অসম লাইভ২৪ঃ কাৰাগাৰত HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এগৰাকী মহিলাসহ ৪৪ গৰাকী কয়দী আক্ৰান্ত হৈছে HIVত। এই ঘটনা উত্তৰাখণ্ডৰ কাৰাগাৰত। কিন্তু একেলগে কেনেকৈ ইমান কয়দী আক্ৰান্ত হ’ল HIVত? HIV আক্ৰান্ত আটাইকেইগৰাকী কয়দীকেই ভৰ্তি কৰোৱা হৈছে সুশীলা তিৱাৰী হাস্পতালত৷ তাতেই আটাইকেইগৰাকী কয়দীৰ চিকিৎসা চলিছে৷
হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি এই আটাইজন বন্দীয়েই মাদক দ্ৰব্য সেৱন কৰিছিল৷ একেলগে ইমান কেইগৰাকী বন্দী HIVত আক্ৰান্ত হোৱাত আটাইৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবেও জেল কৰ্তৃপক্ষক উপদেশ দিছে চিকিৎসালয় কৰ্তৃপক্ষই৷ সুশীলা তিৱাৰী হাস্পতালৰ চিকিৎসকে এই সন্দৰ্ভত কয়, ‘মাহত দুবাৰকৈ কয়দীসকলৰ স্বাস্থ্যপৰীক্ষা কৰাব লাগে৷ হাস্পতালৰ পৰা আমি এটা বিশেষ দল গঠনো কৰিছো৷ যিসকলে গৈ স্বাস্থ্যপৰীক্ষা কৰিব৷ যিসকলৰ সামান্য কিবা সমস্যা আছে সেইসকলক জে’লতেই ঔষধ দিয়া হ’ব৷’
কাৰাগাৰ সূত্ৰই জনোৱা অনুসৰি বিগত ফ্ৰেব্ৰুৱাৰীত ২৩ জন লোক আক্ৰান্ত হৈছিল HIVত৷ মাৰ্চত পুনৰ আক্ৰান্ত হৈছিল ১৭ গৰাকী৷ তাৰপূৰ্বে ১৪ গৰাকীৰ দেহত পোৱা গৈছিল এইডছৰ বীজাণু৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















