অসম লাইভ২৪ঃ ভাৰতৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ আজি ওপজা দিন। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে দেশৰ সৰ্ববৃহৎ পদত অধিষ্ঠিত হোৱাৰ পাছতো ডক্টৰ কালাম এজন বিনয়ী ব্যক্তি আছিল। সকলোৰে সৈতে খুবেই সাধাৰণভাৱে মিলামিছা কৰিছিল ডঃ এ পি জে আব্দুল কালামে। এ পি জে আব্দুল কালাম এজন বিজ্ঞানী হ’লেও ধাৰ্মিক তথা আধ্যাত্মিক ব্যক্তি আছিল। তেওঁৰ মনত কেনেদৰে শৈশৱতে প্ৰতিটো ধৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ বীজ ৰোপন হৈছিল সেই কথা তেওঁ নিজেই এক মন্তব্যত প্ৰকাশ কৰিছে।
শৈশৱৰ বহু বছৰ দ্বন্দৰ মাজেৰেই কটাইছিল কালামে
ডঃ আবুল পাকিৰ জয়নালআবেদিন আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত। তামিলনাডুৰ ৰামেশ্বৰমৰ এক মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এপিজে আব্দুল কালামে। তেওঁৰ পিতৃয়ে হিন্দু তীৰ্থযাত্ৰীৰ নৌকা চলাইছিল। কিন্তু পিতৃয়ে এপিজে আব্দুল কালাম সৰু থাকোতেই সেই কৰ্মক্ষেত্ৰ হেৰুৱাই। পিতৃয়ে কৰ্মক্ষেত্ৰ হেৰুৱাৰ পাছতেই আৰ্থিক সংকটত পৰে পৰিয়ালটো। ডঃ কালামৰ শৈশৱ খুবেই আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈছিল। পৰিয়ালটো চলাত সহায়ক হ’বৰ বাবেই তেওঁ কম বয়সতে কৰ্মক্ষেত্ৰত নামি পৰে। বাতৰিকাকত বিক্ৰিৰে তেওঁ ঘৰুৱা খৰচ উলিয়াই।
সৰুৰে পৰাই কৌতূহলী আছিল কালাম
ডঃ কালামে তেওঁৰ আত্মজীৱনী Wings of Fire(1999)ত তেওঁৰ শৈশৱৰ কথা উল্লেখ কৰিছে। গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত তেওঁ বিশিষ্ট কেইজনমান ব্যক্তিয়ে তেওঁৰ জীৱনত পেলোৱা প্ৰভাৱৰ কথাও উল্লেখ কৰিছে। তেওঁৰ আত্মজীৱনী পঢ়িলেই বুজা যায় যে সৰুৰে পৰাই তেওঁৰ বিজ্ঞানী হোৱাৰ প্ৰাথমিক গুণসমূহৰ কথা। তেওঁ পিতৃৰো এইক্ষেত্ৰত বহু অৰিহনা আছে। পিতৃয়েই কালামৰ মনত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰিছিল।
আধ্যাত্মিক বন্ধু
আব্দুল কালামৰ পিতৃয়ে প্ৰতিসময়তেই আধ্যাত্মিক বা ধৰ্মীয় কৌতূহলৰ উত্তৰ কালামক বস্তুনিষ্ঠভাৱে দি গৈছিল। একে সময়তে আধ্যাত্মিকতাৰ প্ৰতি শ্ৰদ্ধাভাৱো জীয়াই ৰখাত পিতৃয়ে লৈছিল বিশেষ ভূমিকা। তেওঁৰ পিতৃ আহমেদ জালালউদ্দিনে ডঃ কালামৰ ১৫ বছৰ বয়সৰ পৰাই ভাল বন্ধু হৈ পৰিছিল। পিতৃ আৰু কালামে মিলি ঈশ্বৰ আৰু আধ্যাত্মিকতা বিষয়ক কথাক লৈ আলোচনাত বহিছিল। তেওঁ ধৰ্মক লৈ সেয়ে কৈ গৈছে যে, মন্দিৰ আৰু মছজিদত কৰা প্ৰাৰ্থনাৰ মাজত প্ৰভেদ আছে।
এ পি জে আব্দুল কালামৰ কেইটামান মূল্যবান চিন্তা
১) আপুনি প্রথম সাফল্যৰ পাছত বিশ্ৰাম নল’ব কাৰণ আপুনি যদি দ্বিতীয় প্ৰচেষ্টাত ব্যৰ্থ হয় তেন্তে সমাজে ভাৱি ল’ব যে আপুনি প্ৰথম সফলতা ভাগ্যৰ বলতহে পাইছে।
২) আপুনি যদি আপোনাৰ মিছনত সফলতা বিচাৰে তেন্তে সেই বিষয়তেই আপুনি লক্ষ্য স্থিৰ কৰি ৰাখক।
৩) আপুনি যদি কোনো প্ৰচেষ্টাত ব্যৰ্থ হৈছে তেন্তে হাৰ মানি চেষ্টা বাদ নিদিব কাৰণ FAIL মানে শিকাৰ প্ৰথম প্ৰচেষ্টা।
৪) সৃজনশীলতা মানে একে সামগ্ৰীক ভিন্নধৰণে চিন্তা কৰা।
৫) যদি সফল হোৱাৰ অভিপ্ৰায় দৃঢ় হয় তেন্তে ব্যৰ্থতাই আমাৰ মনক ক্ষতি কৰিব নোৱাৰে।
৬) আমাৰ সকলোৰে সকলো বিষয়তে সমান প্ৰতিভা নাথাকিবও পাৰে কিন্তু প্ৰতিভা বিকাশৰ বাবে আমাৰ সকলোৰে সন্মুখত কিবা নহয় কিবা এটা সুযোগ আহেই।
৭) ভিন্নভাৱে চিন্তা কৰাৰ সাহস, উদ্ভাৱনৰ সাহস, নতুন অজানা পথত খোজ দিয়াৰ সাহস, অসম্ভৱক আৱিষ্কাৰ কৰাৰ সাহস আদি সমস্যাসমূহক জয় কৰিলেই সফল হ’ব।
৮) এখন দেশক দুৰ্নীতিমুক্ত কৰাৰ বাবে আমাৰ সমাজত ৩জন মানুহেই সেই সালসলনি আনিব পাৰিব। সেয়া হৈছে পিতৃ-মাতৃ আৰু শিক্ষক।
৯) যেতিয়া আমি বাধাৰ সন্মুখীন হওঁ, তেতিয়াই আমি নিজৰ মাজত থকা সাহস আৰু স্থিতিস্থাপকতা সম্পৰ্কে জানিব পাৰো। আমি নিজেই সচেতন হ’লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে।
১০) যেতিয়ালৈকে ভাৰতে বিশ্বৰ আইন আগশাৰীৰ দেশৰ সৈতে ফেৰ নামাৰে তেতিয়ালৈকে আমাক অন্য উন্নত দেশৰ নাগৰিকে সন্মান দিব বুলি আশা নকৰিব। শক্তিয়েহে শক্তিক সন্মান কৰে সেই কথা মনত ৰাখিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ