অসম লাইভ২৪ঃ বিগত লোকসভা নিৰ্বাচনত ‘চব কা চাথ, চব কা বিকাশ, চব কা প্ৰয়াস’ শ্লোগানক সকলোৰে সন্মুখত ৰাখি আগবাঢ়িছিল বিজেপিয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান আনিছে কেন্দ্ৰৰ শাসক দলে। কেন্দ্ৰই অনা নতুন শ্লোগান হৈছে, ‘স্বপ্নে নেহি হকিকত বনতে হে, ইছ লিয়ে তো চব মোদী কৌ চুনতে হে।’ এই বিশেষ শ্লোগান লঞ্চ কৰিছে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডাই। সেই শ্লোগানেৰেই এইবাৰ বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইয়াৰোপৰি এটা ২ মিনিট ২০ছেকেণ্ডৰ এটা মিউজিক ভিডিঅ’ তৈয়াৰ কৰা হৈছে।
বিশেষ মিউজিক ভিডিঅ’ত কি আছে?
২০১৪ চনৰ পূৰ্বে দেশৰ উন্নয়নৰ যি ধাৰা আছিল সেই বিশেষ ছবিয়েই তুলি ধৰা হৈছে মিউজিক ভিডিঅ’ত। উন্নয়ন থমকি যোৱা দেশত নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্ৰী হৈ সকলোৰে আশাৰ দেশ এখন গঢ়াত সক্ষম হোৱা বুলিও ভিডিঅ’ত দেখুওৱা হৈছে। দেশৰ মানুহক দিয়া সকলো প্ৰতিশ্ৰুতিও পূৰণ কৰিছে মোদীয়ে সেই কথাও ভিডিঅ’টোত দেখুওৱা হৈছে। ইয়াৰোপৰি উন্নয়ণমূলক প্ৰকল্পৰো গুণগান কৰা হৈছে এই ভিডিঅ’ত।
https://x.com/JPNadda/status/1750408890121077088?s=20
নৰেন্দ্ৰ মোদীৰ ওচৰত দেশৰ জনতাৰ গুৰুত্ব অতি বেছি সেই কথা ভিডিঅ’টোত প্ৰচাৰ কৰা হৈছে। ভিডিঅ’ত কোৱা হৈছে আত্মপ্ৰচাৰৰ পৰিবৰ্তে কামক বেছি গুৰুত্ব দিছে প্রধানমন্ত্ৰীয়ে। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ গৃহীত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান-৩ৰ সফলতা, বন্দে ভাৰত এক্সপ্ৰেছৰ কথাও তুলি ধৰা হৈছে। ইয়াৰোপৰি ভাৰতৰ কুটনৈতিক সাফল্যকো ভিডিঅ’টোত দেখুওৱা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ সফল বৈদেশিক নীতি বৰ্তমান বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানত উঠাত সহায় কৰিব বুলিও মিউজিক ভিডিঅ’টোত প্ৰকাশ কৰা হৈছে। ২০১৯ চনত ‘চব কা ছাথ, চব কা বিকাশ, চব কা প্ৰয়াস শ্লোগানৰ ওপৰত ভৰ দিয়েই লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হৈছিল বিজেপিয়ে।
এইবাৰৰ নিৰ্বাচনক বিজেপিৰ লক্ষ্য ৪০০ খন আসন। ‘স্বপ্নে নেহি হকিকত বনতে হে, ইছ লিয়ে তো চব মোদী কৌ চুনতে হে। এই শ্লোগানেৰে সেই লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’বনে সেয়াহে সময়ৰ হাতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















