অসম লাইভ২৪ঃ সনাতন ধৰ্মত শিৱৰাত্ৰীৰ বিশেষ মহত্ব আছে। সেই দিনটোত ভগৱান শিৱ আৰু পাৰ্বতীক বিশেষ আৰাধনা কৰা হয়। মহাশিৱৰাত্ৰী ফাগুন মাহৰ কৃষ্ণ পঞ্চমীত পালন কৰা হয়। এই বৰ্ষত শিৱৰাত্ৰী ১৮ ফেব্ৰুৱাৰী ২০২৩ ত পালন কৰা হ’ব৷ বিশেষ দিনটোত জীৱনৰ সুখ-সমৃদ্ধি, সৌভাগ্য বৃদ্ধিৰ বাবে কি কৰিব? কেনেকৈ শিৱক আৰাধনা কৰিব?
মহাশিৱৰাত্ৰিত শিৱক আৰাধনা কৰাৰ বিশেষ মুহূৰ্ত
জ্যোতিষ শাস্ত্ৰঅনুসৰি এইবাৰৰ শিৱ পূজাৰ লগ্ন ১৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৮.০২ বজাত আৰম্ভ হ’ব আৰু ১৮ ফেব্ৰুৱাৰীৰ আবেলি ৪.১৮ বজাত সমাপ্ত হ’ব৷ অৱশ্যে শিৱৰাত্ৰি ১৮ ফেব্ৰুৱাৰীতহে উদযাপন কৰা হ’ব। পূজাৰ লগ্ন থাকিব ১৮ আৰু ১৯ ফেব্ৰুৱাৰীৰ মাজনিশা ১২.১৬ৰ পৰা ১বাজি ৬ মিনিটলৈ৷ একে সময়তে, মহাশিৱৰাত্ৰি উপবাসৰ মুহূৰ্ত পুৱা ৬.৫৭ বজাৰ পৰা ১৯ ফেব্ৰুৱাৰীৰ আবেলি ৩.৩৩ মিনিটলৈ থাকিব৷
মহাশিৱৰাত্ৰিৰ পূজাৰ বিধি
শিৱৰাত্ৰীৰ দিনা সম্পূৰ্ণ ভক্তিভাৱেৰে শিৱক পূজা অৰ্চনা কৰিব লাগে৷ বিশেষ দিনটোত পুৱাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ভগৱানক উপাসনা কৰিব লাগে৷ শিৱ মন্দিৰলৈ গৈ শিৱলিংগত জল অৰ্পন কৰিব লাগে৷ যদি মন্দিৰলৈ যোৱাত অসুবিধা হয় তেন্তে ঘৰতেই সেই নিয়মসমূহ সমাপন কৰক৷ শিৱলিংগত পঞ্চামৃত আগবঢ়াওক৷ শিৱক বেল পাত, ফুল, চাকি, ফুল, মিঠাই আদি আগবঢ়াব লাগে৷ শিৱ চালিছাও পাঠ কৰাটো প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ