অসম লাইভ২৪ঃ বলীউডৰ ড্ৰামা কুইন ৰাখী ছাৱন্তৰ মাতৃৰ বিয়োগ। শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছে ৰাখী ছাৱন্তৰ মাতৃয়ে। দীৰ্ঘদিন ধৰি কৰ্কটৰ লগতে ব্ৰেইন টিউমাৰত ভুগি আছিল ৰাখীৰ মাতৃ জয়া ছাৱন্তে।
বিগত কেইবামাহ ধৰি হাস্পতালত ভৰ্তী হৈ আছিল জয়া ছাৱন্ত। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ক্ৰিটিকেল কেয়াৰ হাস্পতালত ভৰ্তী কৰোৱা হৈছিল জয়া ছাৱন্তক। সেই বিষয়ে ৰাখীয়ে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশো কৰিছে। মৃত্যুৰ দিনকেইটাত শৰীৰৰ প্ৰায়সমূহ অংগই বিকল হৈ পৰিছিল জয়া ছাৱন্তৰ। শনিবাৰে নিশা ৰাখীৰ সকলো চেষ্টাক বিফল কৰি মাতৃ জয়া ছাৱন্ত গ’লগৈ। মাতৃ গুচি যোৱাৰ খবৰ জনাই সংবাদমাধ্যমৰ আগতেই ৰাখীয়ে ভাঙি পৰিছে কান্দোনত।
সংবাদিকক উদ্দেশ্যিয়ে ৰাখীয়ে কান্দি কান্দি কৈছে, ‘মা গুচি গ’ল।’ ইয়াৰোপৰি ৰাখীয়ে তেওঁৰ বান্ধৱীকো বাৰে বাৰে সুধিছে এটাই কথা, ‘আদিল ক’ত আছে? আদিল কেতিয়া আহিব?’
উত্তৰ নাই, কোনেও উত্তৰ দিব পাৰ নাই আদিল ক’ত আছে? কিন্তু ইয়াৰ মাজতেই এটা কথা ৰাখীৰ কাৰুকাৰ্যত পৰিস্ফুত যে ৰাখী এগৰাকী সাহসী মহিলা। দুখৰ সৰগ ভাঙি পৰিলে ও ৰাখীয়ে মাতৃৰ শেষকৃত্যৰ আগৰ যাৱতীয় সকলো কামকাজৰ তদাৰক নিজেই কৰিছে। মাতৃৰ মৃত্যুৰ পূৰ্বেও ৰাখীয়ে মাতৃৰ সকলোধৰণেই যত্নও লৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ