নিষিদ্ধ গুটখা, পান মছলা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ তথা বিক্ৰীৰ গোচৰত অসম আৰু মেঘালয়ৰ কেইবাটাও স্থানত অভিযান চলাইছে ED-ই। উদয় চৌৰাছিয়া নামৰ এজন ব্যৱসায়ীৰ গুৱাহাটী, শ্বিলং আৰু পলাশবাৰীৰ মুঠ ৬টা ব্যৱসায়িক প্ৰতিষ্ঠানত এই তালাচী অভিযান চলোৱা হৈছে।
EDৰ এই অভিযানত উদয় চৌৰাছিয়াৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে দুটা কাৰখানাতো তালাচী চলোৱা হৈছে। নিষিদ্ধ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়, সৰবৰাহ তথা কৰ ফাঁকিৰ সৈতে জড়িত বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহৰ উদ্দেশ্যে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ৪ আগষ্টত আজাৰা ৰে’লৱে ষ্টেচনত গুটখাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইছিল স্পেচিয়েল টাস্ক ফ’ৰ্চ (STF)য়ে। অভিযানৰ সময়ত দিল্লী অভিমুখী এখন মালবাহী ৰে’লৰ চাৰিটা ডবাৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়া গুটখা, ধঁপাতজাতীয় সামগ্ৰী আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছিল।
এই অভিযানৰ সময়তে উদয় চৌৰাছিয়াক STF-এ গ্ৰেপ্তাৰ কৰিছিল। তদন্তৰ সময়ত ৰে’লৱেৰ নথিপত্ৰত সামগ্ৰীসমূহ কাপোৰৰ সামগ্ৰী বুলি উল্লেখ কৰি প্ৰকৃততে গুটখা আৰু পান মছলা সৰবৰাহ কৰাৰ অভিযোগ পোহৰলৈ আহিছিল। অৰ্থাৎ, ৰে’লযোগে সামগ্ৰী সৰবৰাহৰ সময়ত প্ৰকৃত সামগ্ৰীৰ পৰিচয় গোপন কৰি কাপোৰৰ সামগ্ৰী বুলি দেখুওৱাৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনাৰ পিছত গোচৰটোৰ তদন্তৰ দায়িত্ব পৰৱৰ্তী সময়ত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)-এ গ্ৰহণ কৰে। অবৈধ ব্যৱসায়ৰ জৰিয়তে ধন উপাৰ্জন, কৰ ফাঁকি আৰু এই ব্যৱসায়ৰ সৈতে জড়িত আৰ্থিক লেনদেনৰ দিশসমূহ পৰীক্ষা কৰাৰ উদ্দেশ্যে ED-এ তদন্ত অব্যাহত ৰাখে।
সেই তদন্তৰ অংশ হিচাপেই আজি গুৱাহাটী, শ্বিলং আৰু পলাশবাৰীৰ মুঠ ৬টা স্থানত EDৰ অভিযান চলিছে। বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দুটা কাৰখানাত চলোৱা এই তালাচী অভিযানত অবৈধ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত নথিপত্ৰ, আৰ্থিক লেনদেন আৰু অন্যান্য তথ্য-প্ৰমাণৰ সন্ধান চলোৱা হৈছে।
এই অভিযানৰ জৰিয়তে নিষিদ্ধ গুটখা আৰু পান মছলাৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত চক্ৰটোৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। অৱশ্যে EDৰ অভিযানৰ পিছত তদন্তত কি কি তথ্য উদ্ধাৰ হয় সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















