বিয়াৰ নামত প্ৰৱঞ্চনাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী বা দুগৰাকী নহয়, প্ৰায় ১৫ গৰাকীকৈ যুৱতী-মহিলাক বিয়া কৰাই প্ৰৱঞ্চনাৰ জালত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন লোকৰ বিৰুদ্ধে। মেট্ৰিমনীয়েল ছাইটক প্ৰৱঞ্চনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি ধনী পৰিয়ালৰ যুৱতী-মহিলাক লক্ষ্য কৰি লৈছিল লোকজনে। অৱশেষত এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত উত্তৰপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই প্ৰৱঞ্চকজনক।
আৰক্ষীৰ জালত পৰা লোকজনৰ নাম নৰেন্দ্ৰ শৰ্মা। ৩৫ বছৰীয়া নৰেন্দ্ৰ উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, বিৱাহৰ প্ৰলোভন দেখুৱাই বিভিন্ন ৰাজ্যৰ মহিলাক নিজৰ প্ৰেমৰ জালত পেলাইছিল নৰেন্দ্ৰই। মেট্ৰিমনীয়েল ছাইটত নিজকে অবিৱাহিত বুলি পৰিচয় দি বিয়াৰ বাবে উপযুক্ত পাত্ৰী বিচাৰি থকাৰ অভিনয় কৰিছিল তেওঁ। কিন্তু তেওঁৰ প্ৰকৃত উদ্দেশ্য আছিল মহিলাসকলৰ সৈতে সম্পৰ্ক গঢ়ি ধন-সম্পত্তি লুট কৰা।
জানিব পৰা মতে, নৰেন্দ্ৰই মূলতঃ চহকী পৰিয়ালৰ যুৱতী-মহিলাসকলক লক্ষ্য কৰি লৈছিল। দিল্লী, উত্তৰপ্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ বহু মহিলাক নিজৰ প্ৰৱঞ্চনাৰ জালত পেলোৱাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। প্ৰথমে মেট্ৰিমনীয়েল ছাইটৰ জৰিয়তে মহিলাসকলৰ সৈতে চিনাকি হৈছিল। তাৰ পিছত মিঠা কথাৰে তেওঁলোকৰ বিশ্বাস অৰ্জন কৰি বিয়াৰ প্ৰস্তাৱ দিছিল। নিজকে অবিৱাহিত বুলি পৰিচয় দিয়াৰ ফলত বহু মহিলাই তেওঁৰ কথাত বিশ্বাস কৰিছিল।
অভিযোগ অনুসৰি, বিয়া সম্পন্ন কৰাৰ পিছত নৰেন্দ্ৰই মহিলাসকলক ফ্লেটত ৰাখিছিল। কিন্তু কিছুদিন একেলগে থকাৰ পিছতে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক এৰি পলায়ন কৰিছিল। কেৱল সেয়াই নহয়, মহিলাসকলৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ নিজৰ হাতত ৰাখি পিছলৈ সেইবোৰৰ জৰিয়তে ব্লেকমেইল কৰাৰ অভিযোগো উত্থাপন হৈছে।
অভিযোগ অনুসৰি, এই ফটো আৰু ভিডিঅ’ৰ ভয় দেখুৱাই মহিলাসকলৰ পৰা লাখ লাখ টকা দাবী কৰিছিল নৰেন্দ্ৰই। সন্মান আৰু সামাজিক প্ৰতিষ্ঠা হেৰুৱাৰ ভয়ত বহু মহিলাই তেওঁৰ দাবী মানি ল’বলৈ বাধ্য হৈছিল বুলি জানিব পৰা গৈছে। এইদৰে প্ৰায় ১৫ গৰাকী যুৱতী-মহিলাক বিয়া কৰাই তেওঁলোকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে লোকজনৰ বিৰুদ্ধে।
ইফালে, নৰেন্দ্ৰৰ প্ৰৱঞ্চনাৰ বলি হোৱা এগৰাকী মহিলাই অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপে। মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, নৰেন্দ্ৰই তেওঁৰ পৰা প্ৰায় ১৮ লাখ টকা সৰকাইছিল। বিয়াৰ প্ৰতিশ্ৰুতি দি সম্পৰ্ক গঢ়ি তোলাৰ পিছত বিভিন্ন অজুহাতত ধন আদায় কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু অৱশেষত নৰেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উত্তৰপ্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নৰেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত অব্যাহত আছে।
বিয়াৰ দৰে এক পবিত্ৰ সম্পৰ্কক ব্যৱহাৰ কৰি কেনেদৰে একাংশ প্ৰৱঞ্চকে মানুহৰ বিশ্বাস আৰু আৱেগক মূলধন হিচাপে লৈ ধন লুট কৰিব পাৰে, এই ঘটনাই পুনৰ সেই দিশটো পোহৰলৈ আনিছে। বিশেষকৈ মেট্ৰিমনীয়েল ছাইটত অচিনাকি লোকৰ সৈতে চিনাকি হওঁতে তেওঁলোকৰ পৰিচয়, বৈৱাহিক স্থিতি আৰু ব্যক্তিগত তথ্য ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















