অসম লাইভ২৪ঃ বিৰাট কোহলী৷ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এজন খেলুৱৈ৷ ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়কত্বৰ দায়িত্বও লৈছিল বিৰাটে৷ বাণিজ্যিক জগততো বিৰাট কোহলিৰ আছে বিশেষ দৰ৷ এটা সমীক্ষাই প্ৰকাশ কৰামতে বিৰাট কোহলীৰ সম্পত্তিৰ পৰিমাণ ১০০০ কোটিৰো অধিক৷ কৰ পৰা ইমান ধন আয় কৰে বিৰাট কোহলীয়ে?
বেছিভাগ ধনেই আয় কৰে বিজ্ঞাপনৰ পৰা৷ ক্ৰিকেটৰ পৰাও বহু ধন আয় কৰে বিৰাটে৷ বৰ্ডৰ সৈতে ক্ৰিকেটাৰৰ বাৰ্ষিক চুক্তিত সকলোতকৈ শীৰ্ষতেই আছে বিৰাট৷ বছৰত ক্ৰিকেট বৰ্ডৰ পৰাই ৭ কোটি লাভ কৰে বিৰাটে৷ ইয়াৰোপৰি টেষ্টৰ পৰা লাভ কৰে ১৫ লাখ টকা, এদিনীয়া মেচৰ পৰা লাভ কৰে ৬লাখ আৰু টি টোৱেণ্টিৰ পৰা লাভ কৰে প্ৰায় ৩লাখ৷ আইপিএলৰ দল আৰচিচিৰ পৰা বছৰত ১৫ কোটি লাভ কৰে বিৰাটে৷
সূত্ৰৰ খবৰ অনুসৰি প্ৰতিটো বিজ্ঞাপনৰ শ্বুটিঙত বিৰাটে প্ৰায় ৭ৰ পৰা ১০ কোটি ধন লয়৷ এয়া এদিনৰ এটা বিজ্ঞাপনৰ মজুৰি বিৰাটৰ৷ শ্বুটিঙৰ দিন বাঢ়িলে এই ধনৰ পৰিমানো বৃদ্ধি পায়৷ বৰ্তমান কোহলি ২৬ টা বিজ্ঞাপন কোম্পানীৰ সৈতে চুক্তিবদ্ধ৷ বিজ্ঞাপন কোম্পানীৰ পৰাই বছৰি প্ৰায় ১৭৫ কোটি টকা আয় কৰে কোহলিয়ে৷ সমাজমাধ্যমৰ পৰাও বহু ধন আয় কৰে কোহলীয়ে৷ ইনষ্ট্ৰাগ্ৰামত প্ৰতিটো পোষ্ট কৰাৰ বাবদ কোহলিয়ে লাভ কৰে প্ৰায় ৮ ৰ পৰা ৯ কোটি টকা৷ টুইটাৰত এই ধনৰ পৰিমান আৰু বেছি৷ টুইটাৰত এটা পোষ্টৰ পৰাই কেইবাকোটি লাভ কৰে বিৰাটে৷
ইফালে ব্যৱসায়ী হিচাপেও বেছ সফল৷ বিৰাটৰ আছে ৫টা ষ্টাৰ্ট আপ৷ দুখনকৈ ৰেষ্টুৰেণ্টৰো মালিক হোৱাৰ ওপৰিও কাপোৰৰো নিজা ব্ৰেণ্ড আছে বিৰাটৰ৷ বিভিন্ন ক্লাবটো কোহলিৰ বিনিয়োগ আছে৷ মুম্বাইত ৩৪ কোটি আৰু গুৰুগ্ৰামত ৮০ কোটিৰ দুটা বিলাসবহুল ঘৰো আছে বিৰাটৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ