অসম লাইভ ২৪ঃ আপুনি যদি প্ৰশ্ন কৰে, এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিৰ দাঁত কেইটা? উত্তৰটো অৱশ্যেই ৩২ হ’ব। কিন্তু বিহাৰৰ এগৰাকী ব্যক্তিৰ দাঁত ১৪৪ টা। তলৰ পাৰিৰ দাঁতৰ তলতো আছে বহু অতিৰিক্ত দাঁত। শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। বিহাৰৰ নীতিশ কুমাৰৰ দাঁত মুঠ ১৪৪টা। কিন্তু এয়া ঈশ্বৰপ্ৰদত্ত নহয়, চিকিৎসকৰ মতে ই এক প্ৰকাৰৰ বিৰল ৰোগ। এয়া এক প্ৰকাৰৰ টিউমাৰ। অলপতে অস্ত্ৰোপচাৰৰ জৰিয়তে নীতিশ কুমাৰৰ ৮২টা দাঁত উঠাই দিছে চিকিৎসকে। চিকিৎসকৰ মতে, এক লাখজন ব্যক্তিৰ মাজত এজনৰ শৰীৰতহে দেখা পোৱা যায় এই অডলট’মা টিউমাৰ। দাঁতৰ বিকাশত সমস্যা হ’লেই এই টিউমাৰৰ সৃষ্টি হয়। পাটনাৰ ‘গান্ধী ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স’ৰ চিকিৎসকে সফলভাৱে সম্পন্ন কৰে অপাৰেচন। নীতিশ কুমাৰৰ মুখৰ আকৃতিও বিকৃত হৈ পৰিছিল এই অতিৰিক্ত দাঁতসমূহৰ বাবে। সম্প্ৰতি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে নীতিশ কুমাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ