অসম লাইভ২৪ঃ ‘শৰ্মা জী সকলোতেই মিছা কিয় বিচাৰে? ক’লো নহয়, যোগাত্মক চিন্তাধাৰাৰে জীয়াই থাকক।’ পাঠান মুক্তিলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। দেশৰ সমান্তৰালকৈ বিদেশতো কাইলৈ মুক্তিলাভ কৰিব পাঠানে।
মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানে বহুতৰেই টুইটত ৰিপ্লাই দিছে। বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে শ্বাহৰুখক। সকলোবোৰৰেই পাৰ্যমানে উত্তৰ দিছে শ্বাহৰুখে। শেহতীয়াভাৱে কোনো শৰ্মা উপাধিৰ ব্যক্তিক শ্বাহৰুখে টুইটত দিছে প্ৰত্যুত্তৰ। শ্বাহৰুখে শৰ্মা উপাধিৰ ব্যক্তিগৰাকীক উদ্দেশ্যি লিখিছে, ‘শৰ্মা জী সকলোতেই মিছা কিয় বিচাৰে? ক’লো নহয়, যোগাত্মক চিন্তাধাৰাৰে জীয়াওক।’
শৰ্মাজীক সঁকিয়াই দিয়াৰ পাছতেই বহুতেই এতিয়া এই টুইটটো ভাইৰেল কৰা দেখা গৈছে। অৱশ্যে কোন শৰ্মাজীক উদ্দেশ্যি শ্বাহৰুখে এই প্ৰত্যুত্তৰ দিছিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ