শেহতীয়াকৈ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক জিমৰ পৰা ওলোৱাৰ পিছত গাড়ীত গুলী কৰিছিল। বাইকত অহা তিনিজন দুৰ্বৃত্তই টাইগাৰ শ্ৰফক ৭ জাই গুলীচালনা কৰে। এই আক্ৰমণত টাইগাৰ শ্ৰফৰ চালক গুৰুতৰভাৱে আহত হয়। এই আক্ৰমণত আন এজন ইউটিউবাৰো আহত হয়। অৱশ্যে টাইগাৰ শ্ৰফ কোনো ক্ষতি নোহোৱাকৈয়ে পলায়ন কৰে। টাইগাৰৰ ওপৰত এই আক্ৰমণৰ পিছত মুম্বাইৰ চেলিব্ৰিটিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ইফালে এই আক্ৰমণৰ পিছত টাইগাৰ শ্ৰফে এটা ডাঙৰ সিদ্ধান্ত লৈছে। মুম্বাইত অৱস্থিত নিজৰ বিলাসী ঘৰটো তেওঁ বিক্ৰী কৰিবলৈ সাজু হৈছে। খবৰ অনুসৰি তেওঁ ঘৰটো ৯ কোটি টকাত বিক্ৰী কৰিছে। শুনা গৈছে যে টাইগাৰ শ্ৰফে নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা বিবেচনা কৰি খাৰ ৱেষ্টৰ ঘৰটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই ঘৰৰ লেনদেন তিনিদিন আগতে অৰ্থাৎ ২২ অক্টোবৰত সম্পূৰ্ণ হৈছিল।
লাভ কৰা তথ্য অনুসৰি টাইগাৰ শ্ৰফৰ ফ্লেটটো খাৰ পশ্চিমৰ বহুমহলীয়া ভৱন ‘ৰুষ্টমজী পেৰামাউণ্ট ক’অপাৰেটিভ হাউছিং ছ’চাইটি’ৰ নৱম মহলাত আছিল। প্ৰায় ১৩০০ বৰ্গফুটৰ এই ফ্লেটটোৰ ৯৫ বৰ্গফুটৰ বিশাল বেলকনি। মন কৰিবলগীয়া যে ২০১৮ চনত টাইগাৰে এই ফ্লেটটো ৭.৬ কোটি টকাত ক্ৰয় কৰিছিল, যিটো এতিয়া তেওঁ ৯ কোটিত বিক্ৰী কৰিছে।
টাইগাৰে ফ্লেটটো কিয় বিক্ৰী কৰিলে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে জানিব পৰা হোৱা নাই। নিৰাপত্তাজনিত কাৰণত ফ্লেটটো বিক্ৰী কৰিছিল নে আন কিবা কাৰণত তাক লৈ বহু বিতৰ্ক চলিছে। আনহাতে, টাইগাৰত আক্ৰমণৰ ঘটনাত আৰক্ষীয়ে ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে এই গোচৰৰ দহজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰৰ সৈতে জড়িত সকলোকে লৈ গৈছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















