• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

8 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

9 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

10 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

10 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

11 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

11 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

14 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

14 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

14 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’

editor by editor
June 8, 2023
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
জিলাত প্ৰথম হোৱা ছাত্ৰীয়ে কৰে দিনহাজিৰা! আত্মবিশ্বাসী কাৰ্মাই কৈছে, ‘এদিন আই এ এছ বিষয়া হমেই’
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ থ্ৰী ইডিয়ট চিনেমাখনত আমিৰ খানৰ এটা সংলাপ আছিল, ‘বচ্চে কাবিন বনৌ! কাময়াবী ঝক মাৰকে তুমহাৰে পিছে আয়েগি!’ এখন প্ৰান্তীয় পাহাৰীয়া গাওঁত জনজাতীয় কন্যা কাৰ্মা মুদুলিও আমিৰ খানৰ সেই ভাৱধাৰাৰে অনুপ্ৰাণিত৷ কাৰ্মাই কাবিল হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ দুচকুত আই এ এছ বিষয়া হোৱাৰ সপোন কাৰ্মাৰ৷ চহৰৰ পৰা বহু দূৰৰ এখন গাওঁ মালকানগিৰি৷ এই গাওঁত মূলত জনজাতিসকলেই বাস কৰে৷ প্ৰায়সংখ্যকেই দিনহাজিৰা কৰি পেট প্ৰৱৰ্তায়৷ পঢ়া শুনাৰ পৰা গাওঁখনৰ বেছিভাগ লোকেই দূৰত অৱস্থান কৰে৷ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ প্ৰায়েই নাই বুলিব পাৰি এই গাওঁৰ লোকসকলৰ৷ বছৰ বছৰ ধৰি অনাটনত ভোগা গাওঁবাসীয়ে দুবেলা দুমুঠি উপাৰ্জন কৰাটোতেই সৰ্বাধিক গুৰুত্ব দিয়ে৷ শিক্ষাৰ প্ৰতি বিশেষ আকৰ্ষণ নথকা এই গাওঁত শিক্ষিতৰ সংখ্যা মাত্ৰ ৬ শতাংশ৷ ছাত্ৰতকৈ ছাত্ৰীৰ শিক্ষিতৰ হাৰ আৰু কম৷ কিন্তু কাৰ্মা ব্যতিক্ৰম৷ কাৰ্মা কেৱল শিক্ষিতই নহয়, এগৰাকী মেধাৱী ছাত্ৰীও৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত জিলাখনৰ ভিতৰতেই শীৰ্ষ স্থান অধিকাৰ কৰিছিল কাৰ্মাই৷

কাৰ্মা উজলি উঠা ঘৰখনৰ প্ৰায়সংখ্যকেই অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পঢ়া৷ সমগ্ৰ দেশজুৰি উজ্বলিছে মেধাৱী কন্যা কাৰ্মাৰ নাম৷ কাৰ্মাই বাণিজ্য শাখাত ৮৮.৬৬ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে৷ কাৰ্মাৰ এই সফলতাই এবছৰ অতিক্ৰম কৰিছে৷ সকলোৱেই ধাৰণা কৰি লৈছে যে কাৰ্মাই নিশ্চয় কোনো কলেজত পঢ়াশুনা কৰি আছে৷ সকলোৱে ভৱাধৰণেই স্বাভাৱিকভাৱে আগবঢ়া নাই কাৰ্মাৰ শৈক্ষিক পথ৷ সম্প্ৰতি এখন গাওঁত দিনহাজিৰা কৰা দেখা গৈছে কাৰ্মাক৷ গাওঁখনৰ অন্য মহিলাৰ সৈতে দৈনিক হাজিৰা কৰিবলৈ ওলাই যায় কাৰ্মা৷ কেতিয়াবা যদি মূৰত ইটা বালি কঢ়িয়াইছে, কেতিয়াবা আকৌ কয়লাখনিত কাম কৰিছে কাৰ্মাই৷ পিতৃ-মাতৃয়ে কাৰ্মাক পঢ়োৱাবলৈ অৰ্থৰ যোগান ধৰিব নোৱাৰিলে৷

কাৰ্মাই সফলতা অৰ্জন কৰাৰ পাছতেই দেশৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থা কাৰ্মাক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল৷ উচ্চশিক্ষাৰ বাবে কাৰ্মাক সাহায্য আগবঢ়াবলৈ আহিছিল এইকেইটা সংস্থা৷ ভুৱনেশ্বৰৰ ৰমাদেৱী বিশ্ববিদ্যালয়ত নামভৰ্তী কৰিছিল কাৰ্মাই৷ কিন্তু উচ্চশিক্ষাৰ খৰচ মূৰত তুলি লোৱা সহজ কথা নহয়৷ এটা সাক্ষাৎকাৰত কাৰ্মাই কৈছিল, ‘পঢ়া শুনা কৰিবলৈ মোৰ ঘৰৰ পৰা অৰ্থ যোগান ধৰা সম্ভৱ নহয়৷ মই কলম কাগজৰ অভাৱত এনেকৈ পৰিছো যে মই কাঠ পেঞ্চিলেৰে লিখো যাতে আকৌ মোহাৰি তাত লিখিব পাৰো৷ কিন্তু কাগজ আৰু জীৱন একেই নহয়৷ জীৱনৰ পৃষ্ঠাত এবাৰ মোহাৰি আকৌ লিখিব নোৱাৰি৷ সেয়ে মই জীৱনৰ এটা মুহূৰ্তও অপব্যয় কৰিব নোৱাৰো৷ মই জানো টকা থাকিলে সপোনপূৰণ কৰিবলৈ সহজ৷ কিন্তু আমি দৰিদ্ৰ পৰিয়ালৰ মানুহ৷ দিনহাজিৰা কৰিয়েই আমি পেট প্ৰৱৰ্তাই আছো৷ মোৰ পঢ়াৰ খৰচ মা দেউতাক কি বুলি খুজিম! সেয়ে কলেজ নথকা দিনত মই হাজিৰা কৰিবলৈ ওলাই যাও৷’

আৰ্থিক দৈনতাৰ মাজতো কাৰ্মাই পঢ়া শুনাত গাফিলতি কৰা নাই৷ সপোনৰ সন্মুখত দাৰিদ্ৰতাক হেঙাৰ হ’বলৈ দিব নোখোজে কাৰ্মাই৷ কাৰ্মাৰ সপোন এগৰাকী আই এএছ বিষয়া হোৱাৰ৷ দিনহাজিৰা কৰি আহিও দৈনিক ৬-৭ ঘণ্টা পঢ়াশুনা কৰে কাৰ্মাই৷ বাণিজ্য শাখাৰ স্নাতকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী কাৰ্মা আত্মবিশ্বাসেৰে ভৰপুৰ এগৰাকী নাৰী৷ স্বেচ্ছাসেৱী সংস্থাৰ পৰা লাভ কৰা ধন অন্য কোনো কামত খৰচ নকৰি শিক্ষাৰ ক্ষেত্ৰতেই খৰচ কৰিব খোজে বুলিও সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে কাৰ্মাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?

কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?

মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.