অসম লাইভ২৪ঃ হিমন্ত বিশ্ব শৰ্মা হিন্দুত্ববাদী নে মুছলমান বিৰোধী নেতা? শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে হিমন্ত বিশ্ব শৰ্মাই দেশৰ আগশাৰীৰ এক সংবাদগোষ্ঠীৰ আগত দিয়া এটা সাক্ষাৎকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল যে তেওঁৰ দৃষ্টিত আটাইতকৈ পৰিপক্ক তথা গুৰুত্ব থকা ৰাজনৈতিক নেতা কোন? চিনাক্ত কৰিবলৈ তেওঁক দিয়া হৈছিল তিনিটা অপশ্ব্যন। য’ত নাম আছিল ৰাহুল গান্ধী, আছাউদ্দিন ওৱেছি আৰু অৰবিন্দ কেজৰিৱালৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ উত্তৰত কয়, ‘এইসকলৰ মাজত কাকোৱেই ৰাজনেতা যেন নালাগে। পোনতেই যদি ৰাহুলৰ কথা কওঁ তেন্তে, ৰাহুলক নেতা বুলি কোনে ভাৱে। ইপিনে ওৱেচিৰ কথা যদি কওঁ ওৱেছি ৰাজনৈতিক নেতা কেনেকৈ হ’ব? ১-২ শতাংশ কট্টৰ মুছলিমেহে তেওঁক নেতা ভাৱে। আৰু অৰবিন্দ কেজৰিৱালক যদি চাওঁ তেওঁতো ফ্ৰি ইলেকট্ৰিছিটিৰ হে কিং। এওঁলোকৰ মাজত ৰাজনেতা ক’ত দেখিছে?’
ইপিনে ভীমাশংকৰক লৈয়ো প্ৰশ্ন সোধা হৈছিল মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীক সোধা হৈছিল, প্ৰকৃত ভীমাশংকৰ ক’ত আছে? অসমত নে মহাৰাষ্ট্ৰত? এই সন্দৰ্ভত উত্তৰত মুখ্যমন্ত্ৰী হিমন্তই কয়, ‘দুয়োটাতেই ভগৱান শিৱই বসবাস কৰে। আচল জ্যেতিৰ্লিংগ কোনটো ভগৱান শিৱই নিজেহে জানিব। তথাপিও মোৰ মতে ভীমাশংকৰ অসমতেই আছে। ইপিনে মহাৰাষ্ট্ৰৰ কিতাপতো হয়তো আছে এই জ্যোতিৰ্লিংগ তেওঁলোকৰ তাতেই আছে! মই এজন হিন্দু গতিকে দুয়োটা মন্দিৰতেই মোৰ আৰাধ্য দেৱতা আছে। মই পুনেতো যাওঁ, অসমৰ মন্দিৰতো যাওঁ। মহাৰাষ্ট্ৰৰ লোককো মই নিমন্ত্ৰণ জনাও, অসম আহক, ভীমাশংকৰ দৰ্শন কৰক।’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধা হৈছিল, তেওঁৰ মতে আটাইতকৈ শক্তিশালী হিন্দু নেতা কোন হিমন্ত বিশ্ব শৰ্মা নে যোগী আদিত্যনাথ? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কয় মইতো এতিয়াহে বিজেপি দলত আহিছো। ২০১৪ ত মই আহিছো তেওঁ বহু পুৰণি নেতা লগতে তেওঁ এখন ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মই এখন সৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী মোৰ সৈতে তেওঁৰ ক’ত তুলনা হ’ব। তেওঁ মোতকৈ শক্তিশালী নেতা হয়েই।’
আনহাতে মুখ্যমন্ত্ৰীক সোধা হৈছিল আপোনাৰ মতে ন্যায়িক ব্যৱস্থা কোনটো প্ৰকৃততে হ’ব লাগে, বুলড’জাৰ নে আইন? এই প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘বুলড’জাৰো দেশৰ আইন ব্যৱস্থাৰেই অংশ। আমিও বুলড’জাৰেৰে হাজাৰ মানুহৰ ঘৰ ভাঙি দিছো। বেদখল কৰি ঘৰ বন্ধা এতিয়ালৈ ২০০০০ বিঘা মাটি মই বুল’ডজাৰ চলাইয়ে মোকলাইছো। ৫০,০০০ৰো অধিক ঘৰ মই বুল’ডজাৰেৰে ভাঙিছো কিন্তু ইয়াৰ আঁৰত আছে কৰ্টৰ অৰ্ডাৰকপি।’
বলীউডৰ খবৰতো দেশৰ চুপাৰষ্টাৰ অভিনেতাৰ কথা সোধা হৈছিল মুখ্যমন্ত্ৰী শৰ্মাক। তেওঁক অপশ্ব্যনত দিয়া হৈছিল তিনি খানৰ নাম। ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খান। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘মই হিন্দী চিনেমা কম চাওঁ। আৰু চুপাৰষ্টাৰ মানেনো কি? মই এইসকল কোন চিনি নাপাও। অৱশ্যে আমিৰক মই জানো। তেওঁ অসমৰ বান সমস্যাৰ সময়ত চিএম ফাণ্ডত টকা ভৰাই দিয়ে। তেওঁৰ সৈতে অলপ অচৰপ কথা হৈছে। দ্বিতীয়তে ছলমানক মই অলপ জানো কিয়নো মোৰ পত্নীয়ে তেওঁৰ চিনেমা চায়। শ্বাহৰুখক মই জনা বেছিদিন হোৱা নাই। কিন্তু তেওঁলোকৰ পৃথিৱীত কিয় বিখ্যাত মই নাজানো। আমাৰ পৃথিৱী বেলেগ বেলেগ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ