ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ সেই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৫গৰাকীকৈ লোকৰ সৎকাৰ একেলগে কৰাৰ সিদ্ধান্ত লৈছে গাওবাসীয়ে। বচাগাঁৱৰ লোকে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰি প্ৰশাসনক জনাইছে এই কথা। বচাগাঁৱৰ চৰণীয়া পথাৰত সকলো মৃতকে সৎকাৰ কৰাক লৈ উক্ত স্থান পৰিদৰ্শন কৰিছে গোলাঘাট জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ এটা দলে।
উল্লেখ কৰা প্ৰয়োজন যে, উক্ত শোকাৱহ ঘটনাত মৃত্যু হোৱা ১৫গৰাকী লোকৰ মৃতদেহ কিছু সময়ৰ পাছতে পৰিয়ালক লোকক চমজাই দিয়া হব। তাৰ পাছতে গাঁৱলৈ লৈ যোৱা হব মৃতদেহসমূহ। মৃত্যু হোৱা ১৫গৰাকীৰ ভিতৰত আছে তিনিটা শিশুও।
ইপিনে এই শোকাৱহ ঘটনাক লৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে নতুন এছ অ পি ঘোষনা কৰিছে। কুঁৱলী আঁতৰাৰ পাছতহে বনভোজকাৰী দলসমূহৰ বাহন চলিব লাগিব বুলি এক নতুন নিয়ম প্ৰণয়ন কৰিছে প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















