অসম লাইভ২৪ঃ
বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথক লৈ অশালীন পোষ্ট দিছিল শিখাই।
প্ৰয়াত জোনালী নাথৰ বিৰুদ্ধে শিখা শৰ্মাই ছ’চিয়েল মিডিয়াত অপমানজনক মন্তব্য কৰাৰ পিছতে জাঙৰ খাই উঠিছিল একাংশ লোক।
এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ দাখিল কৰিছিল।
আন দুগৰাকী সমাজসেৱী মহিলায়ো দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷
এজাহাৰৰ ভিত্তিতেই শুকুৰবাৰে পুৱা দিছপুৰ আৰক্ষীয়ে আটক কৰিছে শিখা শৰ্মাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ