অসম লাইভ২৪ঃ জম্মুকাশ্মীৰ পুনৰ ৩ গৰাকী ভাৰতীয় সেনাৰ অকাল মৃত্যু।
সেনা সূত্ৰই প্ৰকাশ কৰা খবৰ অনুযায়ী কাশ্মীৰৰ কুপওয়া মাছাল ছেক্টৰত সংঘটিত হৈছে এই ঘটনা।
নিহত তিনিওজনে ডোগৰা ৰেজিমেণ্টৰ ১৪ নং বেটেলিয়ানৰ সদস্য।
মৃত তিনিগৰাকীৰ ভিতৰত এজন জুনিয়ৰ কমিছন অফিচাৰ।
সেনা সূত্ৰই প্ৰকাশ কৰামতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে তিনিগৰাকী সেনাই।
বৰফত পিছল খোৱাৰ ফলতেই সংঘটিত হৈছে এই দূৰ্ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ