কোভিড-১৯ ৰ এই ভয়াৱহ সময়ছোৱাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে মাস্ক পৰিধান এক অন্যতম সতৰ্কতা৷ বিশেষকৈ ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক৷ নিজৰ লগতে আন দহজনৰ সুৰক্ষাৰ স্বাৰ্থত শিশুৰ পৰা বয়স্কলৈকে প্ৰতিগৰাকী সচেতন ব্যক্তিয়েই মাস্ক পৰিধান কৰা দেখা পোৱা যায়৷
কিন্তু স্বাস্থ্য মন্ত্ৰালয়ৰ এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে চিন্তনীয় তথ্য৷ শিশুৰ বাবে উপযোগী নহয় মাস্ক৷ বিশেষকৈ ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত বিশেষভাৱে উচিত নহয় মাস্ক পৰিধান৷ ১২ ৰ ঊৰ্ধৰ কিশোৰ তথা বয়স্ক লোকেহে মাস্ক পৰিধান কৰিব লাগে৷ আনহাতে ৬-১১ বছৰ বয়সৰ শিশুৱে সুৰক্ষিত আৰু উচিতভাৱে মাস্ক পৰিধান কৰিব পাৰে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই নিৰ্দেশনা৷
দেশত কোভিডৰ তৃতীয় ঢৌৰ ভয়াৱহতাৰ মাজতে শিশু আৰু কিশোৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে কোভিড সম্পৰ্কীয় এই বিশেষ নিৰ্দেশনাৱলী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















