• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

2 minutes ago
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

18 minutes ago
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

54 minutes ago
AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

1 hour ago
পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

2 hours ago
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

3 hours ago
মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

3 hours ago
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

4 hours ago
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

5 hours ago
সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

5 hours ago
পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

6 hours ago
৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!

৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!

6 hours ago
বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা

বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

বলীউডৰ বৃহৎ বাজেটৰ ছবিৰ ভিৰতো অসমীয়া ছবিৰ জয়যাত্ৰা

editor by editor
November 26, 2026
in অসম, চিনেমা, বিনোদন
0
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ যেন পুনৰ উভতি আহিছে ভাল দিন। একেৰাহে নতুন নতুন ছবিৰ মুক্তি, ছবিৰ মান উন্নত কৰাৰ প্ৰয়াস আৰু সৰ্বোপৰি ছবিগৃহলৈ দৰ্শকৰ স্বতঃস্ফূৰ্ত আগমন—এই সকলোবোৰে অসমীয়া চিনেমাৰ ভৱিষ্যতক লৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। বিগত কিছু সময়ত মুক্তি পোৱা কেইবাখনো ছবিয়ে ব্যৱসায়িক সফলতাৰ লগতে দৰ্শকৰ মনত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিকতাৰ মাজতে এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তপন দাস আৰু যতীন বৰাৰ অভিনীত নতুন অসমীয়া ছবি ‘অদৃশ্য’।

ৰাজ্যৰ বিভিন্ন ছবিগৃহত ছবিখনক লৈ দৰ্শকৰ উৎসাহ, টিকটৰ চাহিদা আৰু হাউছফুল পৰিৱেশে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে ভাল কাহিনী, শক্তিশালী অভিনয় আৰু সঠিক উপস্থাপনে অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ কেতিয়াও কমি নাযায়। কেৱল বিনোদনৰ মাধ্যম হিচাপেই নহয়, অসমীয়া চলচ্চিত্ৰও যে দৰ্শকৰ বাবে এক আবেগ আৰু সাংস্কৃতিক পৰিচয়ৰ অংশ, ‘অদৃশ্য’ৰ প্ৰতি দেখা সঁহাৰিয়ে সেই কথাকে প্ৰতিফলিত কৰিছে।

‘কাঞ্চনজংঘা’, ‘মিছন চাইনা’, ‘ভাইমন দা’, ‘ৰৈ ৰৈ বিনালে’, ‘চুপা চুপি’ৰ দৰে ছবিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ব্যৱসায়িক সম্ভাৱনাক নতুনকৈ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। এই ছবিসমূহৰ সফলতাই এটা কথা স্পষ্ট কৰি দিছে—অসমীয়া দৰ্শকে নিজৰ ভাষাৰ ছবিৰ বাবে ছবিগৃহলৈ আহিবলৈ সদায় আগ্ৰহী, যদিহে ছবিখনে তেওঁলোকক আকৰ্ষণ কৰিব পৰা কাহিনী আৰু উপস্থাপন আগবঢ়ায়।

এই সফলতাৰ ধাৰাত নতুন সংযোজন হিচাপে পৰিগণিত হৈছে ‘অদৃশ্য’। ছবিখনৰ মুক্তিৰ পিছৰে পৰা বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ দেখা গৈছে। বিশেষকৈ ৰহস্যধৰ্মী কাহিনী, অভিজ্ঞ অভিনেতাৰ অভিনয় আৰু ছবিখনৰ প্ৰচাৰিত বিষয়বস্তুৱে দৰ্শকৰ মাজত কৌতূহল সৃষ্টি কৰিছে। ছবিখন চাবলৈ অহা দৰ্শকৰ সঁহাৰিয়ে নিৰ্মাতা আৰু পৰিচালকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।

অসমীয়া চলচ্চিত্ৰৰ দৰ্শকৰ বাবে তপন দাস আৰু যতীন বৰা—দুয়োগৰাকী অভিনেতাই বিশেষ পৰিচয় বহন কৰে। নিজ নিজ অভিনয় দক্ষতা, চৰিত্ৰৰ সৈতে একাত্ম হোৱাৰ ক্ষমতা আৰু দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে দুয়োগৰাকীয়ে অসমীয়া চলচ্চিত্ৰ জগতত এক সুকীয়া স্থান দখল কৰি আছে।

এক দীৰ্ঘ বিৰতিৰ পিছত দুয়োগৰাকী অভিনেতাই ‘অদৃশ্য’ৰ জৰিয়তে একেলগে সম্পূৰ্ণ ছবিখনত অভিনয় কৰাটো ছবিখনৰ অন্যতম বিশেষ আকৰ্ষণ। দৰ্শকৰ বাবে এয়া কেৱল দুগৰাকী অভিনেতাৰ কেমেৰাৰ সন্মুখৰ উপস্থিতিয়েই নহয়; বৰং অসমীয়া ছবিৰ এক চিনাকি অভিনয়শৈলী, অভিজ্ঞতা আৰু পৰ্দাত শক্তিশালী উপস্থিতিৰ পুনৰ উপভোগ কৰাৰ সুযোগ। দুয়োগৰাকী অভিনেতাৰ অভিনয় দক্ষতা অসমীয়া দৰ্শকৰ বাবে নতুন নহয়। কিন্তু সময়ৰ সৈতে সলনি হোৱা কাহিনী, নতুন চৰিত্ৰ আৰু আধুনিক চলচ্চিত্ৰ নিৰ্মাণৰ পৰিৱেশত তেওঁলোকৰ অভিনয়ক পুনৰ নতুন ৰূপত দেখাৰ সুযোগে ‘অদৃশ্য’ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিছে।

‘অদৃশ্য’ত তপন দাস, যতীন বৰাৰ উপৰিও আন এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। তপন দাস আৰু যতীন বৰাৰ দৰে অভিজ্ঞ অভিনেতাৰ সৈতে তেওঁৰ অভিনয়েও ছবিখনত এক বিশেষ মাত্ৰা সংযোজন কৰিছে। একেদৰে হিংমাশু প্ৰসাদ দাস, প্ৰণামী বৰা, বণী দেউৰী, নৱজ্যোতি নাথকে ধৰি কেইবাগৰাকীও শিল্পীৰ অভিনয়ে দৰ্শকক আমোদ, সন্তুষ্টি দিছে।

এখন ছবিৰ সফলতা কেৱল মুখ্য অভিনেতা-অভিনেত্ৰীৰ ওপৰত নিৰ্ভৰশীল নহয়। কাহিনীৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰতিটো চৰিত্ৰৰ সঠিক উপস্থাপন, অভিনয়ৰ সামঞ্জস্য আৰু পৰ্দাত চৰিত্ৰসমূহৰ মাজৰ সম্পৰ্কই ছবিখনক অধিক বিশ্বাসযোগ্য কৰি তোলে। ‘অদৃশ্য’ৰ ক্ষেত্ৰতো একাধিক শিল্পীৰ উপস্থিতিয়ে ছবিখনৰ কাহিনী আৰু পৰিৱেশক অধিক সমৃদ্ধ কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে।

‘অদৃশ্য’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপে। এক ব্যতিক্ৰমী কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনে দৰ্শকক আৰম্ভণিৰ পৰা শেষলৈকে কাহিনীৰ সৈতে সংযুক্ত কৰি ৰখাৰ প্ৰয়াস কৰিছে। ৰহস্যধৰ্মী ছবিৰ ক্ষেত্ৰত কাহিনীৰ গতি, চৰিত্ৰৰ আচৰণ, ঘটনাৰ সংযোগ আৰু শেষৰ পৰিণতিয়ে বিশেষ গুৰুত্ব বহন কৰে। এই উপাদানসমূহৰ সমন্বয়েই দৰ্শকৰ মনত কৌতূহল আৰু উত্তেজনা সৃষ্টি কৰে।

ছবিখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছে সমুজ্জল কাশ্যপে। ছিক্সথ ছেন্স ছিম্ফণী, কাদম্বৰী কানেক্টিভ প্ৰাইভেট লিমিটেড আৰু জেবি প্ৰডাকশ্বনছৰ বেনাৰত নিৰ্মিত ছবিখনে অসমীয়া চলচ্চিত্ৰৰ পৰিসৰ আৰু বিষয়বস্তুৰ বৈচিত্ৰ্য বৃদ্ধিৰ দিশত এক প্ৰয়াস হিচাপে বিবেচিত হৈছে।

বিশেষকৈ ৰহস্যধৰ্মী আৰু থ্ৰিলাৰধৰ্মী ছবিৰ ক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰ উদ্যোগে নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। দৰ্শকৰ মনত কৌতূহল সৃষ্টি কৰিব পৰা বিষয়বস্তু আৰু শক্তিশালী চিত্ৰনাট্যই ছবিৰ ব্যৱসায়িক সফলতাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ‘অদৃশ্য’ৰ প্ৰতি দেখা সঁহাৰিয়ে এনে বিষয়বস্তুৰ প্ৰতি অসমীয়া দৰ্শকৰ আগ্ৰহৰ ইংগিত দিছে।

ছবিখন উপভোগ কৰি ছবিগৃহৰ পৰা ওলাই অহা একাংশ দৰ্শকে ‘অদৃশ্য’ৰ কাহিনীক অজয় দেৱগনৰ অভিনীত হিন্দী ছবি ‘দৃশ্যম’ৰ সৈতে তুলনা কৰিছে। তেওঁলোকৰ মতে, ‘অদৃশ্য’ৰ কাহিনীত থকা ৰহস্য আৰু কৌতূহলে তেওঁলোকক যথেষ্ট আকৰ্ষিত কৰিছে। অৱশ্যে এনে তুলনা দৰ্শকৰ ব্যক্তিগত অভিজ্ঞতা আৰু মতামতৰ ওপৰত নিৰ্ভৰশীল। হাজাৰ হাজাৰ কোটি বাজেটেৰে নিৰ্মিত ‘ৰামায়ণ’-এ সমগ্ৰ দেশতে চৰ্চাৰ শিৰোনাম দখল কৰি থকা সময়তে অসমৰ ছবিগৃহসমূহত দৰ্শকৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু ‘অদৃশ্য’ হোৱাটোৱে ইয়াকে সূচায় যে সুন্দৰ অভিনয়, সুন্দৰ কাহিনীৰ লগতে সুন্দৰ সম্পাদনা, সুন্দৰ সংগীত, সুন্দৰ পৰিচালনাৰ পুঞ্জীভূত সমষ্টিৰে নিৰ্মিত যিকোনো অসমীয়া ছবিয়ে বিগ বাজেটৰ বলীউডৰ ছবিৰ সৈতেও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

বৰ্তমান সময়ত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত বৃহৎ বাজেটৰ ছবি, তাৰকা অভিনেতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাৰ এক শক্তিশালী প্ৰতিযোগিতা চলি আছে। এনে পৰিৱেশত বৃহৎ পৰিসৰৰ ছবি আৰু বহুচৰ্চিত প্ৰকল্পৰ মাজতো অসমীয়া ছবিয়ে নিজৰ দৰ্শক সৃষ্টি কৰি ছবিগৃহত সঁহাৰি লাভ কৰাটো এক উল্লেখযোগ্য দিশ। ‘ৰামায়ণ’ৰ দৰে বহুচৰ্চিত ছবিৰ প্ৰতি থকা আগ্ৰহৰ সমান্তৰালকৈ ‘অদৃশ্য’ৰ প্ৰতি অসমত দেখা দৰ্শকৰ উৎসাহে স্থানীয় চলচ্চিত্ৰ উদ্যোগৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। এই সঁহাৰিয়ে দেখুৱাইছে যে দৰ্শকে কেৱল বাজেট, তাৰকা বা প্ৰচাৰৰ ওপৰত ভিত্তি কৰি ছবি নিৰ্বাচন নকৰে; কাহিনী, অভিনয়, ভাষা আৰু নিজৰ সাংস্কৃতিক পৰিৱেশৰ সৈতে থকা সংযোগেও ছবিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নিৰ্ধাৰণ কৰে।

এখন ছবিৰ প্ৰতি দৰ্শকৰ সঁহাৰি কেৱল সমালোচনাৰ ভাষাৰে প্ৰকাশ নহয়। ছবিখন উপভোগ কৰাৰ পিছত তেওঁলোকৰ মুখত দেখা সন্তুষ্টিৰ হাঁহি, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ছবিখনৰ বিষয়ে আলোচনা কৰা, আনক ছবিখন চাবলৈ পৰামৰ্শ দিয়া—এইবোৰো ছবিৰ জনপ্ৰিয়তাৰ অন্যতম সূচক। ‘অদৃশ্য’ৰ ক্ষেত্ৰতো এনে অভিজ্ঞতাৰ কথা চৰ্চালৈ আহিছে। কোনো কোনো দৰ্শকে আন বহুচৰ্চিত ছবিৰ সলনি অসমীয়া ছবিখন চাবলৈ ছবিগৃহলৈ অহাটো অসমীয়া চলচ্চিত্ৰৰ বাবে ইতিবাচক বাৰ্তা।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান
অপৰাধ

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

November 26, 2026
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ
বিনোদন

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

November 26, 2026
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য
উত্তৰ-পূব

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

November 26, 2026
পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা
অসম

পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

November 26, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.