অসম লাইভ২৪ঃ ওড়িশাত হোৱা ৰে’ল দুৰ্ঘটনাৰ পাছতেই ৰে’লত যাত্ৰা কৰোতে এজন যাত্ৰীৰ জীৱনৰ নিৰাপত্তা সম্পৰ্কীয় কথাবোৰ আলোচনাৰ বিষয় হৈছে। এই দুৰ্ঘটনাৰ পাছৰে পৰাই ট্ৰেইনত যাত্ৰা কৰোতে এজন যাত্ৰীৰ জীৱনবীমাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছে। ৰে’লত যাত্ৰা কৰোতে টিকটৰ সৈতে মাত্ৰ ৩৫ পইছা বিনিয়োগ কৰি জীৱনৰ সুৰক্ষা নিশ্চিত কৰিব পাৰি।
IRCTCয়ে কম খৰচতে এই সেৱা আগবঢ়াইছে প্ৰতিজন ৰে’লযাত্ৰীক। ই-টিকট কাটোতেই এই অপশ্ব্যন দিয়া হয় IRCTCৰ ৱেবচাইটত। যাত্ৰীয়ে বুকিঙৰ সময়ত এই বিকল্প বাচনি কৰিব লাগে। টিকট এবাৰ বুক কৰাৰ পাছত কিন্তু এই বীমা পৃথককৈ আপুনি বুক কৰিব নোৱাৰিব। এই বীমা কৰোৱাটো IRCTCয়ে বাধ্যতামূলক কৰা নাই। IRCTCৰ ৱেবচাইটত ২০২১ চনৰ ১ নৱেম্বৰৰ পৰা এই সুবিধা দিয়া হৈছে।
ই-টিকট কাটোতে বীমাৰ বাবে আৱেদন কৰাৰ ৫টা লাভালাভ কি কি?
মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ১০,০০,০০০ টকা
ৰে’ল দুৰ্ঘটনাত সম্পূৰ্ণ বিকলাংগ হৈ পৰিলে লাভ কৰিব ১০,০০,০০০টকা
আংশিকভাৱে বিকলাংগ হ’লে লাভ কৰিব ৭,৫০,০০০ টকা
আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’লে লাভ কৰিব ২,০০,০০০টকা
ৰে’ল দুৰ্ঘটনাত মৃত্যু লোৱা লোকৰ নশ্বৰ দেহ পৰিবহনৰ বাবে দিয়া হয় ১০,০০০টকা
ৰে’লৰ বীমাৰ ধনৰ বাবে কেনেদৰে দাবী কৰিব?
ৰে’ল দুৰ্ঘটনা সংঘটিত হ’লে দুৰ্ঘটনাৰ ৪মাহৰ ভিতৰত বীমাৰ ধনৰ বাবে আৱেদন কৰিব। IRCTCয়ে আগবঢ়োৱা এই সুবিধাৰ বাবে যাত্ৰীসকলে বীমা কোম্পানীৰ কাৰ্যালয়লৈ গৈ বীমাৰ বাবে আৱেদন কৰিব লাগিব। বীমাৰ ধন লাভৰ বাবে যাত্ৰীগৰাকীৰ নমিনিৰ সম্পূৰ্ণ তথ্য দিব লাগিব। যাতে কোনো অইন লোকে তেওঁৰ নামত ধন ওলিয়াই নিব নোৱাৰে তাৰবাবেই এই বিশেষ ব্যৱস্থা কৰিছে IRCTCয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















