দেশৰ অন্যতম প্ৰতিষ্ঠিত উদ্যোগিক পৰিয়াল TVSত এইবাৰ সম্পত্তিৰ অধিকাৰক লৈ সৃষ্টি হৈছে পাৰিবাৰিক সংঘাত। নিজৰ প্ৰাপ্য সম্পত্তিৰ অংশ বিচাৰি পিতৃ ভেনু শ্ৰীনিবাসনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিছে কন্যা লক্ষ্মী ভেনুৱে। TVS পৰিয়ালৰ সম্পত্তি আনুষ্ঠানিকভাৱে বিভাজন কৰাৰ দাবীৰে তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
২৫ নৱেম্বৰত লক্ষ্মী ভেনুৱে এই বিষয়টো লৈ আদালতৰ কাষ চাপে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অহা ২৭ নৱেম্বৰত আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ কথা। ইয়াৰ পূৰ্বে তেওঁ পিতৃ ভেনু শ্ৰীনিবাসনলৈ সম্পত্তি বিভাজনৰ দাবীৰে আইনী জাননী প্ৰেৰণ কৰিছিল। লক্ষ্মী ভেনুৱে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰিছে যে পাৰিবাৰিক আলোচনাৰ জৰিয়তে বিষয়টো সমাধান কৰিবলৈ তেওঁ সকলো প্ৰচেষ্টা চলাইছিল। কিন্তু কোনো সমাধান নোলোৱাত অৱশেষত ন্যায় বিচাৰি আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছে।
হিন্দু উত্তৰাধিকাৰ আইনৰ আধাৰত সম্পত্তিৰ দাবী
TVS পৰিয়ালৰ ভেনু শ্ৰীনিবাসন শাখাই ভাৰতৰ অন্যতম বৃহৎ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান TVS Motor Company নিয়ন্ত্ৰণ কৰে। বৰ্তমান এই প্ৰতিষ্ঠানটোৰ নেতৃত্বত আছে লক্ষ্মী ভেনুৰ কনিষ্ঠ ভাতৃ সুদৰ্শন ভেনু। তেওঁ TVS Motor Companyৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (CMD)।
চলিত মাহৰ আৰম্ভণিতে লক্ষ্মী ভেনুৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ৰ কথা উল্লেখ কৰিছিল। এই আইনৰ ২০০৫ চনত কৰা সংশোধনীৰ জৰিয়তে কন্যাসকলকো পুত্ৰৰ সমানেই পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে অধিকাৰ প্ৰদান কৰা হৈছে। এই আইনৰ আধাৰতে লক্ষ্মী ভেনুৱে দাবী কৰিছে যে যৌথ পৰিয়ালৰ সম্পত্তিত তেওঁৰো সমান অধিকাৰ আছে আৰু তেওঁক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি।
‘আধুনিক ভাৰতত পিতৃতন্ত্ৰৰ কোনো স্থান নাই’
লক্ষ্মী ভেনুৰ অভিযোগ অনুসৰি, তেওঁক যৌথ পৰিয়ালৰ সম্পত্তিত প্ৰাপ্য অংশৰ পৰা অন্যায়ভাৱে বঞ্চিত কৰা হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে আধুনিক ভাৰতত পিতৃতান্ত্ৰিক চিন্তাধাৰাৰ কোনো স্থান থাকিব নালাগে। তেওঁৰ মতে, কোনো একপক্ষীয় সিদ্ধান্ত বা কৰ্পৰেট ব্যৱস্থাৰ জৰিয়তে পৰিয়ালৰ সম্পত্তিত এগৰাকী কন্যাৰ আইনী অধিকাৰ কাঢ়ি ল’ব নোৱাৰি।
লক্ষ্মী ভেনুৱে তেওঁৰ ভাতৃ সুদৰ্শন ভেনুৰ ব্যৱসায়িক ভূমিকা আৰু TVS Motor Companyৰ লাভৱান মালিকীস্বত্বৰ বিষয়টোও উত্থাপন কৰিছে। ২০২৫ চনৰ এপ্ৰিল মাহৰ এটা সিদ্ধান্তৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই বিষয়ত নিজৰ আপত্তি প্ৰকাশ কৰে। তেওঁ মূলতঃ ২০২০ চনত TVS পৰিয়ালৰ মাজত হোৱা সম্পত্তি নিষ্পত্তিৰ অধীনত ভেনু শ্ৰীনিবাসনৰ শাখালৈ আবণ্টিত সম্পত্তিসমূহৰ আনুষ্ঠানিক বিভাজন বিচাৰিছে। এই সম্পত্তিসমূহৰ ভিতৰত আছে TVS Holdings, TVS Motor Company, TVS Credit Services আৰু Sundaram-Claytonৰ অংশীদাৰিত্ব।
লক্ষ্মী ভেনুৰ মতে, ২০২০ চনত TVS পৰিয়ালৰ মাজত হোৱা সম্পত্তি নিষ্পত্তিত ভেনু শ্ৰীনিবাসনৰ পৰিয়ালৰ ভিতৰত সম্পত্তি বিভাজনৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল। তেওঁৰ অভিযোগ, নিজৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পত্তি বিভাজনৰ প্ৰক্ৰিয়া আজিলৈকে আৰম্ভই হোৱা নাই। কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিলেই এজন ব্যক্তিয়ে সমগ্ৰ সম্পত্তিৰ মালিকীস্বত্ব লাভ কৰিব নোৱাৰে। একেদৰে পৰিয়ালৰ আন সদস্যসকলৰ আইনী অধিকাৰো শেষ হৈ নাযায়।
কন্যাৰ অধিকাৰৰ সমৰ্থনত মাতৃ মল্লিকা শ্ৰীনিবাসন
এই পাৰিবাৰিক বিবাদৰ মাজতে লক্ষ্মী ভেনুৰ সমৰ্থনত মাত মাতিছে তেওঁৰ মাতৃ মল্লিকা শ্ৰীনিবাসনে। ২৫ নৱেম্বৰত তেওঁ কয় যে পৰিয়ালৰ সম্পত্তিত লক্ষ্মীৰ বৈধ অধিকাৰ আছে। মল্লিকা শ্ৰীনিবাসনৰ মতে, লক্ষ্মীয়ে আইনী জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁৰ অধিকাৰক স্বীকৃতি দিয়া নহ’ল। আনহাতে, আলোচনাৰ জৰিয়তেও বিষয়টোৰ কোনো সৌহাৰ্দ্যপূৰ্ণ সমাধান নোলাল। সেয়েহে নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ লক্ষ্মীয়ে আদালতৰ কাষ চাপিবলগীয়া হ’ল।
এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানসকলক সমান চকুৰে চোৱাৰ কথা উল্লেখ কৰি মল্লিকা শ্ৰীনিবাসনে কয় যে তেওঁৰ ল’ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই। পৰিয়ালৰ সম্পত্তিত লক্ষ্মীৰো সুদৰ্শনৰ সমানেই বৈধ অংশ থকা উচিত বুলি তেওঁ বিশ্বাস কৰে। এতিয়া সমগ্ৰ বিষয়টোৱে TVS পৰিয়ালৰ ভিতৰত সম্পত্তিৰ অধিকাৰক লৈ চলি থকা বিবাদক ৰাজহুৱা চৰ্চালৈ আনিছে। ২৭ নৱেম্বৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত হ’বলগীয়া শুনানিৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। আদালতৰ পৰৱৰ্তী পদক্ষেপে এই পাৰিবাৰিক সম্পত্তি বিবাদৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।
এই প্ৰতিবেদন যুগুতালে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















