অসম লাইভ২৪ঃ শৰীৰত কোনো ৰোগে বাহৰ পাতিলে কিছু লক্ষণ চকুত পৰেই। কিন্তু কি হৈছে আমি ধৰিব নোৱাৰো। আমাৰ শৰীৰৰ এনে কিছু অংগ আছে যিসমূহত ৰোগৰ লক্ষণ সহজেই প্ৰতিফলিত হয়। নখ হৈছে শৰীৰৰ তেনে এবিধ বিশেষ অংগ। কেইবাটাও ৰোগৰ লক্ষণ নখতেই ফুটি উঠে। নখত কোনসমূহ লক্ষণে দেখা দিলে সাৱধান হ’ব? নখত বিভিন্ন কাৰণত হালধীয়া বৰণ ধৰিব পাৰে। কেতিয়াবা খাদ্যত হালধিৰ পৰিমান বেছি হ’লেও নখত হালধীয়া বৰণ ধৰে। কিন্তু সেই দাগ স্থায়ী নহয়। অৱশ্যে দীৰ্ঘদিন ধৰি লখৰ বৰণ হালধীয়া হৈ থাকিলে সেয়া কিন্তু ৰোগৰ লক্ষণ। নখ হালধীয়া পৰাটো থাইৰয়ডৰো লক্ষণ। সেয়ে নখ বহুদিন ধৰি হালধীয়া হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
নখৰ ওপৰত দাগ
নখৰ ওপৰত দাগ পৰাটো কৰ্কটৰো এটা লক্ষণ। ছালৰ কৰ্কটৰ অন্যতম এটা লক্ষণ হৈছে নখৰ ওপৰত পৰা দাগ। কলা, ধূষৰ নতুবা বাদামী ৰঙৰ দাগ পৰিলে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
বাৰে বাৰে নখ ভাঙি যায়
আয়ৰণৰ অভাৱত নখ ভঙাৰ সমস্যাই দেখা দিয়ে। ইয়াৰোপৰি নখ ভাঙি যোৱাৰ আৰু এটা কাৰণ হৈছে ডায়বেটিছ। এনেদৰে নখ ভাঙি যোৱাৰ সমস্যা দীৰ্ঘদিন ধৰি থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ