অসম লাইভ২৪ঃ অৱশেষত পাঠানক লৈ প্ৰতিক্ৰিয়া দাঙি ধৰিলে বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। বিধায়কগৰাকীয়ে চিনেমা সম্পৰ্কত মত দাঙি ধৰিবলৈ গৈ শ্বাহৰুখ খানকেই সমালোচনা কৰিছে।
মন্তব্যত ৰূপজ্যোতি কূৰ্মীয়ে কয়, ‘মই শ্বাহৰুখ খানক চিনি পাওঁ। ২০১১ চনতেই ‘মাই নেইম ইজ খান’ৰ বাবে বঁটা লাভ কৰিছিল শ্বাহৰুখে। তাৰপাছততো বিশেষ কোনো বঁটাও লাভ কৰা নাই। শ্বাহৰুখক চিএম ছাৰে চিনি নোপোৱাটো ডাঙৰ কথা নহয়। শ্বাহৰুখ খান এতিয়া আউটডেটেড এক্টৰ। শ্বাহৰুখ খানৰ একটিঙো ভাল নহয়। মোৰ পাঠান চাবলৈ সময় নাই।অন্য ব্যস্ততা আছে অৱশ্যে মই ব্যস্ত থাকিলেও ডঃ বেজবৰুৱা-২ চামেই। ’
গেৰুৱা ৰঙক লৈয়ো প্ৰতিক্ৰিয়া দাঙি ধৰি ৰূপজ্যোতি কূৰ্মীয়ে কয় যে গেৰুৱা ৰঙৰ এটা মহত্ব আছে। গেৰুৱা ৰঙটো য’তে ত’তে ব্যৱহাৰ কৰিব নালাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ