জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰ ৰাশি পৰিৱৰ্তনে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়। বিশেষকৈ ৰাহু আৰু কেতুৰ গোচৰক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ৫ ডিচেম্বৰত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। কেতুৰ এই গোচৰে কেইবাটাও ৰাশিৰ জীৱনত পৰিৱৰ্তন আনিব বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। কিছুমান ৰাশিৰ বাবে এই সময় মানসিক অস্থিৰতা আৰু প্ৰত্যাহ্বানৰ হ’লেও, আন চাৰিটা ৰাশিৰ বাবে ই উন্নতি, সফলতা আৰু আৰ্থিক লাভৰ সুযোগ কঢ়িয়াই আনিব পাৰে। ২০২৭ চনৰ এপ্ৰিল মাহলৈকে কেতুৰ এই গোচৰে কোন কোন ৰাশিৰ জীৱনত শুভ প্ৰভাৱ পেলাব পাৰে, জানো আহক।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেতুৰ গোচৰ তৃতীয় স্থানত হ’ব। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই স্থানত কেতুৰ অৱস্থান শুভ বুলি বিবেচিত হয়। এই সময়ছোৱাত আপোনাৰ সাহস, আত্মবিশ্বাস আৰু নতুন কাম কৰাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। কোনো কামত ৰিস্ক লোৱাৰ সাহস পাব আৰু নিজৰ দক্ষতাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ লগতে প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত প্ৰভাৱ বৃদ্ধি পাব পাৰে। বন্ধু-বান্ধৱীৰ পৰাও সহায় আৰু সমৰ্থন লাভ কৰিব। অৱশ্যে ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্কত যাতে কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব।
প্ৰতিকাৰ: জ্যোতিষশাস্ত্ৰীয় বিশ্বাস অনুসৰি, এই সময়ছোৱাত ৰক্তদান কৰাটো শুভ বুলি গণ্য কৰা হৈছে।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেতুৰ গোচৰ দ্বাদশ স্থানত হ’ব। এই সময়ছোৱাত পূৰ্বে কৰা কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় কাম-কাজ আৰু আধ্যাত্মিক চিন্তাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। বহুদিনৰ পৰা তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰি থকা লোকসকলৰ সেই পৰিকল্পনা বাস্তৱায়িত হোৱাৰ সুযোগ আহিব পাৰে। খং নিয়ন্ত্ৰণত ৰখাটো এই সময়ছোৱাত অত্যন্ত প্ৰয়োজনীয়। অযথা তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিলে বহু সমস্যা এৰাই চলিব পাৰিব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত জয় লাভ কৰাৰ সম্ভাৱনাও আছে। বিদেশ ভ্ৰমণৰ চেষ্টা কৰি থকা লোকসকলৰ বাবে সুখবৰ আহিব পাৰে। কৰ্মক্ষেত্ৰত বদলিৰ সম্ভাৱনা আছে। বৈদ্যুতিক সঁজুলিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ ব্যৱসায়ত গতি আহিব পাৰে। অৱশ্যে আদালত বা আইনী বিবাদৰ পৰা আঁতৰি থকাটো ভাল।
প্ৰতিকাৰ: কেতুৰ শুভ প্ৰভাৱ লাভ কৰিবলৈ ক’লা কুকুৰক ৰুটি খুওৱাৰ পৰামৰ্শ দিয়া হৈছে।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেতুৰ গোচৰ একাদশ স্থানত হ’ব। এই সময়ছোৱাত আপোনাৰ দক্ষতা আৰু কৰ্মক্ষমতা বৃদ্ধি পাব পাৰে। নতুন বাহন ক্ৰয় কৰাৰ যোগ সৃষ্টি হোৱাৰ লগতে ঘৰ বা মাটি কিনিবলৈ কৰা চেষ্টাতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভাই-ভনীৰ পৰা সহায় লাভ কৰিব পাৰে। ঘৰুৱা সুখ-সুবিধা বৃদ্ধি পাব আৰু সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰাৰ সম্ভাৱনা আছে। সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলেও লাভৱান হ’ব পাৰে। কিন্তু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সৰু-সুৰা ভুল বুজাবুজিয়ে সম্পৰ্কত দূৰত্ব বা উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে সংগীৰ সৈতে স্পষ্টভাৱে কথা পতা আৰু ধৈৰ্য ধৰা উচিত।
প্ৰতিকাৰ: ভগৱান শিৱৰ মূৰ্তিত নাৰিকলৰ পানীৰে অভিষেক কৰাৰ পৰামৰ্শ দিয়া হৈছে।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কেতুৰ গোচৰ ষষ্ঠ স্থানত হ’ব। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই সময়ছোৱাত প্ৰতিদ্বন্দ্বী আৰু শত্ৰুৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভৰ সুযোগ সৃষ্টি হোৱাৰ লগতে সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনাও সফল হ’ব পাৰে। প্ৰয়োজন অনুসৰি ঋণ লৈ সম্পত্তি ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে। ঘৰত শুভ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আত্মীয়-স্বজনৰ সৈতে মিলিত হোৱাৰ সুযোগ লাভ কৰিব। পূৰ্বৰ কিছুমান সমস্যা সমাধান হোৱাৰ ফলত মানসিকভাৱে স্বস্তি অনুভৱ কৰিব পাৰে। জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী বৃদ্ধি পাব।
প্ৰতিকাৰ: প্ৰতি শনিবাৰে আঁহত গছৰ গুৰিত পানী আৰু ক’লা তিল অৰ্পণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















