অসম লাইভ২৪ঃ আমিৰ খানৰ ঘৰ আলোক সজ্জাৰে সজাই তোলা হৈছে৷ এয়া দীপাৱলী নহয়৷ আমিৰৰ কন্যাৰ বিবাহৰ বাবেহে সজাই তোলা হৈছে আমিৰৰ বাসগৃহ৷ ৩ জানুৱাৰী অৰ্থাৎ আজি আমিৰ কন্যা ইৰাৰ বিয়া৷ মঙলবাৰে আছিল হালধিৰ অনুষ্ঠান৷ নিশা প্ৰাক বিবাহৰ বিভিন্ন নিয়ম কানুন কৰা হৈছিল৷ ইৰাৰ মাতৃ ৰীণা দত্তসহ আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাওক দেখা গৈছে ইৰাৰ প্ৰাক বিবাহৰ অনুষ্ঠানত৷
বিবাহৰ পূৰ্বে আয়োজিত হালধিৰ অনুষ্ঠানৰ ছবি এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল৷ কিৰণ, ৰীনা, আমিৰৰ পোছাকক লৈ চলিছে চৰ্চা৷ ইৰাকো হালধিৰ দিনাই দেখা গৈছে ছুটি হাফপেণ্ট-চাৰ্টত৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহত জাকজমকতাৰে দীৰ্ঘদিনৰ প্ৰেমিক নূপুৰ শিখৰৰ সৈতে বাগদান সম্পন্ন কৰিছিল ইৰাই৷ এইবাৰ বিয়া৷ ইৰা-নুপূৰৰ বিয়াত আজি উপস্থিত থকা অতিথিসকলেও মানি চলিব লাগিব কিছু বিশেষ নিয়ম৷ বলীউডৰ বিয়া বুলি ক’লেই বিপুল আয়োজন, কোটি কোটি টকাৰ খৰচ, ডেষ্টিনেশ্ব্যন ৱেডিং এই পৰম্পৰাই মানি চলা হয়৷ কিন্তু আমিৰৰ কন্যাৰ বিবাহৰ কথা অন্যতকৈ বেলেগ৷ আমিৰে নিজেও সাধাৰণভাৱে থাকি ভালপায় বাবেই সন্তানকো সাধাৰণভাৱে থাকিবলৈকে শিক্ষা দিছে৷ তেওঁ সন্তানক সহজ-সৰল জীৱন কটোৱাৰ লগতে শিক্ষা দীক্ষাতহে আগৰণুৱা হোৱাৰ শিক্ষা দিছে৷
উল্লেখ্য যে আজি বিবাহৰ অনুষ্ঠানত একেবাৰে ঘনিষ্ঠ বন্ধুবান্ধৱী আৰু পৰিয়ালৰ লোকহে উপস্থিত থাকিব৷ ইৰাৰ হ’বলগীয়া স্বামী নূপুৰ মাৰাঠি সম্প্ৰদায়ৰ৷ বিবাহত সেয়ে সম্পূৰ্ণ মাৰাঠি নিয়মেই কৰা হৈছে৷ কোনো ডেষ্টিনেশ্ব্যন ৱেডিং নহয়৷ মুম্বাইৰ নিজা বাসগৃহতেই অনুষ্ঠিত হ’ব বিবাহৰ অনুষ্ঠান৷ বলীউড তাৰকা সন্তানৰ বিয়াত নানান বিধি নিষেধ থাকে৷ ছবি তোলা, সাজ পোছাক, ইত্যাদি পূৰ্বেই যাতে ভাইৰেল নহয় তাৰ যাৱতীয় ব্যৱস্থা কৰা হয়৷ ইৰা-নূপুৰৰ বিবাহত অৱশ্যে এনে কোনো ধৰাবন্ধা নিয়ম নাই৷ বিবাহত উপস্থিত হোৱা অতিথিয়ে কেৱল মানিব লাগিব এটাই নিয়ম৷ কোনো অতিথিয়েই হাতত যাতে উপহাৰৰ টোপোলা লৈ নাহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















