অসম লাইভ ২৪ঃ প্ৰৱঞ্চনাৰ বলি বলীউডৰ অভিনেত্ৰী শ্বাৱানা আজমী। বৃহস্পতিবাৰে মুম্বাইৰ সুৰা ডেলিভাৰী প্লেটফৰ্ম living liquidzৰ প্ৰৱঞ্চনাৰ বলি হ’ল অভিনেত্ৰীগৰাকী। টুইটযোগে এই কথা শ্বেয়াৰ কৰি ক্ষোভ প্ৰকাশ কৰে শ্বাৱানা আজমীয়ে। টুইটাৰযোগে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ অৰ্ডাৰটোৰ বাবদ আগতীয়াকৈ পৰিশোধ কৰিছিল মূল্য। কিন্তু তেওঁ অৰ্ডাৰ দিয়া সামগ্ৰী লাভ নকৰিলে। ইয়াৰোপৰি তেওঁৰ ফোনকলৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল living liquidzৰ কৰ্মচাৰী। অভিনেত্ৰীগৰাকীয়ে living liquidzৰ সৈতে নিজৰ একাউণ্ট নং আৰু বেংক ডিটেইলচ শ্বেয়াৰ কৰিছিল। টুইটাৰযোগে তেওঁ কয়, ‘সাৱধান হওক, মই living liquidzৰ প্ৰৱঞ্চনাৰ বলি হ’লো। মই অৰ্ডাৰ দিয়া সামগ্ৰীৰ বাবে আগতীয়াকৈ মূল্য পৰিশোধ কৰিছিলো আৰু যেতিয়া সামগ্ৰী লাভ নকৰিলো, তেওঁলোকে মোৰ ফোনকলৰ উত্তৰ দিয়া বন্ধ কৰিলে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















