এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ আফ্ৰিকা আৰু এছিয়া। ইজিপ্তৰ ৰাজধানী কাইৰোৰ সমীপৰ ৰিং ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। এই দুৰ্ঘটনাত কমেও ৩১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২১জন লোক আহত হৈছে। অগ্নিকাণ্ডৰ ফলত বহু বাহন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ পৰে। ঘটনাটোক লৈ দেশখনৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।
প্ৰাথমিকভাৱে ৩০জন লোকৰ মৃত্যুৰ খবৰ প্ৰকাশ পাইছিল যদিও পিছত মৃতকৰ সংখ্যা বৃদ্ধি পাই ৩১জন হয়। আহত লোকসকলক কাইৰোৰ চাৰিখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়সমূহত আহতসকলৰ চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
দুৰ্ঘটনাস্থলীত তদন্ত আৰম্ভ
ঘটনাৰ পিছতে ইজিপ্তৰ ৰাজহুৱা অভিযুক্তৰ কাৰ্যালয়ে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী বিষয়াসকলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আহত লোক আৰু ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পাতিছে। মৃতদেহসমূহ চিনাক্ত কৰাৰ বাবে DNA নমুনা সংগ্ৰহ কৰা হৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ বিভিন্ন দিশৰ পৰা তদন্ত অব্যাহত ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

অগ্নিকাণ্ডৰ পিছত দুৰ্ঘটনাস্থলীৰ দৃশ্য অতি ভয়ংকৰ হৈ পৰে। বহু বাহন জুইত সম্পূৰ্ণৰূপে জ্বলি যায়। আন কিছুমান বাহন দুৰ্ঘটনাৰ ফলত বাগৰি পৰে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী আলী ইউছেফে ৰয়টাৰ্ছ সংবাদ সংস্থাক জনোৱা অনুসৰি, জুইত বহু বাহন জ্বলি ছাই হৈ পৰে। ইয়াৰে কেইবাখনো বাহনৰ ভিতৰত যাত্ৰী আবদ্ধ হৈ আছিল। বিধ্বংসী অগ্নিকাণ্ডত বহু লোক বাহনৰ পৰা ওলাই আহিবলৈও সময় নাপালে।
ইজিপ্তৰ পথ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন
এই ভয়ংকৰ অগ্নিকাণ্ডই ইজিপ্তৰ পথ সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ উদ্বেগ সৃষ্টি কৰিছে। দেশখনত প্ৰতিবছৰে পথ দুৰ্ঘটনাৰ ফলত বহু লোকৰ মৃত্যু হয়। দ্ৰুতগতিত বাহন চলোৱা, পথৰ দুৰ্বল অৱস্থা আৰু যান-বাহন আইন সঠিকভাৱে বলৱৎ নকৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ জানুৱাৰী মাহত দক্ষিণ ইজিপ্তত সংঘটিত এক ভয়ংকৰ বহু বাহনৰ সংঘৰ্ষত ২১জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬জন আহত হৈছিল।
গিজাৰ পিৰামিডৰ সমীপত সংঘটিত দুৰ্ঘটনা
এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানটো ইজিপ্তৰ গিজা প্ৰদেশৰ আল ৱাৰৰাক অঞ্চলত অৱস্থিত। বিশ্ববিখ্যাত গিজাৰ পিৰামিডৰ পৰা এই স্থান প্ৰায় ১০ মাইল উত্তৰত। পিৰামিডসমূহৰ কাষেৰে পাৰ হৈ যোৱা ৰিং ৰোডৰ এটা অংশতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বহিঃ দেশৰ পৰ্যটকৰো মৃত্যু আশংকা প্ৰকাশ কৰা হৈছে।
ঘটনাস্থলী পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ
ইজিপ্তৰ স্বাস্থ্যমন্ত্ৰী খালেদ আব্দেল গাফ্ফাৰে অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়সমূহলৈ গৈ আহত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা তদাৰক কৰে। চিকিৎসালয়সমূহক সতৰ্ক অৱস্থাত থাকিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, দেশখনৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-চিছিয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। দুৰ্ঘটনাৰ পিছত ৰিং ৰোডত যান-বাহনৰ চলাচল স্বাভাৱিক কৰিবলৈও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। তদন্তৰ পিছতহে এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ জানিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















