মহাকাশত কেৱল বিজ্ঞান আৰু গৱেষণাই নহয়, এইবাৰ চৰ্চালৈ আহিছে বিশেষ খাদ্যৰ জুতি। পৃথিৱীৰ পৰা শ শ কিলোমিটাৰ ওপৰত থকা মহাকাশত বহি পাকিস্তানৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’বলৈ সাজু হৈছে চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰথমজন মহাকাশচাৰী। বাটাৰ চিকেন, বিফ নিহাৰী, লেম্ব কৰ্মা আৰু মচুৰজাতীয় খাদ্যৰে প্ৰস্তুত কৰা ছোলেৰে সজোৱা হৈছে তেওঁৰ মহাকাশৰ খাদ্যৰ তালিকা। চীনৰ মহাকাশ কেন্দ্ৰত পাকিস্তানৰ খাদ্যাভ্যাস আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এই খাদ্যসমূহ।
The Times of India-ৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ মহাকাশচাৰী মহম্মদ জিছান আলীৰ বাবে চীনৰ তিয়াংগং (Tiangong) মহাকাশ কেন্দ্ৰত বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। এই খাদ্যসমূহৰ ভিতৰত আছে পাকিস্তানী আৰু দক্ষিণ এছিয়াৰ খাদ্যসংস্কৃতিৰ সৈতে জড়িত কেইবাবিধো জনপ্ৰিয় ব্যঞ্জন।
মহাকাশলৈ গ’ল বাটাৰ চিকেন, বিফ নিহাৰী, লেম্ব কৰ্মা
পাকিস্তানৰ প্ৰথমগৰাকী মহাকাশচাৰী মহম্মদ জিছান আলীৰ বাবে প্ৰস্তুত কৰা বিশেষ খাদ্যৰ তালিকাত আছে বাটাৰ চিকেন, বিফ নিহাৰী, লেম্ব কৰ্মা আৰু ছোলে। এই ব্যঞ্জনসমূহ কেৱল সোৱাদৰ বাবেই নিৰ্বাচন কৰা হোৱা নাই। মহাকাশত দীৰ্ঘসময় কটাবলগীয়া এগৰাকী মহাকাশচাৰীৰ খাদ্যৰ প্ৰয়োজনীয়তা, পুষ্টি আৰু ব্যক্তিগত খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হৈছে। এই খাদ্যসমূহৰ জৰিয়তে মহাকাশতো নিজৰ দেশৰ খাদ্যৰ সোৱাদ লাভ কৰিব পাৰিব পাকিস্তানৰ মহাকাশচাৰীজনে।
১০০ বিধতকৈ অধিক হালাল খাদ্যৰ বিশেষ ব্যৱস্থা
প্ৰতিবেদন অনুসৰি, চীনৰ তিয়াংগং মহাকাশ কেন্দ্ৰত মহম্মদ জিছান আলীৰ বাবে ১০০ বিধতকৈ অধিক খাদ্যৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সকলো খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ খাদ্য সম্পৰ্কীয় নীতি-নিয়ম অৰ্থাৎ হালাল পদ্ধতিৰ প্ৰতি লক্ষ্য ৰখা হৈছে। চীনৰ মহাকাশচাৰী গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ (China Astronaut Research and Training Centre) গৱেষকসকলে পাকিস্তানৰ খাদ্যাভ্যাস, সংস্কৃতি আৰু পুষ্টিৰ প্ৰয়োজনীয়তা অধ্যয়ন কৰি এই বিশেষ খাদ্যৰ তালিকা প্ৰস্তুত কৰিছে।
ইয়াৰ ভিতৰত সাতবিধ বিশেষ পাকিস্তানী শৈলীৰ মহাকাশৰ খাদ্যও প্ৰস্তুত কৰা হৈছে। এই খাদ্যসমূহৰ ৰেচিপি প্ৰস্তুত কৰাৰ সময়ত হালধি, কাৰী মছলাকে ধৰি পাকিস্তানী খাদ্যত ব্যৱহৃত বিভিন্ন মছলাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল। কেৱল সেয়াই নহয়, মহাকাশচাৰীগৰাকীয়ে যাতে প্ৰয়োজনীয় শক্তি আৰু পুষ্টি লাভ কৰে, তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। খাদ্যসমূহ সহজে হজম হোৱাকৈ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।
কেইবাটাও পৰীক্ষাৰ অন্তত খাদ্য প্ৰস্তুত
মহাকাশত খাদ্য খোৱাৰ পৰিৱেশ পৃথিৱীৰ তুলনাত সম্পূৰ্ণ পৃথক। মহাকাশত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ অতি কম হোৱাৰ বাবে খাদ্যৰ সোৱাদ, সংৰক্ষণ আৰু গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান থাকে। সেয়েহে মহম্মদ জিছান আলীৰ বাবে প্ৰস্তুত কৰা খাদ্যসমূহৰ ৰেচিপি চূড়ান্ত কৰাৰ পূৰ্বে কেইবাবাৰো পৰীক্ষা কৰা হৈছিল। গৱেষকসকলে খাদ্যৰ সোৱাদ, পুষ্টিগুণ আৰু মহাকাশত খোৱাৰ উপযোগিতাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাইছিল।
চীনৰ মহাকাশচাৰী কেন্দ্ৰৰ গৱেষক চেন জুনলিৰ মতে, খাদ্য প্ৰস্তুত কৰাৰ সময়ত মহাকাশচাৰীৰ শক্তিৰ প্ৰয়োজনীয়তা আৰু সহজে হজম হোৱাৰ বিষয়টো বিবেচনা কৰা হৈছিল। বিশেষকৈ মহাকাশ অভিযানৰ প্ৰথম কেইদিনমানৰ বাবে পাতল আৰু সহজে হজম হোৱা খাদ্যৰ ব্যৱস্থা কৰা হৈছিল।
এই খাদ্যৰ তালিকাত আন এটা আমোদজনক দিশো আছে। প্ৰথমে মহাকাশচাৰী মহম্মদ জিছান আলীৰ বাবে পাকিস্তানৰ পৰম্পৰাগত মছলাযুক্ত গাখীৰ চাহৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু চীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়ছোৱাত তেওঁ চীনা ব্লেক টি আৰু ভাতৰ প্ৰতি আগ্ৰহী হৈ পৰে। ফলত তেওঁ মহাকাশ যাত্ৰাৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ তালিকাত অধিক পৰিমাণে চীনা চাহ আৰু ভাত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়। মহাকাশচাৰীজনৰ এই ব্যক্তিগত পছন্দৰ প্ৰতিও গুৰুত্ব দি খাদ্যৰ তালিকাত সেইসমূহ অন্তৰ্ভুক্ত কৰা হয়।
চীনৰ মহাকাশ কেন্দ্ৰত ইতিহাস পাকিস্তানী মহাকাশচাৰীৰ
উল্লেখযোগ্য যে, ২৫ নৱেম্বৰত চীনৰ Shenzhou-24 মহাকাশযানত উঠি মহাকাশলৈ যাত্ৰা কৰিছে মহম্মদ জিছান আলীয়ে। তেওঁৰ সৈতে আছিল চীনৰ দুগৰাকী মহাকাশচাৰী টাং হংবো আৰু উ ৱেই। চীনৰ জিউকুৱান (Jiuquan) উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰা মহাকাশযানখনে পিছত তিয়াংগং মহাকাশ কেন্দ্ৰত উপস্থিত হয়। ইয়াৰ জৰিয়তে জিছান আলী চীনৰ মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰথমগৰাকী বিদেশী মহাকাশচাৰী হিচাপে পৰিগণিত হয়। তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী মহাকাশচাৰী হিচাপেও এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।
মহাকাশত কেৱল খাদ্য গ্ৰহণেই নে বৈজ্ঞানিক গৱেষণাও?
মহাকাশচাৰী মহম্মদ জিছান আলীৰ এই যাত্ৰা কেৱল খাদ্য আৰু ব্যক্তিগত অভিজ্ঞতাতে সীমাবদ্ধ নহয়। তেওঁৰ এই অভিযানৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে বৈজ্ঞানিক গৱেষণা। প্ৰতিবেদন অনুসৰি, মহাকাশত জীৱবিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ সৈতে জড়িত কেইবাটাও পৰীক্ষাত তেওঁ অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে অণুজীৱৰ বৃদ্ধি, কাৰ্বন ডাই অক্সাইড শোষণ, কুইনোৱা বীজৰ ওপৰত মহাকাশৰ পৰিৱেশৰ প্ৰভাৱ আৰু উন্নত সামগ্ৰীৰ স্থায়িত্ব সম্পৰ্কীয় গৱেষণা।
পাকিস্তানৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ এই যাত্ৰাই চীন-পাকিস্তানৰ মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। একে সময়তে মহাকাশৰ দৰে সম্পূৰ্ণ পৃথক পৰিৱেশতো এগৰাকী মহাকাশচাৰীৰ খাদ্যাভ্যাস, ধৰ্মীয় বিশ্বাস আৰু ব্যক্তিগত পছন্দক কিমান গুৰুত্ব দিয়া হয়, তাৰো এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে এই বিশেষ খাদ্যৰ ব্যৱস্থাই।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















