• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

4 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

4 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

4 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

5 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

7 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

7 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

8 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

9 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

9 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

10 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

editor by editor
October 27, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, জীৱনশৈলী, লেখা
0
৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?
0
SHARES
820
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডঃ বেজবৰুৱা-২ নোচোৱাকৈয়ে গ’লগৈ অভিনেতা নিপন গোস্বামী। ১৯৬৫ চনৰ পৰা জীৱনৰ প্ৰায় শেষৰ দিনকেইটালৈকে অভিনয়কেই সামৰি গ’লগৈ শিল্পীগৰাকী। অভিনয়ক কিমান ভালপালে শাৰীৰিক অসুস্থাকো নেওচা দি অভিনয়ত নিজকে সঁপি দিব পাৰে! ৫৭ বছৰে অসমীয়া ছবি জগতত অভিনয় কৰি যোৱা নিপন গোস্বামীয়ে অসমৰ অন্য এক জনপ্ৰিয় উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’ক দিয়া নাট্যৰূপত চন্দনৰ চৰিত্ৰটোত অভিনয় কৰি গৈছে।

১৯৪৭ চনত সাংস্কৃতিক নগৰী তেজপুৰৰ কলিবাৰীত জন্ম হৈছিল নিপন গোস্বামী। প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰে। অসমীয়া বোলছবিৰ ‘তাৰকা অভিনেতা’ৰ শাৰীৰ থকা মুষ্টিমেয় কেইজনমান অভিনেতাৰ ভিতৰত তেৱো অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিত অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰিছিল। ১০০-ৰো অধিক ছবিত কাম কৰিছিল নিপন গোস্বামীয়ে।

২০২১ বৰ্ষত নিপন গোস্বামীক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হয়৷ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা, আৰু মাতৃ নিৰুপমা গোস্বামীয়েও সংগীত চৰ্চাত জড়িত আছিল। নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কৰিছিল কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত ‘তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত শিক্ষা গ্ৰহণ কৰে। সাংস্কৃতিক পৰিবেশ নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিতভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।

স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে অভিনয় আৰম্ভ কৰিছিল। প্ৰায় ৯ বছৰ বয়সত তেখেতে প্ৰথমে ‘লাচিত বৰফুকন’ নাটকত বিদ্যালয়ৰ লগৰীয়া কেইজনমানক লগত লৈ নাটকখন ৰূপায়ন কৰিছিল। হাইস্কুলত পঢ়া কালতো বহুকেইখন নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। বি এ ফাইনেল পৰীক্ষা দিয়াৰ পাছত তেখেতে কলিকতালৈ গৈ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে বাছনি পৰীক্ষাত বহে। ১৯৬৫ চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যাত্ৰা কৰে।

Nipon Goswami Passes Away

সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ পোনপ্ৰথমে ছবিৰ জগতত ভুমুকি মাৰে। পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণমৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

Nipon Goswami - Assamese actor film movie cinema assam flimography nippon

নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’। তেখেতৰ পিতৃয়ে অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল। সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে।

Actor Nipon Goswami Hospitalized

১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়। নিপন গোস্বামীয়ে নিজেই কোৱামতে মঞ্চহে তেখেতে বেছিকৈ ভালপায়। সেয়ে তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল। তেখেতে ‘ভ্ৰাম্যমাণ থিয়েটাৰ’টো অভিনয় কৰিছিল। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

গুণমুগ্ধই ক’ত জনাব পাৰিব অভিনেতা নিপন গোস্বামীক শেষ শ্ৰদ্ধা?

নিপন গোস্বামীৰ মৃত্যুত শোকস্তব্ধ অসম লাইভ ২৪-ৰ অধ্যক্ষ নৃপেন দাস, সোঁৱৰিলে তেঁওৰ বাসভৱনলৈ যোৱা সেই বিশেষ সময়ক

নিপন গোস্বামীৰ মৃত্যুত শোকস্তব্ধ অসম লাইভ ২৪-ৰ অধ্যক্ষ নৃপেন দাস, সোঁৱৰিলে তেঁওৰ বাসভৱনলৈ যোৱা সেই বিশেষ সময়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.