নৱপ্ৰজন্মক নিচাৰ পৰা আঁতৰাই শিক্ষা, ক্ৰীড়া, দক্ষতা বিকাশ, কৰ্মসংস্থাপন আৰু সৃষ্টিশীল কাম-কাজৰ সৈতে জড়িত কৰাটো সময়ৰ আহ্বান। সেয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ৪ নৱেম্বৰ শনিবাৰে “নিচা মুক্ত যুৱ – বিকশিত ভাৰত” অভিযানৰ আয়োজন কৰা হয়। এই অভিযানৰ মূল উদ্দেশ্য হৈছে এখন নিচামুক্ত সমাজ গঢ়ি তোলা আৰু যুৱসমাজক সুস্থ, সক্ৰিয় তথা শৃংখলাবদ্ধ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হাজো–শুৱালকুছি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰকাশ চন্দ্ৰ দাস । অনুষ্ঠানত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক শ্ৰী ডি. কে. মিট্টল, সহকাৰী সঞ্চালক শ্ৰী ৰজনীশ কুমাৰ মিশ্ৰ আৰু শ্ৰী শিৱম পাণ্ডে উপস্থিত থাকে।

এই অভিযানত ৩০০ৰো অধিক লোকৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ পৰিলক্ষিত হয়। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত বিদ্যালয়ৰ শিক্ষাৰ্থী, ভাৰতীয় সেনাবাহিনীৰ জোৱান, ফিটনেছ অনুৰাগী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীৰ প্ৰশিক্ষণৰত খেলুৱৈ আৰু অন্যান্য ব্যক্তিসকল অন্তৰ্ভুক্ত আছিল। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে নিচামুক্ত আৰু সুস্থ সমাজ গঢ়ি তোলাৰ প্ৰতি এক সামূহিক অংগীকাৰৰ প্ৰতিফলন ঘটায়।

এই অভিযানৰ অংশ হিচাপে বিভিন্ন খেল-ধেমালী, যোগাভ্যাস, বিভিন্ন শাৰীৰিক সক্ষমতা বৃদ্ধিমূলক কাৰ্যকলাপ, জুম্বা নৃত্য, ৰছী টনা আদিৰ দৰে বিভিন্ন আনন্দদায়ক আৰু শাৰীৰিক সক্ষমতাভিত্তিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। খেলুৱৈ আৰু অংশগ্ৰহণকাৰীসকলে এই কাৰ্যসূচীসমূহত উৎসাহেৰে অংশগ্ৰহণ কৰি দলীয় মনোভাৱ, সহযোগিতা, ক্ৰীড়াসুলভ মনোভাব আৰু শাৰীৰিক সুস্থতাৰ পৰিচয় দিয়ে।

এই অভিযানৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে যুৱসমাজক ইতিবাচক কাৰ্যকলাপৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত ক্ৰীড়া, শাৰীৰিক ব্যায়াম আৰু বিনোদনমূলক কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। বিভিন্ন আন্তঃক্ৰিয়ামূলক খেল আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিমূলক কাৰ্যসূচীৰ জৰিয়তে যুৱসমাজক সঠিক সিদ্ধান্ত গ্ৰহণ আৰু নিচামুক্ত জীৱনশৈলী অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হয়।

এই কাৰ্যসূচীয়ে নিচাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ক্ৰীড়া প্ৰতিষ্ঠান, জনপ্ৰতিনিধি আৰু সমাজৰ সামূহিক প্ৰচেষ্টাৰ গুৰুত্বকো প্ৰতিফলিত কৰে। খেলুৱৈ আৰু কৰ্মচাৰীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে এখন সুস্থ, সবল আৰু দায়িত্বশীল সমাজ গঢ়ি তোলাৰ প্ৰতি একতাৰ মনোভাৱ আৰু অংগীকাৰ প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















