতিক কর্তৃত্বক অধিক গ্রহণযোগ্য কৰি তুলিব পাৰে। “আমি তোমালোকে পূজন কৰা ভগৱানৰ বংশ বা প্রতিনিধি। গতিকে আমাৰ বশ মানি লোৱা। ভগৱানক যিদৰে পূজা, মানি লোৱা, আমাকো তেনেদৰে আস্থাভাজন কৰি লোৱা।”
পঞ্চমতে, তেওঁলোক যে সাধাৰণ মানুহতকৈ পৃথক বা বিশেষ, সেয়া দেখুৱাবলৈ দৈৱিক ঘটনাৰ সহায় লয়। মহাপুৰুষ আদিৰ ক্ষেত্ৰতো এনে উদাহৰণ সহজলভ্য। কল্কীৰ ৰচিত “The Tiger King”ৰ বাঘ ৰজাৰ আধিপত্য দেখুৱাবলৈ জন্মৰ ১০ দিনতে কথা কোৱা বুলি বর্ণনা কৰে।
ষষ্ঠতে, যিহেতু ঈশ্বৰে তেওঁলোকক এই কর্তৃত্ব দিছে, গতিকে তেওঁলোকৰ কাৰ্যৰ বাবে কোনো পার্থিব কর্তৃপক্ষই তেওঁলোকক জবাবদিহি কৰিব নোৱাৰিব ধৰণৰ এটা পৰিৱেশ গঢ় দিয়াত এই সূত্ৰসমূহৰ বৰঙণি অশেষ। নিজৰ শাসনক অবিচল আৰু প্ৰশ্নাতীত কৰি তোলাৰ উদ্দেশ্যে শাসকে নিজকে ভগৱানৰ প্ৰতিনিধি হিচাপে প্রতিষ্ঠা কৰিছিল।
সপ্তমতে, ঈশ্বৰীয় তত্ত্বত নৈতিকতা ঈশ্বৰৰ আজ্ঞা বা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লয় আৰু নৈতিকভাৱে সঠিক কার্যটোৱেই (?) হৈছে ঈশ্বৰৰে আজ্ঞা বা প্রয়োজনীয়তা। ঈশ্বৰেই যেতিয়া তেওঁলোকক পঠাইছে, তেওঁলোকে কৰা প্ৰতিটো কাম ঈশ্বৰৰেই আদেশ। গতিকে সাধাৰণ জনতাই তাত ভুল/শুদ্ধ প্রসংগ বিচৰাটো অপ্রয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















