অসম লাইভ ২৪ঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এইবাৰ খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপত উদ্ধাৰ গৈছে এগৰাকী মহিলাৰ মৃতদেহ৷ ডাষ্টবিনৰ কাষত টুকুৰা টুকুৰকৈ পলিথিনত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটোৰ ককালৰ তলৰ অংশ৷ শৰীৰৰ বাকী অংশ এতিয়াও উদ্ধাৰ হোৱা নাই৷ ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ শৰীৰৰ বাকী অংশ উদ্ধাৰ কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে৷ ইফালে, মহানগৰীত প্ৰায় প্ৰতিদিনে পোহৰলৈ আহিছে ইটোৰ পাছত সিটো হত্যাকাণ্ডৰ ঘটনা৷ উজানবজাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতেই সংঘটিত হৈছিল বৰাগাঁও হত্যাকাণ্ড, পৰৱৰ্তী সময়ত বেলতলাৰ ছাৰ্ভেত বৃদ্ধ দম্পত্তিক নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই৷ পুনৰ সেই ঘটনাৰ ৰহস্য মাৰ নাযাওতেই খানাপাৰাত উদ্ধাৰ হয় আন এক মৃতদেহ৷ ধাৰাবাহিকভাৱে সংঘটিত এনে চাঞ্চল্যকৰ খবৰে মহানগৰবাসীৰ লগতে উদ্বেগ বৃদ্ধি কৰিছে ৰাজ্যবাসীৰ মাজত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















