অসম লাইভ২৪ঃ শ বছৰীয়া সংগ্ৰাম বিতৰ্কৰ পাছত সঁচা হ’বলৈ গৈছে ৰামমন্দিৰ নিৰ্মাণৰ সপোন। বিশ্বজুৰি থকা কোটি কোটি ৰামভক্তৰ সপোন সঁচা হ’ব। ইয়াৰ মাজতেই ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ৰাম মন্দিৰত ভগৱান ৰামৰ প্ৰতিমূৰ্তি বনাবলৈ বিশেষ শিলটো অনা হৈছে নেপালৰ পৰা। নেপালৰ পৰা শিলটো অনাৰ প্ৰাকমুহূৰ্ততেই কৰা হৈছে পূজা অৰ্চনা। তাৰপাছতেই ভূতাত্ত্বিক আৰু পুৰাতাত্ত্বিক বিশেষজ্ঞৰ তত্বাৱধানত খনন কৰি শিলটো ট্ৰাকেৰে অযোধ্যালৈ অনা হৈছে। শ্ৰদ্ধা ভক্তিৰ মাজেৰে এই শিলটো অযোধ্যালৈ আনি থকা হৈছে। যাত্ৰাপথটো বহুস্থানত পূজা অৰ্চনা কৰিছে ভক্তগণে।
ৰাম মন্দিৰ নিৰ্মাণত থকা ট্ৰাষ্টৰ বিবৃতি
ৰাম মন্দিৰ নিৰ্মাণকাৰী ট্ৰাষ্টে এই বিষয়টোক লৈ বৰ্তমানো কোনো বিবৃতি দিয়া নাই। অৱশ্যে ট্ৰাষ্টৰ সৈতে জড়িত চম্পক ৰায়ে শিলটোৰ সন্দৰ্ভত কয়, ‘ভগৱান ৰামৰ প্ৰতিমা নীলাম্বুজ শ্যামল ৰঙৰ হোৱাৰ লগতে মূৰ্তিটোৰ উচ্চতা প্ৰায় ৫ ফুট ওখ হোৱাৰ সম্ভাৱনা। প্ৰতিমূৰ্তিটো নিৰ্মাণত কি শিল ব্যৱহাৰ হ’ব সেই শিলৰ সন্ধানতেই আছো।’ উল্লেখ্য যে ৰামৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ দায়িত্ব দেশৰ পদ্মভূষণ বঁটা বিজয়ী খনিকৰসকলক দিয়া হৈছে।
ৰাম মন্দিৰ নিৰ্মাণত নেপাল চৰকাৰৰ পূৰ্ণ সহযোগিতা
ভাৰত চৰকাৰ আৰু ৰামমন্দিৰ নিৰ্মাণকাৰী ট্ৰাষ্টক পূৰ্ণ সহযোগিতা আগবঢ়াইছে নেপাল চৰকাৰে। ৰামৰ প্ৰতিমূৰ্তিটো ঐতিহাসিক শিলেৰে নিৰ্মাণ হ’ব লাগে বুলি নেপাল চৰকাৰে তেওঁলোকৰ কেবিনেট বৈঠকতো আলোচনা কৰিছিল। শেষত নেপালৰ কালী গাণ্ডাকী নদীৰ পাৰত শালিগ্ৰামৰ শিল প্ৰেৰণ কৰাৰ বাবে অনুমোদন জনায় নেপাল চৰকাৰে। এনেদৰে বাছনি কৰা শিলটো ৬.৫ নিযুত বছৰ পুৰণি আৰু এই শিলটোৰ বয়স এক লাখ বছৰ বুলি দাবী কৰিছে নেপাল চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ