অসম লাইভ২৪ঃ ওড়িশাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী নব কিশোৰ দাসলৈ লক্ষ্য কৰি গুলীচালনা।
দেওবাৰে ঝাৰচুগুড়া জিলাৰ এজন সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে স্বাস্থ্য মন্ত্ৰীক উদ্দেশ্যী কৰে গুলীচালনা।
দুটাকৈ গুলীয়ে ভেদি গৈছে স্বাস্থ্যমন্ত্ৰী নব কিশোৰ দাসক বুকু।
সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীক।
মন্ত্ৰী দাসে গান্ধী স্কোৱেৰত তেওঁৰ গাড়ীৰ পৰা ওলাই অহাৰ সময়ত আৰক্ষীগৰাকীয়ে কৰে গুলীচালনা
আৰক্ষী বিষয়াজনে মন্ত্ৰীক উদ্দেশ্যি কমেও চাৰিৰ পৰা পাঁচ জাই গুলী এৰা বুলি প্ৰকাশ।
কি কাৰণত স্বাস্থ্যমন্ত্ৰীক উদ্দেশ্যি গুলী কৰিছিল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ