অসম লাইভ২৪ঃ চৰকাৰে মাজুলীলৈ আহিবলৈ ফেৰী নিদিলে টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ’ব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ এই বিশেষ মন্তব্য প্ৰদ্যুত বৰদলৈৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ মাজুলীত এতিয়া ভীৰ কৰিছে বহুসংখ্যক কংগ্ৰেছী নেতাই। ৰাহুলৰ এই ন্যায় যাত্ৰাৰ বাবেই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰৰ অনুমতি বিচাৰি মাজুলীত উপস্থিত হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ।
মাজুলীলৈ গৈ ৰাহুলে আউনীআটী সত্ৰতেই মাজুলীৰ কেইবাগৰাকীও সত্ৰাধিকাৰক সাক্ষাৎ কৰিব। এই বিষয় সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘ৰাহুল গান্ধীয়ে হিংসাজৰ্জৰ মণিপুৰৰ পৰা মুম্বাইলৈ এই যাত্ৰা আৰম্ভ কৰিছে। মণিপুৰ জ্বলি আছে সেই বিষয়টোক লৈ শাসক দলৰ কোনো গুৰুত্বই নাই। তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণো আছে। মণিপুৰৰ পৰা লোকসভাত মাত্ৰ দুখন আসন আছে সেয়ে তেঁওলোকৰ মণিপুৰৰ প্ৰতি বিশেষ গুৰুত্ব নাই। সেয়ে ৰাহুল গান্ধীয়ে মণিপুৰৰ জনতাক যাতে সকলোৱে ন্যায় দিয়ে সেই বিষয়টোত গুৰুত্ব দিছে। তেওঁ মণিপুৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত অসমক সামৰি লৈছে। অসমৰ বিশেষকৈ মাজুলীত তেওঁ আহিব খুজিছে। মাজুলীক জনাৰ, কাষৰ পৰা অনুভৱ কৰাৰ হেঁপাহ আছে তেওঁৰ মনত। জৱাহৰলাল নেহৰু প্রধানমন্ত্ৰী হৈ থাকোতে সেই সময়ৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামী মিলিত হৈছিল নেহৰুৰে। নেহৰুৱে তেওঁক প্ৰতিশ্ৰুতি দিছিল, মাজুলীলৈ তেওঁ আহিব। কিন্তু বহু কাৰণবশত জৱাহৰলাল নেহৰুৰ মাজুলীলৈ অহা নহ’ল। তৎসত্ত্বেও মাজুলীৰ চৰ্চা কিন্তু তেওঁলোকৰ পৰিয়ালত প্ৰায় সময়তে হয়। মাজুলীৰ প্ৰতি তেওঁলোকৰ এটা শ্ৰদ্ধাৰ মনোভাৱ আছে। মাজুলীয়ে আমাৰ অসমীয়াৰ শিঁপা ধৰি আছে বুলিলেও ভুল নহয়। এই বৰঘৰৰ ভেঁটী গৰকাৰ বহু হেঁপাহ বুকুত বান্ধি ৰাহুল আহি আছে। কিন্তু ৰাহুল গান্ধী অহা দিনটোত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মাজুলীত ৰেচনকাৰ্ড দিয়াৰ অনুষ্ঠান পাতিছে। ৰাহুলৰ অনুষ্ঠানলৈ যাতে মহিলাসকল ওলাই আহিব নোৱাৰে চৰকাৰে তাৰ বাবে বিভিন্ন আঁচনি মুকলিৰ লোভ দেখুৱাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। মাজুলীলৈ ৰাহুল গান্ধীৰ যাত্ৰাক চৰকাৰী প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰে। আমি সেইবোৰলৈ পৰুৱাই নকৰোঁ।’
১৯ জানুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে মাজুলী ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন কৌশলেৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি মাজুলীৰ আউনীআটী সত্ৰত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছে। মাজুলীলৈ আহিবলৈ বৰ্তমানো ফেৰী সেৱাৰ অনুমতি লাভ নকৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ বৰদলৈয়ে চৰকাৰে ফেৰী নিদিলে টুলুঙা নাৱেৰেই ৰাহুল গান্ধী মাজুলীলৈ পাৰ হ’ব বুলি কয়। চৰকাৰে ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণ বিফল কৰিবলৈ বিভিন্ন আঁচনি মুকলিৰ লোভ দেখুৱাই এক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে তেনে প্ৰতিবন্ধকতাই ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দিব নোৱাৰে আৰু তেনে প্ৰতিবন্ধকতাক পৰুৱাই নকৰোঁ বুলিও মন্তব্য আগবঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















