অসম লাইভ২৪ঃ সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অসম জীয়াৰী লাভলীনা বৰগোহাঁইয়ে। লাভলীনাই ৭৫ কিঃগ্ৰাঃ শাখাত মেক্সিকোৰ ভেনেছা অৰ্টিজক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এককথাত কথ পাৰি লাভলীনাই অনায়াসেই এই খেলত বিজয় সাব্যস্ত কৰিছে।
বিপক্ষত থকা ভেনেছা আৰ্টিছৰ উচ্চতাও লাভলীনাতকৈ বহুগুনে কম আছিল। লাভলীনাই এই সন্দৰ্ভত কয়, ভেনেছাৰ উচ্চতা যিহেতু কম আছিল গতিকে মোৰ পক্ষে যুঁজাটো অসুবিধা হৈছিল। লগতে মই দূৰত্ব বজাই আক্ৰমণ কৰিছিলো। আজিৰ প্ৰদৰ্শনত জয়লাভ কৰিলেও মই সুখী নহয়। কাৰণ মই ভাৱো যে এই খেলত মই আৰু বেছি পাৰদৰ্শিতা দেখুওৱাব পাৰিলোহেতেন। যিহেতু এয়া মোৰ ৭৫ কেজি শাখাত প্ৰথম বিশ্ব চেম্পিয়নশ্বিপ, সেয়েহে ই অলপ কঠিন হৈছে, কাৰণ আন সকলো বক্সাৰে আগৰ পৰাই এই শাখাত খেলি আহিছে। কিন্তু মই বিশ্বাস কৰোঁ যে মই ভৱিষ্যতে আৰু ভালকৈ খেলিব পাৰিম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ