• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি শাসিত ৰাজ্যত অৰ্ধছুটী, কংগ্ৰেছ শাসিত ৰাজ্যত আকৌ পূৰ্ণছুটী! ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কংগ্ৰেছে সমালোচনা কৰিলেও ল’লে এই বৃহৎ সিদ্ধান্ত

বিজেপি শাসিত ৰাজ্যত অৰ্ধছুটী, কংগ্ৰেছ শাসিত ৰাজ্যত আকৌ পূৰ্ণছুটী! ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কংগ্ৰেছে সমালোচনা কৰিলেও ল’লে এই বৃহৎ সিদ্ধান্ত

3 years ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

27 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

2 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

3 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

3 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

4 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

18 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

18 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

19 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি শাসিত ৰাজ্যত অৰ্ধছুটী, কংগ্ৰেছ শাসিত ৰাজ্যত আকৌ পূৰ্ণছুটী! ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কংগ্ৰেছে সমালোচনা কৰিলেও ল’লে এই বৃহৎ সিদ্ধান্ত

editor by editor
January 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিজেপি শাসিত ৰাজ্যত অৰ্ধছুটী, কংগ্ৰেছ শাসিত ৰাজ্যত আকৌ পূৰ্ণছুটী! ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক কংগ্ৰেছে সমালোচনা কৰিলেও ল’লে এই বৃহৎ সিদ্ধান্ত
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম মন্দিৰত ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। নিৰাপত্তা কৰ্মীও মোতায়েন কৰা হৈছে। নিৰাপত্তা কৰ্মীসকলৰ ওপৰিও এন এছ জি আৰু এছ পি জিঅ’ কমাণ্ডাৰো মোতায়েন কৰা হৈছে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব সোমবাৰে। সমগ্ৰ ৰাম জন্মভূমিত নিশ্চিদ্ৰ নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছে। কেন্দ্ৰৰ পৰা ৰাজ্য পৰ্যন্ত ২৫ হাজাৰৰো অধিক আৰক্ষীয়ে অযোধ্যাত কেম্প কৰিছে। ইয়াৰোপৰি অযোধ্যাত RAWৰ এজেণ্টো মোতায়েন কৰা হৈছে।

৩ দিন ধৰি অযোধ্যাত বহিৰাগতৰ প্ৰৱেশ বন্ধ। অনুষ্ঠানৰ পূৰ্বে লখিমপুৰ পৌৰসভা বৰ্ডেও লৈছে এটা ডাঙৰ সিদ্ধান্ত। বৰ্ড মিটিঙত অযোধ্যাৰ ৩এলেকাক ৰাম, জানকী, আৰু পৰশুৰামৰ নামেৰে নামকৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে। উত্তৰপ্ৰদেশৰ প্ৰায় সকলো চৰকাৰী দপ্তৰৰে ছুটী ঘোষণা কৰিলেও হাস্পতালসমূহ কিন্তু ২৪ ঘণ্টাই খোলা থাকিব। ১৫ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰপ্ৰদেশৰ কোনো হাস্পতালৰ চিকিৎসকেই ছুটী নাপায়।

ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখনেই দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নিয়ম লাঘু কৰা হৈছে। কংগ্ৰেছ শাসিত হিমাচল প্ৰদেশতো এই দিনটোত পূৰ্ণ ছুটীৰ ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী সুখুয়ে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধন উপলক্ষে সেই ৰাজ্যত ছুটী ঘোষণা কৰিছে। সোমবাৰৰ দিনটোত আমাৰ ৰাজ্যতো আবেলি ৪বজা পৰ্যন্ত মাছ, মাংসৰ দোকান বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰোপৰি ড্ৰাই ডে আৰু সোমবাৰৰ দিনটোত কোনো ৰেষ্টুৰেণ্টে বিক্ৰি কৰিব নোৱাৰিব আমিষ খাদ্য।

ৰাম মন্দিৰৰ অনুষ্ঠানৰ সৈতে সংগতি থকা এইকেইটা কথা এতিয়াই জানি থওক
১) ২০০২ চনত গুজৰাটৰ গোধৰা কাণ্ডত নিহত ৫৯জনৰ ভিতৰত ১৯ জন কৰসেৱকৰ পৰিয়ালে ২২ জানুৱাৰীৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। শনিবাৰে বিশ্ব হিন্দু পৰিষদৰ এগৰাকী কৰ্মীয়ে প্ৰকাশ কৰিছে এই তথ্য। তেওঁ কয়, ‘গুজৰাটৰ অন্যান্য আমন্ত্ৰিত লোকৰ তালিকাত থকা ৩২০জন সাধু আৰু ১০৫ জন সমাজৰ বিশিষ্ট সদস্য।
২) ২২জানুৱাৰীত জন্মু-কাশ্মীৰৰ চৰকাৰী অফিচসমূহত অৰ্ধছুটীৰ ঘোষণা কৰা হৈছে।
৩) প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত কি কি হ’ব সেই বিষয়েও তথ্য প্ৰকাশ কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। সমস্ত শাস্ত্ৰীয় নিয়ম অনুসৰণ কৰি, বিয়লি অভিষেক অনুষ্ঠান আয়োজন কৰা হ’ব। বৰ্তমান প্ৰাণ প্ৰতিষ্ঠাৰ আচাৰ-অনুষ্ঠান চলিছে, ১৬ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে এই অনুষ্ঠান অব্যাহত আছে। বিগত ৭ দিনত কি কি অনুষ্ঠান চলিছে সেই সম্পৰ্কেও তথ্য দাঙি ধৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে।

১৬ জানুৱাৰীতঃ প্ৰায়শ্চিত্ত আৰু কৰ্মকুটি পুজা
১৭ জানুৱাৰীঃ কেম্পাছত বিগ্ৰহৰ মূৰ্তি স্থাপন
১৮ জানুৱাৰীঃ তীৰ্থ পুজা, পানী তোলা কাৰ্য
১৯ জানুৱাৰীঃ ঔষধি অধিবাস, কেছৰ অধিবাস, ঘৃত অধিবাসষ ধ্যানাধিবাস
২০ জানুৱাৰীঃ শত্ৰুধিবাস, ফলধিবাস, পুষ্পধিবাস
২১ জানুৱাৰীঃ মধ্যধিবাস, শয্যাশায়ী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱত, উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্টজনৰ উপস্থিতিত এই পবিত্ৰ কৰ্ম সমাপন হ’ব।

২২ জানুৱাৰীত অযোধ্যাত অভিষেক অনুষ্ঠানৰ কথা ভাৱি AIIMS ভুৱনেশ্বৰেও অৰ্ধছুটিৰ ঘোষণা কৰিছিল যদিও অৱশেষত প্ৰত্যাহাৰ কৰিছে। সমালোচনাৰ পাছতেই হাস্পতালতো অৰ্ধছুটীৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে।

দেওবাৰে নিশা ৮ বজাত নতুন মন্দিৰত স্থাপন কৰা হ’ব পুৰণা বিগ্ৰহ।

বিভিন্ন বিভাগৰ ১৫ জন অতিথিয়ে ৰামলালৰ প্ৰাণৰ পূজাত অংশ ল’ব। এই অনুষ্ঠানৰ বিশেষ অতিথি হৈছে কাশীৰ ডোমৰজা।

অযোধ্যাত পুজাৰ পূৰ্বে সকলো প্ৰস্তুতি সম্পন্ন হৈছে।

উত্তৰপ্ৰদেশত এগৰাকী ভক্তই ভগৱান ৰামৰ বাবে ৬ফুট দীঘল খাদ তৈয়াৰ কৰিছে।

আফ্ৰিকান, আমেৰিকান অভিনেত্ৰী আৰু হলীউডৰ গায়িকা মেৰি মিলবেনে ৰামৰ প্ৰাণ প্ৰতিষ্ঠাক দীপাৱলীৰ দৰেই অনুভৱ কৰিছে বুলিও এক বাৰ্তা এৰিছে। তেওঁ কয়, ‘আমি ২২ জানুৱাৰীক দীপাৱলী অনুভৱ কৰিছো। মই দুঃখিত যে মই ভাৰতত নাই। তথাপিও মই এই দিনটোক উদযাপন কৰিম।’

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম এতিয়া চেলিব্ৰেছন মুডত আছে, কাইলৈ ৰাহুল গান্ধীক ৰেলী কেনছেলৰ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, ‘আমি এই আক্ৰমণৰ হিচাপ আমি লম’

ভূপেন বৰাৰ নাকত বিজেপি কৰ্মীৰ প্ৰচণ্ড ঘোঁচা! ভূপেন বৰাই ক’লে, 'আমি এই আক্ৰমণৰ হিচাপ আমি লম’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.