অসম লাইভ২৪ঃ শান্ত হৈছে মণিপুৰ। দুমাহ পাছত বিদ্যালয় খুলিছে মণিপুৰৰ। আগন্তুক ৫ জুলাইৰ পৰা মণিপুৰৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বীৰেন সিঙে। সোমবাৰে এক বিবৃতিযোগে তেওঁ জনাই যে, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ হ’ব বিদ্যালয়সমূহত। মণিপুৰৰ অশান্তিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মে মাহৰ পৰাই বন্ধ ৰখা হৈছিল বিদ্যালয়সমূহৰ পাঠদান।
সোমবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰী বীৰেণ সিঙে জনাই যে বুধবাৰৰ পৰা আৰম্ভ হ’ব পাঠদান। যিহেতু মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি কিছু শান্ত হৈছে সেয়ে বিদ্যালয়সমূহ খোলা হৈছে। মেইতেই আৰু কুকি সম্প্ৰদায় থকা এলেকাসমূহত বৰ্তমানো নিৰাপত্তাৰক্ষী মোতায়েন কৰি ৰখা হৈছে। সোমবাৰে মণিপুৰৰ এনএইছ-২ ইম্ফল ডিমাপুৰত চলি থকা পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে কুকিসকলে। যাৰবাবে বৰ্তমান যাতায়াতৰ ব্যৱস্থাও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ