অসম লাইভ২৪ঃ সম্প্ৰীতিৰ কথাবোৰ এনেকুৱাই৷ ধৰ্মক বিভাজিত কৰিব খোজা একাংশৰ বাবে এয়া দুঃখবৰ৷ অসমৰেই এগৰাকী যুৱতী৷ নলবাৰী জিলাৰ মুছলমান যুৱতীগৰাকীৰ মুখত আখৈ ফুটাদি ফুটে সংস্কৃতৰ শ্লোক৷ ইছলাম ধৰ্মাৱলম্বী যুৱতীগৰাকীয়ে কোৰাণৰ সমান্তৰালকৈ অধ্যয়ন কৰিছে গীতা, ভাগৱত, বেদো৷
বেদতেই স্নাতকোত্তৰ ডিগ্ৰী লৈছে নলবাৰীৰ ছেহনাজ ইয়াছমিনে৷ সততেই ধৰ্মক লৈ ৰাজ্যত বিতৰ্কসমূহ চলি থাকে তাৰ মাজতেই প্ৰাচীন ভাৰতীয় ধৰ্মগ্ৰন্থৰ ওপৰত চৰ্চা চলাই বেদতেই ডিগ্ৰী লোৱাটোক লৈ যুৱতীগৰাকী চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে৷ ছেহনাজে এই সন্দৰ্ভত কয়, ‘হিন্দু, মুছলমান বুলি কি কথা আছে? আমি সকলো মানুহ৷ আমাৰ সকলোৰে তেজৰ বৰণো একেটাই৷ মুছলমানৰ তেজৰ ৰঙো ৰঙা, হিন্দুৰ তেজৰ ৰঙো ৰঙা৷ প্ৰকৃততে মানুহে ধৰ্মক বিশ্বাস নকৰা বাবেহে সমাজত বেয়া কামৰ সংখ্যা বৃদ্ধি পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ