অসম লাইভ২৪ঃ ১৯৮৬ চনৰ ২৮ ফেব্ৰুৱাৰী। প্ৰেক্ষাগৃহচ মুক্তিলাভ কৰিছে ‘ইলজাম’ ছবিখনে। এই ছবিৰ পৰা হঠাৎ বাদ পৰি যায় মিঠুন চক্ৰবৰ্তী। মিঠুনৰ পৰিবৰ্তে হঠাতেই চিনেমাখনত দেখা গ’ল নতুন এখন মুখ। মিঠুনক সলনি কৰি কোন এই নতুন অভিনেতা বুলি সকলোৰে মাজত আৰম্ভ হয় চৰ্চা। অভিনয়, নাচ, কমেডিৰ লগতে একশ্ব্যনেই দৰ্শকৰ মন জিনি পেলাই।
কোন এই অভিনেতা বুলি সকলোৱে কৰা প্ৰশ্নৰ উত্তৰত তেতিয়া শশী কাপুৰ, শত্ৰুঘ্ন সিনহা, প্ৰেম চোপ্ৰা আৰু নীলমে পৃথকে পৃথকে কৈছিল নতুন অভিনেতা গোবিন্দ দুৰন্ত ঘোঁৰা। ইলজামৰ পূৰ্বেও গোবিন্দই ছবিত অভিনয় কৰিছে যদিও বিশেষ জনপ্ৰিয়তা পোৱা নাছিল। ইলজাম ছবিয়ে গোবিন্দক দিছিল নতুন পৰিচয়।
ইলজামৰ পাছত আৰু গোবিন্দই কাহানিও উভতি চাব লগা হোৱা নাই। এখনৰ পাছত আনখন সফল ছবি দৰ্শকলৈ আগবঢ়াই দিয়ে গোবিন্দই। ইলজামতো পূৰ্বে মিঠুন চক্ৰবৰ্তীকেই লোৱাৰ চৰ্চা সমগ্ৰতে চলিছিল যদিও হঠাতেই গোবিন্দক লোৱাক লৈ বলীউডত সেই সময়ত বিশেষ গুজৱো চলিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















