অসম লাইভ২৪ঃ শ্বেহনাজ গীল আৰু সিদ্ধাৰ্থ শুক্লাৰ মাজৰ সম্পৰ্কৰ কথা সকলোৰে জ্ঞাত৷ তেওঁলোকৰ মাজৰ সমীকৰণ কিমান মজবুত সেই কথা পৃথককৈ কোৱাৰ প্ৰয়োজন নাই৷ সিদ্ধাৰ্থবিহীনতাত সিদ্ধাৰ্থৰ ওপজা দিনত শ্বেহনাজ গীলে শ্বেয়াৰ কৰিছে আৱেগভৰা পষ্ট৷ শ্বেহনাজে ওপজা দিনৰ শুভেচ্ছা জনাইছে প্ৰয়াত সিদ্ধাৰ্থক৷ শ্বেহনাজে পষ্টত লিখিছে, ‘তোমাৰ সৈতে আকৌ দেখা হ’ব৷’
সিদ্ধাৰ্থ শুক্লাৰ আজি ওপজা দিন৷ ওপজা দিনটোক উদযাপন কৰিবলৈ সিদ্ধাৰ্থ আৰু এই পৃথিৱীত নাই যদিও৷ তেওঁৰ খুবেই ঘনিষ্ঠ শ্বেহনাজে সিদ্ধাৰ্থৰ ওপজা দিনটোক উদযাপন কৰিছে৷ নিশা কেক কাটি ওপজা দিনটোক উদযাপন কৰিছে শ্বেহনাজে৷ ভাইৰেল কেকৰ ফটোত লিখা আছে ১২ঃ১২৷
সিদ্ধাৰ্থৰ সৈতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি শ্বেহনাজে দিছিল৷ সিদ্ধাৰ্থ থাকক বা নাথাকক কথা ৰাখিছে শ্বেহনাজে৷ চঞ্চল শ্বেহনাজ সিদ্ধাৰ্থ আঁতৰি যোৱাৰ পাছতেই গহীন হৈ পৰিছে৷ শ্বেহনাজৰ চকুত লাগি ৰোৱা বিষাদেই কয় সিদ্ধাৰ্থক শ্বেহনাজে আজিও সোঁৱৰে প্ৰতিক্ষণ৷ বিগ বছ-১৩ ত আৰম্ভ হোৱা এই বন্ধুত্ব দীঘলীয়া নহ’ল যদিও সিদ্ধাৰ্থৰ যি ৱান মেন আৰ্মীৰ পৰিচয় সেয়া আজিও চৰ্চাত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ