অসম লাইভ২৪ঃ উদ্যোগী গৌতম আদানীক প্ৰতিসময়তে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ৰাহুল গান্ধীৰ দলেই আকৌ আদানীৰ সৈতে কৰিছে বুজাবুজিৰ চুক্তি। বুধবাৰে ৰাহুলৰ দলৰ নেতা তথা তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ‘মউ’ স্বাক্ষৰ কৰিছে আদানী গোষ্ঠীৰ সৈতে। ৰেৱন্তে মুখ্যমন্ত্ৰী হিচাপে শপত সৈছে বিগত ৮ ডিচেম্বৰত। ৱাৰ্ল্ড ইকনমিক ফৰাম আৰু তেলেংগানা চৰকাৰে যৌথভাৱে কিছু পৰিকল্পনা হাতত লৈছে। এই চুক্তিৰ বেছিভাগেই তথ্যপ্ৰযুক্তি আৰু শক্তি সংক্ৰান্তিয়। এই প্ৰকল্পত ১২৮০০ কোটি টকাৰ ‘মউ’ স্বাক্ষৰিত হৈছে। এই স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল গৌতম আদানীও।
ৰেৱন্তৰ সৈতে আদানীৰ ছবিক লৈ ইতিমধ্যে সামাজিক মাধ্যমত ট্ৰল কৰি থকা হৈছে কংগ্ৰেছ দলক। গেৰুৱা শিবিৰে এই ফটো শ্বেয়াৰ কৰি কংগ্ৰেছ দলক সমালোচনা কৰি লিখিছে কেইবাটাও লেখা। আদানীৰ বিভিন্ন সংস্থা এই প্ৰকল্পৰ সৈতে যুক্ত হ’ব। ইয়াৰ মাজতেই আছে ‘গ্ৰীণ এনাৰ্জী’ৰ মাধ্যমেৰে পানী সৰবৰাহ কৰা প্ৰকল্পও। ইয়াৰোপৰি ড্ৰোন আৰু মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰতো বৃহৎ বিনিয়োগ কৰিব আদানী গোষ্ঠীয়ে। আদানী গোষ্ঠীৰ তৰফৰ পৰা জনোৱা অনুসৰি, হায়দৰাবাদ এই সময়ত তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগৰ এলেকা হিচাপে দেশৰ মাজত বিশেষ। এই কথা মনত ৰাখিয়েই ৱাৰ্ল্ড ইকনমিক ফৰাম আৰু তেলেংগানা চৰকাৰে যৌথ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে।
প্ৰধানমন্ত্ৰীক আদানীৰ সখীয়েক বুলি ৰাহুলে বিগত কেইবাবছৰ ধৰি আক্ৰমণ চলাই আহিছে। এই বিষয়টোক লৈ কেইবাবাৰো উত্তাল হৈ পৰিছে সংসদ। আদানীৰ শ্বেয়াৰত দুৰ্নীতি থকা বুলি হিণ্ডেনবাৰ্গে ৰিপৰ্ট দিয়াৰ পাছতেই বিষয়টোক লৈ আক্ৰমণাত্মক কেইবাটাও মন্তব্য কৰিছিল ৰাহুলে। ভাৰত জোড়ো ন্যায় যাত্ৰাত থকা ৰাহুলে মঙলবাৰেও আদানীক আক্ৰমণ কৰি কেইবাটাও মন্তব্য কৰিছে। ৰাহুলে কৈছে, ‘নৰেন্দ্ৰ মোদী চৰকাৰৰ নীতি হৈছে হাম দৌ, হামাৰে দৌ। জনসংখ্যা নিয়ন্ত্ৰণৰ শ্লোগান ধাৰ কৰি ৰাহুলে বুজাব বিচাৰিছে যে, চৰকাৰ চলাবলৈ দুজন মানুহ মোদী-শ্বাহ আৰু তেওঁলোক দুজনৰ বাবে দুজন ফাইনেন্সাৰ আদানি আৰু আম্বানী।
মোদীৰ সৈতে আদানীক সামৰি বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেচ সাংসদ মহুৱা মৈত্ৰইয়ো। মহুৱাৰ মন্তব্যৰ সৈতে একমত হৈছে ৰাহুল গান্ধী। মহুৱা বৰ্তমান কেইবাটাও অভিযোগত লোকসভাৰ পৰা বহিষ্কৃত। ৰাহুলে আক্ৰমণ কৰি থকাৰ সময়তে বুধবাৰে মুখ্যমন্ত্ৰী ৰেৱন্তে আদানীৰ সৈতে কিয় চুক্তি স্বাক্ষৰ কৰিলে সেই বিষয়টোক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















