অসম লাইভ২৪ঃ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান। মৃত্যুৰ সময়ত বশিষ্ঠ দেৱ শৰ্মাৰ বয়স হৈছিল ৮৪ বছৰ। আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে বুঢ়াসত্ৰীয়াজনে। দীৰ্ঘদিনে যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল সত্ৰাধিকাৰগৰাকী। কৃত্ৰিমভাৱে বহুদিন ধৰি অক্সিজেন যোগান ধৰি থকা হৈছিল সত্ৰাধিকাৰগৰাকীক। ২০০৭ চনত বশিষ্ঠ দেৱ শৰ্মাই বুঢ়াসত্ৰীয়া হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল।
উল্লেখ্য যে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসানৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰিছে। মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰি লিখিছে, ‘বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব ।’
শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ