• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষক বশিষ্ঠ দেৱ শৰ্মা কেনেকৈ হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

শিক্ষক বশিষ্ঠ দেৱ শৰ্মা কেনেকৈ হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

5 minutes ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

20 minutes ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

50 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

1 hour ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

2 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

3 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

4 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

7 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিক্ষক বশিষ্ঠ দেৱ শৰ্মা কেনেকৈ হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 22, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
শিক্ষক বশিষ্ঠ দেৱ শৰ্মা কেনেকৈ হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বশিষ্ঠ দেৱ শৰ্মাৰ মহাপ্ৰয়াণ অসমৰ সমাজ জীৱনলৈ অপূৰণীয় ক্ষতি। শনিবাৰে বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে বুঢ়াসত্ৰীয়াগৰাকীয়ে। ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰিছিল বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ পিতৃ-মাতৃ ক্ৰমে গিৰীশ চন্দ্ৰ শৰ্মা আৰু দময়ন্তী দেৱী৷ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা বৃত্তিত এগৰাকী শিক্ষক আছিল৷

বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছিল৷ শিশু কালৰে পৰা সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানবোৰৰ সৈতে জড়িত হৈ পৰিছিল বশিষ্ঠ দেৱ শৰ্মা৷ ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে নিমন্ত্ৰিত হোৱা বশিষ্ঠ দেৱ শৰ্মাই পৰৱৰ্তী সময়ত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বীৰ নাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি পৰিবেশন কৰিছিল৷

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীতৰ ভাঙনিৰে তেওঁ শ্ৰীবৎস চিন্তা, নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটক পৰিচালনা কৰিছিল৷ ৰাজ্যৰ বাহিৰত অৰ্থাৎ পশ্চিমবংগ, বিহাৰ, দিল্লী, পঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বুঢ়াসত্ৰীয়াগৰাকীয়ে অহোপুৰুষাৰ্থ কৰিছিল৷ সুন্দৰ, হৰি গুণ গাই নাচা, মোহন কলীয়া, দেৱ যদুপতি, বনমালী ৰাম আদি শ্ৰব্য কেছেটসমূহ পৰিচালনা কৰাৰ লগতে শ্ৰব্য কেছেটসমূহত সন্নিবিষ্ট থিয় নাম, ঘোষা নাম, প্ৰাৰ্থনা আদিতো তেওঁ কণ্ঠদান কৰিছিল৷

১৯৯৩ চনত তেওঁ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে নিৰ্বাাচিত হয়৷ নিষ্ঠা আৰু সততাৰে ১৪ বছৰ ধৰি ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়োৱাৰ পিচত ২০০৭ চনত তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হয়৷ মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পদত অধিষ্ঠিত হৈ আছিল৷ সমান্তৰালভাৱে তেওঁ উজনি আৰু নামনি অসমত থকা বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহকো নেতৃত্ব দি আহিছিল৷ ৰাজ্যৰ বিভিন্ন স্থানত থকা বৰপেটা সত্ৰৰ প্ৰায় ৩০০ শাখা সত্ৰক তেওঁ পুনৰ সংগঠিত কৰিছিল৷

বশিষ্ঠ দেৱ শৰ্মাৰ অভিনয় প্ৰতিভা আছিল উল্লেখনীয়৷ দেশৰ বিভিন্ন ঠাইত মঞ্চস্থ হোৱা যাত্ৰা আৰু অংকীয়া ভাওনাত তেওঁ অভিনয় কৰিছিল৷ বিহাৰৰ পাটনাৰ কালীদাস ৰংঙ্গ মঞ্চত মঞ্চস্থ হোৱা ‘বন্দী মাছৰ গদ্য ‘নামৰ নাটকত তেওঁ অভিনয় কৰিছিল৷ কিশোৰী মোহন পাঠকৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘মথুৰা পুৰীৰ মথুৰা দাস’ নামৰ নাটখনত তেওঁ মথুৰা দাস বুঢ়া আতাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ তেওঁ কেবাখনো বঙালী নাটক অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেওঁ অসমৰ বিভিন্ন স্থানত বহুত সংখ্যক নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু নামঘৰসমূহক বৰপেটা সত্ৰৰ মূল সত্ৰীয়া ৰীতি-নীতিৰ সৈতে সংযোগ কৰোৱাইছিল৷ সমাজৰ নিষ্পেষিত-নিপীড়িত আৰু অনুসূচিত জাতি-জনজাতিসকলক তেওঁ ধৰ্মীয় বাণীৰে উদ্বুদ্ধ কৰিছিল৷ পিছপৰা অঞ্চলৰ বহু সংখ্যক লোকক তেওঁ ভাগৱতৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ তদুপৰি যোৰহাট জিলাৰ তিতাবৰৰ ঠেঙাল কছাৰীৰ মাজত,লখিমপুৰ জিলাৰ পাঠালি পাহাৰ,নাওবৈচা আদি অঞ্চলত তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিছিল৷ ২০১২ চনত কোকৰাঝাৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত হতাহতৰ একাংশ পৰিয়ালৰ মাজত খাদ্য, বস্ত্ৰ, ঔষধ, খোৱা পানী,শিশু খাদ্য আদি বিতৰণ কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দিছিল৷

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৰচনা কৰিছিল কেইবাখনো গ্ৰন্থ। তাৰ ভিতৰত নাওখেলৰ গীত, মহোহো গীত, থানৰ বাতৰি সোধা, সুন্দৰীদিয়া পূব হাটীৰ থিয়নাম-এক মধুৰ সোঁৱৰণ ইত্যাদি৷ তেখেতৰ অপ্ৰকাশিত গ্ৰন্থসমূহ হৈছে ভৱ ৰোগৰ ঔষধ কৃষ্ণ কথা,সত্ৰত শৰণৰ ব্যৱস্থা,ৰাস তত্ব,ভকত ভঞ্জন,মানৱ জীৱন চন্দন কথা,ধৰ্ম ইত্যাদি৷ তেখেতৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থখন হৈছে ‘সত্ৰীয়া নীতি বিচাৰ৷’ সত্ৰীয়া ধৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে বশিষ্ট দেৱ শৰ্মাই তেখেতৰ জীৱন কালত বিভিন্ন বঁটা-বাহনেৰে সন্মানিত হয়৷ তেখেতক ২০১১ চনত সাংস্কৃতিক মহাসভাই প্ৰদান কৰে জীৱনজোৰা সাংস্কৃতিক সাধনা বঁটা৷ একেটা বৰ্ষত বামুনা সত্ৰই তেখেতক প্ৰদান কৰে শ্ৰীশ্ৰী দৈতাৰী ঠাকুৰদেৱ বঁটা৷ ২০১২ চনত গুৱাহাটীৰ নুনমাটিৰ জাতীয় বিদ্যালয়ৰ পৰা লাভ কৰে ফেল’শ্বিপ৷

২০১৩ চনত বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে তেখেতক মথুৰা দাস বুঢ়া আতা বঁটা প্ৰদান কৰে৷ ২০১৪ চনত মাজুলীৰ কমলাবাৰী সত্ৰৰ শ্ৰীশ্ৰী বদলা আতা সেৱা সমিতিয়ে তেখেতক প্ৰদান কৰে শ্ৰীশ্ৰী বদলা পদ্ম আতা বঁটা ৷ যোৰহাটৰ সঞ্চাৰণে ২০১৬ চনত তেখেতক শংকৰ-মাধৱ বঁটাৰে সন্মানিত কৰে৷ একেটা বৰ্ষত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে তেখেতক হাউলী বঁটা আৰু অসম সত্ৰ মহাসভাই সত্ৰ ৰত্ন বঁটা প্ৰদান কৰে৷ ২০১৭ চনত কৃষ্ণানন্দ বঁটা নিৰ্ণায়ক সমিতিৰ পৰা বশিষ্ঠ দেৱ শৰ্মাক কৃষ্ণানন্দ বঁটা প্ৰদান কৰা হয়৷ ২০১৮ চনত অখিল ভাৰত হিন্দু মহাসভাই তেখেতক প্ৰদান কৰে লুইতপৰীয়া জীৱনজোৰা সাধনা বঁটা৷ ২০২০ চনত অসম চৰকাৰে তেখেতক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰে৷ ২০২১ চনত সুন্দৰীদিয়া সত্ৰৰ পৰা মাধৱদেৱ বঁটা প্ৰদান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
Next Post
জুবিনে কৈছে, অসমীয়া জাতিৰ গুৰু কোন কোনেও নাজানে, সাহিত্য সভাৰ কথানো কি কওঁ নিজৰ পৰিচয় নিজেই ভুলকৈ লিখে

জুবিনে কৈছে, অসমীয়া জাতিৰ গুৰু কোন কোনেও নাজানে, সাহিত্য সভাৰ কথানো কি কওঁ নিজৰ পৰিচয় নিজেই ভুলকৈ লিখে

ৰাজ্যিক কৰ্মচাৰীলৈ দীপাৱলী উপহাৰ! কোনে কিমান লাভ কৰিব মৰগীয়া বানচ?

ৰাজ্যিক কৰ্মচাৰীলৈ দীপাৱলী উপহাৰ! কোনে কিমান লাভ কৰিব মৰগীয়া বানচ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.