অসম লাইভ২৪ঃ নিষিদ্ধ প্ৰেমৰ প্ৰতি দূৰ্বলতা প্ৰায় প্ৰতিগৰাকী মানুহৰেই সহজাত প্ৰবৃত্তি৷ কি পুৰুষ, কি মহিলা প্ৰায়সংখ্যকেই এই মেৰপেচত সোমাই থাকে৷ বহুতৰেই ধাৰণা যে, বিবাহিত সংগীৰ সৈতে মানসিক দূৰত্ব আহিলেই মানুহে পৰকীয়া প্ৰেমৰ দিশেৰে খোজ আগবঢ়ায়৷ মানসিক দূৰত্বৰ লগতে শাৰিৰীক অপূৰ্ণতাও পৰকীয়া প্ৰেম বাঢ়ি যোৱাৰ অন্য এক কাৰণ বুলি বহুতেই ধাৰণা কৰে৷ বিবাহ বহিঃৰ্ভূত সম্পৰ্কক আমাৰ সমাজত কলংক বুলি আখ্যা দিয়াৰ বাবেই এইধৰণৰ সম্পৰ্কত বিশেষ আবুৰতাও আছে৷
আবুৰতা ভেদি এগৰাকী মহিলাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ কথা৷ মহিলাগৰাকীৰ নাম তেহমিনা কুইণ্টানা৷ তেহৰীণা তেওঁৰ বৈবাহিক জীৱনত সুখী নহয়৷ কিয়নো স্বামীয়ে বিগত তিনিবছৰ ধৰি পৰকীয়া প্ৰেমত মত্ত হৈ আছে৷ স্বামী ব্ৰায়াণ্টৰ কাৰ্যকলাপক লৈ ‘অপেন মেৰিজ’ৰ কথা ভাৱিবলৈ আৰম্ভ কৰিছে পত্নী তেহমিনে৷ তেহমিনে এই কথা প্ৰকাশ কৰিবলৈ গৈ সামাজিক মাধ্যমত লিখিছে, ‘মই ভাৱো, আমি যেতিয়া কোনো সম্পৰ্কত থাকো তেতিয়া সেই সম্পৰ্কক ধৰি ৰাখিবৰ বাবে সম্ভৱপৰ সকলোখিনি কৰাটোও এক দায়িত্বই৷ মই ব্ৰায়াণ্টৰ সৈতে সংসাৰখন চলাই ৰাখিব বিচাৰো৷ তেওঁ যদি পৰকীয়া প্ৰেমত সুখী তেন্তে তাত মোৰ আপত্তি কৰিবলগা তেনে কোনো কথা নাই৷’
ইয়াৰোপৰি তেহৰিণাই প’ষ্টত উল্লেখ কৰিছে, বিগত এবছৰ ধৰি মই এগৰাকী মুক্তমনৰ নাৰীৰ সন্ধান কৰি আছো৷ যিয়ে মোৰ স্বামীৰ সৈতে মুক্ত সম্পৰ্কত থাকিবলৈ দ্বিধাবোধ নাৰাখে৷ সেই বিশেষ নাৰীগৰাকী মোতকৈ বহু সুন্দৰ হ’লেও মোৰ ঈৰ্ষা নহ’ব৷ কিন্তু তেওঁ মোৰ স্বামীৰ ভাললগা হ’লেহে মই এই সম্পৰ্ক মানি ল’ম৷’
তেহৰিণৰ এই প’ষ্ট ভাইৰেল হৈ পৰাৰ পিছতেই এগৰাকী অষ্ট্ৰেলিয়ান মডেলে তেহৰিণে দিয়া স্বামীৰ বিশেষ ঠিকনাত যোগাযোগ কৰিছে৷ কায়ৰা নামৰ মডেলগৰাকীয়ে তেহৰিণৰ স্বামী ব্ৰায়াণ্টক দেখা কৰিবলৈকে নিউৱৰ্কলৈকো আহিছে৷ তেহৰিণ, ব্ৰায়াণ্ট আৰু কায়ৰাৰ মাজত গঢ়ি উঠিছে অটুত বন্ধন৷ ইপিনে ব্ৰায়াণ্টেও কায়ৰাৰ প্ৰেমত পৰা বুলি উল্লেখ কৰিছে৷ কায়ৰাৰ সৈতে শাৰিৰীক সম্পৰ্কতো সুখী বুলি জনাইছে ব্ৰায়াণ্টে৷ ব্ৰায়াণ্টৰ পাছতেই আকৌ তেহৰিণেও দিছে এটা বিশেষ প’ষ্ট, য’ত তেহৰিণে লিখিছে, ‘কায়ৰা অহাৰ পিছত ব্ৰায়াণ্টৰ সৈতে মোৰ সম্পৰ্ক মজবুত হৈছে৷ আমাৰ ইজনৰ প্ৰতি সিজনৰ মৰম আৰু শ্ৰদ্ধাও বাঢ়িছে৷ আমাৰ সংসাৰ সুখেৰে ভৰি পৰিছে৷ যি সুখ মই পূৰ্বে কাহানিও ব্ৰায়াণ্টৰ সৈতে সংসাৰ কৰি পোৱা নাছিলো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ